ETV Bharat / state

পুৱা 7 বজাৰ শীৰ্ষ বাতৰিসমূহ

author img

By

Published : Jun 1, 2020, 6:54 AM IST

Top ten news at 7 am
পুৱা 7 বজাৰ শীৰ্ষ বাতৰিসমূহ

পুৱা 7 বজাৰ শীৰ্ষ বাতৰিসমূহ-

ৰাজ্যত নতুনকৈ 67 জনৰ দেহত চিনাক্ত ক'ভিড-19

অভাৱনীয় হাৰত ৰাজ্যত বৃদ্ধি হৈছে ক'ভিড-19 আক্ৰান্তৰ সংখ্যা ৷ শেহতীয়াকৈ পুনৰ 67 গৰাকী লোকৰ দেহত ধৰা পৰিছে এই বীজাণু ৷ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে প্ৰকাশ কৰে এই তথ্য ৷ মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, তিনিচুকীয়াত 16 গৰাকী, গোৱালপাৰাত 10 গৰাকী, কোকৰাঝাৰত 9 গৰাকী, শিৱসাগৰত 7 গৰাকী, নগাঁৱত 7 গৰাকী, শোণিতপুৰত 5 গৰাকী আৰু কামৰূপ, গোলাঘাট, বাক্সা জিলাত 2 গৰাকীকৈ লোকৰ দেহত ধৰা পৰিছে ক'ভিড-19 ৷

ক'ভিড ১৯ : দুই লাখ স্বাৱ পৰীক্ষা সম্পূৰ্ণ কৰাৰ দিশে অসম !

অসমে ইতিমধ্যে ক'ৰণা আতংকৰ জটিল সময়খিনি অতিক্ৰম কৰিছে । বৰ্তমানলৈকে অসমে ১ লাখ ৪ হাজাৰ ৮৩ গৰাকী লোকৰ ক'ভিড পৰীক্ষা কৰিবলৈ সক্ষম হৈছে । এই সংখ্যাই চেৰ পেলালে পশ্চিম বংগ আৰু কেৰালাক । অহা ১৫ জুনৰ ভিতৰত অসমে দুই লাখ পৰীক্ষা সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব । দেওবাৰে সন্ধিয়া অনুষ্ঠিত এক সংবাদমেলত এই কথা ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

উন্নত প্ৰযুক্তিৰে আগতীয়াকৈ উমান লোৱা হ'ব ৰাজ্যৰ বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ !

অতিশীঘ্ৰে দুৰ্যোগ ব্যৱস্থাপনা ক্ষেত্ৰই লাভ কৰিব এক অভিনৱ গতি ৷ ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ কাৰ্যলয়ত উপস্থিত হৈ দেওবাৰে এই সম্পৰ্কে এই যোগাত্মক ইংগিত প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ প্ৰযুক্তিৰ ব্যৱহাৰৰ দ্বাৰা আগতীয়াকৈ প্ৰাকৃতিক দুৰ্যোগৰ উমান লোৱাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে ৷

হস্তী-মানৱ সংঘাত : চামগুৰিত জ্বলিল বন বিভাগৰ কাৰ্যালয় !

দেওবাৰে সন্ধিয়া চামগুৰিৰ ননৈ চাহ বাগিচাৰ ৰতন কৰ্মকাৰ নামৰ এজন লোকৰ মৃত্যু হয় বন্যহস্তীৰ আক্ৰমণত। ইয়াৰ পিচতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় উদমাৰীত। একাংশ দুৰ্বৃত্তই ভাঙি লণ্ড ভণ্ড কৰে উদমাৰী খণ্ড বন বিষয়াৰ কাৰ্যালয়। কেৱল এয়াই নহয়, একাংশই অগ্নিসংযোগ কৰে খণ্ড বন বিষয়াৰ কাৰ্যালয়টোত।ঘটনাস্থলীত আৰক্ষী বহু পলমকৈ উপস্থিত হোৱাৰো অভিযোগ উত্থাপন হৈছে ৷ হাতীৰ উপদ্ৰৱত ৰাইজ অতিষ্ঠ হোৱাৰ ফলতে এনে বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে ৷

অসম আৰক্ষীৰ মোহৰ সম্বলিত ভুৱা জাননী ভাইৰেল !

