ETV Bharat / state

Criminal arrested by Lakhimpur police: সীমাহীন অপৰাধত অভিযুক্ত গেৰজাইক পুনৰ গ্ৰেপ্তাৰ

author img

By

Published : Jan 24, 2022, 6:08 PM IST

Updated : Jan 24, 2022, 7:16 PM IST

আকৌ আৰক্ষীৰ জালত পৰিল প্ৰায় সকলো ধৰণৰ অপৰাধৰ লগতে জড়িত গেৰজাই ওৰফে ৰাজু বৰুৱা (Criminal arrested by Lakhimpur police)৷ এবাৰ আৰক্ষীয়ে কৰায়ত্ব কৰাৰ পিছত ক’ভিডত আক্ৰান্ত অপৰাধীটো আছিল লখিমপুৰ মেডিকেল কলেজত ৷ তাৰ পৰাও পলাই যোৱা গেৰেজাইক সোমবাৰে লখিমপুৰ আৰক্ষীয়ে পুনৰ কৰায়ত্ব কৰে ৷

Criminal arrested by Lakhimpur police
সীমাহীন অপৰাধৰ গৰাকী গেৰজাইক পুনৰ গ্ৰেপ্তাৰ

লখিমপুৰ, ২৪ জানুৱাৰী : আকৌ ৰণত পৰিল গেৰজাই । দেওবাৰে শনিবাৰে লখিমপুৰ মেডিকেল কলেজৰ পৰা আৰক্ষীৰ বেষ্টনী ফালি পলোৱা দুধৰ্ষ অপৰাধী গেৰজাই ওৰফে ৰাজু বৰুৱাক পলাতক অৱস্থাত সোমবাৰে আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Criminal arrested by Lakhimpur police)। হত্যা, ধৰ্ষণ, অপহৰণ, ধনদাবী, ডকাইতিকে আদি কৰি বহুকেইটা অপৰাধৰ লগত জড়িত গেৰজাই ওৰফে ৰাজু বৰুৱাক আৰক্ষীয়ে পুনৰ কৰায়ত্ব কৰিছে ৷

মেডিকেল কলেজৰ পৰা পলায়ন কৰি নিজৰ গাঁৱতে লুকাই থকা অৱস্থাত ঢকুৱাখনা আৰক্ষীয়ে সোমবাৰে বিয়লি স্থানীয় ৰাইজৰ সহযোগত কৰায়ত্ব কৰিবলৈ সক্ষম হয় গেৰজাইক । দুধৰ্ষ গেৰজাইক ২০২১ চনৰ ২৪ ছেপ্টেম্বৰৰ নিশা ৮ বজাত ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিৰঞ্জন বৰুৱা আৰু মহকুমা আৰক্ষীয়ে গুলীচালনা কৰি গ্ৰেপ্তাৰ কৰিছিল ৷

সীমাহীন অপৰাধত অভিযুক্ত গেৰজাইক পুনৰ গ্ৰেপ্তাৰ

ঢকুৱাখনা জালভাৰী গাঁও নিবাসী গেৰজাইক বিভিন্ন হত্যাৰ অভিযোগত এনকাউণ্টাৰ কৰি গ্ৰেপ্তাৰ কৰিছিল । পৰৱৰ্তী সময়ত কাৰাগাৰত থকা গেৰজাই ওৰফে ৰাজু বৰুৱা ক’ভিডত আক্ৰান্ত হোৱাৰ বাবে লখিমপুৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছিল ৷

আৰক্ষী চকুত ধূলি দি শনিবাৰৰ দিনা পুৱতি নিশা পলায়ন কৰিছিল গেৰেজায়ে (Criminal flees from covid centre) ৷ দুটা দিনৰ অন্তত সোমবাৰে ঢকুৱাখনা আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত কৰায়ত্ব কৰিবলৈ সক্ষম হয় দুধৰ্ষ অপৰাধীটোক । গেৰজাইক পুনৰ গ্ৰেপ্তাৰ কৰাত অঞ্চলবাসীয়ে স্বস্তিৰ নিশ্বাস পেলাইছে ।

লগতে পঢ়ক: গঁড় হত্যা ৰোধ কৰিবলৈ কাজিৰঙাত ব্যৱহাৰ হ’ব কমাণ্ডো বাহিনী

Last Updated : Jan 24, 2022, 7:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.