মোদী মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠান LIVE - Oath Taking ceremony of Narendra Modi as PM

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 7:01 PM IST

Updated : Jun 9, 2024, 9:57 PM IST

thumbnail
দেশৰ ৰাজধানী চহৰ নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আৰম্ভ হৈছে মোদী মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠান ৷ ক্ৰমাগত তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব ৷ মোদী মন্ত্ৰীসভাৰ শপত গ্ৰহণত অংশগ্ৰহণ কৰাৰ উদ্দেশ্য বহিৰাষ্ট্ৰৰ সাতগৰাকী অতিথি উপস্থিত হৈছে নতুন দিল্লীত ৷ এই অনুষ্ঠানত অংশগ্ৰহণৰ উদ্দেশ্যে আন আন ৰাজ্যৰ বিজেপি নেতাসকলৰ লগতে বিৰোধী দলৰ পৰা একমাত্ৰ প্ৰতিনিধি হিচাপে উপস্থিত থাকিব মল্লিকাৰ্জুন খাৰ্গে ৷ তদুপৰি ভাৰতৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে কোনো চৰকাৰৰ শপত গ্ৰহণত অংশীদাৰ হৈ আশীৰ্বাদ দিব 50 গৰাকী তৃতীয় লিংগৰ ব্যক্তিয়ে ৷ বিজেপি নেতৃত্বাধীন এন ডি এ ৰ অংশীদাৰ দলসকলৰো মুৰব্বীসকল এই শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে নতুন দিল্লীত বাহৰ পাতিছে ৷
Last Updated : Jun 9, 2024, 9:57 PM IST

TAGGED:

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.