ETV Bharat / state

গঁড় হত্যা ৰোধ কৰিবলৈ কাজিৰঙাত ব্যৱহাৰ হ’ব কমাণ্ডো বাহিনী

author img

By

Published : Jan 24, 2022, 4:54 PM IST

commando-force-to-protect-rhinos-of-kaziranga-from-poachers
গঁড় হত্যা ৰোধ কৰিবলৈ কাজিৰঙাত ব্যৱহাৰ হ’ব কমাণ্ড’ বাহিনী

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ ৰোধ কৰিবলৈ ব্যৱহাৰ হ’ব কমাণ্ডো বাহিনী ( Commando force to protect rhinos of Kaziranga) । ১৯ জানুৱাৰীৰ নিশা ৰাষ্ট্ৰীয় উদ্যানখনত চোৰাং চিকাৰীয়ে গুলীবিদ্ধ কৰি খড়্গ লৈ গৈছিল এজনী মাইকী গঁড়ৰ ।

তেজপুৰ, ২৩ জানুৱাৰী : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী প্ৰতিহত কৰাৰ বাবে পুনৰ প্ৰদান কৰা হ’ব কমাণ্ডো বাহিনী ( Commando force to protect rhinos of Kaziranga ) । ৰাষ্ট্ৰীয় উদ্যান খনত যোৱা ১৯ জানুৱাৰীৰ নিশা কাজিৰঙাৰ শিলখুন্দা ৰেঞ্জৰ অধীনত যোৱা এজনী মাইকী গঁড় চোৰাং চিকাৰীয়ে গুলীবিদ্ধ কৰি খড়্গ লৈ গৈছিল ।

ঘটনাৰ নিশা প্ৰায় ৮.৪৫ বজাত ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষা কৰ্মীয়ে গুলীৰ শব্দ শুনিছিল আৰু তাৰ পিছতে পুৱা মৃত গঁড় জনী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল খড়্গ বিহীনভাৱে (Poachers killed a female rhino in Kaziranga) । দেওবাৰে ৰাষ্ট্ৰীয় উদ্যানৰ Assam Rhino protection Task Force আৰু CWLC ৰ সচিবৰ দায়িত্বত থকা অসম আৰক্ষীৰ স্পেচিয়েল ডিজিপি জি পি সিঙে ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় হত্যাৰ স্থান পৰিদৰ্শন কৰে (Special DGP GP Singh visits Kaziranga) ।

ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে এক টুইট যোগে জনায় যে, গঁড় হত্যা ৰোধ কৰিবলৈ ইতিমধ্যে এক সুকীয়া বৈঠক অনুষ্ঠিত হৈছে ৷

ইয়াৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত অসম আৰক্ষীৰ কমাণ্ডো বাহিনীয়ে গঁড় চিকাৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব বুলিও সদৰি কৰে তেওঁ । উল্লেখযোগ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত ইয়াৰ পূৰ্বে ২০১৪-১৫ বৰ্ষত এই বাহিনীৰ লগতে সেনাও মোটায়েন কৰা হৈছিল । মাত্ৰ কেইদিনমান আগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এক টুইটাৰ যোগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২০২১ বৰ্ষত গঁড় হত্যাৰ হ্ৰাস পোৱা বিষয়ক লৈ গৌৰৱ প্ৰকাশ কৰে ।
লগতে পঢ়ক : চাকৰি দিম বুলি মামাই নিবনুৱাক দিছে বন্দুকৰ গুলী : ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.