হোৱাটছএপ গ্ৰুপত প্ৰচাৰ অসম আৰক্ষীৰ মোহৰ সম্বলিত ভুৱা জাননী ৷ জনসংযোগ বিভাগে নিশ্চিত কৰিলে এই তথ্য ৷

শিহুৰ মৃত্যু সন্দৰ্ভত গা-এৰা মন্তব্য অইল কৰ্তৃপক্ষৰ

বাঘজান ঘটনা সন্দৰ্ভত অইল ইণ্ডিয়াৰ সংবাদমেল সম্বোধন ৷ তৈলখাদৰ পৰা তেল আৰু গেছ নিৰ্গমণ বন্ধ কৰিবৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে বুলি মন্তব্য কৰে অইল ইণ্ডিয়া লিমিটেডৰ কৰ্তৃপক্ষই ৷

মৰিয়নী কাণ্ডৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা

মৰিয়নীত সংঘটিত হোৱা গণ প্ৰহাৰ তথা হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য ৷ ক্ৰমাগতভাৱে ৰাজ্যখনত সংঘটিত হোৱা গণ প্ৰহাৰৰ ঘটনা তথা মৰিয়নীত সংঘটিত হোৱা 23 বছৰীয়া চফল যুৱক দেৱাশীষৰ হত্যাকাণ্ডই হতবাক কৰি তুলিছে ৰাজ্যৰ সচেতন মহলক ৷ মানৱ জাতিক লজ্জানত কৰা এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰা হত্যাকাৰীক কৰায়ত্ত কৰি উচিত শাস্তি বিহাৰ দাবীত দেওবাৰে ৰাজপথ কপাঁলে আছুসহ বিভিন্ন দল-সংগঠনে ৷

মোডীৰ কাৰ্যকালক ঐতিহাসিক আখ্যা যোগী আদিত্যনাথৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম বৰ্ষক ঐতিহাসিক আখ্যা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ । জম্মু কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদান, অযোধ্যা ৰাম মন্দিৰৰ শুনানিৰ লগতে তিনি তালাকৰ দৰে বৰ্বৰ প্ৰথাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লোৱা ভূমিকাৰ বাবে মোডীৰ কাৰ্যকালক ঐতিহাসিক আখ্যা যোগী আদিত্যনাথৰ ।

মহাৰাষ্ট্ৰৰ ৩০ জুনলৈকে লক্ ডাউন

মহাৰাষ্ট্ৰৰ ৩০ জুনলৈ অব্যাহত থাকিব লক্ ডাউন । মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেয়ে দেওবাৰে ঘোষণা কৰে এই কথা । ৰাজ্যখনত কোভিড-১৯ৰ সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি কন্টেইনমেন্ট জ'নসমূহত ৩০ জুনলৈ লক্ ডাউন বাহাল‌ ৰখাৰ সিদ্ধান্ত লৈছে চৰকাৰখনে ।

বলিউডৰ জনপ্ৰিয় সংগীত শিল্পী ওৱাজিদ খানৰ দেহাৱসান !

প্ৰখ্যাত সংগীত শিল্পী ওৱাজিদ খানৰ দেহাৱসান ৷ দেওবাৰে নিশা মুম্বাইৰ এখন চিকিৎসালয়ত মৃত্যুক আঁকোৱালি লয় শিল্পীগৰাকীয়ে ৷ বলিউডৰ বিখ্যাত সংগীত যুটি চাজিদ-ওৱাজিদৰ এজন আছিল ওৱাজিদ খান ৷ জানিব পৰা মতে, ক'ভিড-19ত আক্ৰান্ত হৈ আছিল 42 বছৰীয়া শিল্পীগৰাকী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.