ETV Bharat / state

APSC কেলেংকাৰীৰ তিনি অভিযুক্তৰ বিৰুদ্ধে আৰম্ভ হ’ব তদন্ত : তদন্তকাৰী গোটে লাভ কৰিছে অনুমতি - APSC cash for job scam

author img

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 6:47 PM IST

Accused of APSC scam: লোকসেৱা আয়োগৰ পৰীক্ষাত বক্ৰপথেৰে উত্তীৰ্ণ হোৱা তিনি ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে আৰম্ভ হ’ব তদন্ত ৷ এছ আই টিক তদন্তৰ অনুমতি প্ৰদান কৰিছে অসম চৰকাৰে ৷

Accused of APSC scam
অসম লোকসেৱা আয়োগ (ETV Bharat Assam)

গুৱাহাটী, ৯ জুন: অসম লোকসেৱা আয়োগৰ ২০১৩ চনৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা কেলেংকাৰীত অভিযুক্ত তিনিগৰাকী বিষয়াৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে ৷ বিশেষ তদন্তকাৰী গোটে গ্ৰেপ্তাৰ কৰা দুই নিলম্বিত এ পি এছ বিষয়াসহ তিনি অভিযুক্ত বিষয়াৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গোচৰ চলোৱাৰ অনুমতি দিছে ।

বক্ৰপথেৰে পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰি লাভ কৰাৰ অভিযোগত নিলম্বিত, ধৃত এ পি এছ বিষয়া ঐশ্বর্য জীৱন বৰুৱা, ছাজাহান সৰকাৰ আৰু নিয়োগ বিষয়া ৰাকেশ দাসৰ বিৰুদ্ধে গোচৰ চলোৱাৰ বাবে এছ আই টিয়ে অনুমতি লাভ কৰিছে । এই কথা ইতিমধ্যে বিশেষ ন্যায়াধীশৰ আদালতক জনোৱা হৈছে ।

উল্লেখ্য যে বিষয়া তিনিগৰাকীক এছ আই টিয়ে প্ৰায় আঠমাহ পূৰ্বে গ্ৰেপ্তাৰ কৰিছিল ৷ তিনিওগৰাকী অভিযুক্তৰ বিৰুদ্ধে ইতিমধ্যে এছ আই টিয়ে অভিযোগনামাও দাখিল কৰিছে ৷ আনহাতে, এই কেলেংকাৰীৰ গোচৰত এছ আই টিয়ে গ্ৰেপ্তাৰ কৰা আন এগৰাকী নিলম্বিত এ পি এছ বিষয়া সুকন্যা দাস আৰু কৰ পৰিদৰ্শক ৱাহিদা বেগমৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি এতিয়াও এছ আই টিয়ে লাভ কৰা নাই ৷

উল্লেখ্য যে এ পি এছ চিৰ পৰীক্ষা কেলেংকাৰী সন্দর্ভত ন্যায়াধীশ (প্ৰাক্তন) বিপ্লৱ কুমাৰ শৰ্মা আয়োগে কৰা ন্যায়িক তদন্তৰ প্ৰতিবেদনত ২০১৩ৰ পৰীক্ষাত জালিয়াতিৰে উত্তীৰ্ণ হৈ ৰাজপত্ৰিত বিষয়া হোৱা ৩৭গৰাকী প্ৰাৰ্থী (বিষয়া)ক চিনাক্ত কৰা হৈছিল ৷ কিন্তু তেওঁলোকৰ বেছিভাগেই এছ আই টিৰ তদন্তৰ আওতালৈ অহা নাই ৷

ইফালে একাংশ বিষয়াৰ সন্দৰ্ভত চৰকাৰে বিভাগীয় তদন্তৰ নিৰ্দেশ দিছিল যদিও তদন্তৰ ফলাফল কি হ'ল সেয়া ৰাজহুৱা কৰা হোৱা নাই ।

লগতে পঢ়ক: এ পি এছ চি কেলেংকাৰী : চাকৰিৰ পৰা নিলম্বিত হ’ল আৰু এগৰাকী ৰাজপত্ৰিত বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.