ETV Bharat / state

ৰাজ্যত নতুনকৈ 67 জনৰ দেহত চিনাক্ত ক'ভিড-19

author img

By

Published : Jun 1, 2020, 1:35 AM IST

ৰাজ্যত অব্যাহত আছে ক'ভিড-19ৰ আতংক ৷ প্ৰতিদিনে অভাৱনীয়ভাৱে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা ৷ শেহতীয়া ভাৱে অতি কম দিনৰ ভিতৰত অসমত আক্ৰান্তৰ সংখ্যাই স্পৰ্শ কৰিছে হাজাৰৰ সংখ্যা ৷ কৰ'ণা ভয়াৱহতা মাৰ নোযোৱাত সমগ্ৰ দেশৰ লগতে অসমতো 5ম পৰ্যায়ৰ লক্ ডাউন ঘোষণা কৰা হৈছে ৷

ক'ভিড-19
ক'ভিড-19

নিউজ ডেস্ক, 31 মে' : অভাৱনীয় হাৰত ৰাজ্যত বৃদ্ধি হৈছে ক'ভিড-19 আক্ৰান্তৰ সংখ্যা ৷ শেহতীয়াকৈ পুনৰ 67 গৰাকী লোকৰ দেহত ধৰা পৰিছে এই বীজাণু ৷ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে প্ৰকাশ কৰে এই তথ্য ৷

মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, তিনিচুকীয়াত 16 গৰাকী, গোৱালপাৰাত 10 গৰাকী, কোকৰাঝাৰত 9 গৰাকী, শিৱসাগৰত 7 গৰাকী, নগাঁৱত 7 গৰাকী, শোণিতপুৰত 5 গৰাকী আৰু কামৰূপ, গোলাঘাট, বাক্সা জিলাত 2 গৰাকীকৈ লোকৰ দেহত ধৰা পৰিছে ক'ভিড-19 ৷

  • 📌Alert ~ 67 new cases of #COVID19+

    16 Tinsukia, 10 Goalpara, 9 Kokrajhar, 7 Sivasagar, 7 Nagaon, 5 Sonitpur, 3 Karimganj, 2 Kamrup, 2 Golaghat, 2 Baksa

    ↗️Total cases 1339
    ↗️Recovered 185
    ↗️Active cases 1147
    ↗️Deaths 04

    Update 10:45PM/May 31/Day's total 123#AssamCovidCount pic.twitter.com/MN5WmPYtT8

    — Himanta Biswa Sarma (@himantabiswa) May 31, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

বৰ্তমানলৈকে ৰাজ্যত ক'ভিড-19ত আক্ৰান্ত হৈছে মুঠ 1339 গৰাকী লোক ৷ ইয়াৰ ভিতৰত 1147 গৰাকী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে 185 গৰাকী লোকে ৷ আনহাতে, অসমত ক'ভিড-19ৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে 4 গৰাকী ৷

লগতে পঢ়ক : কৰ'ণাৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত দেশৰ শ্ৰমিক আৰু দৰিদ্ৰ লোকসকলঃ নৰেন্দ্ৰ মোডী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.