ETV Bharat / bharat

বলিউডৰ জনপ্ৰিয় সংগীত শিল্পী ওৱাজিদ খানৰ দেহাৱসান !

author img

By

Published : Jun 1, 2020, 5:35 AM IST

Updated : Jun 1, 2020, 12:20 PM IST

বলিউডৰ প্ৰখ্যাত সংগীত শিল্পী ওৱাজিদ খানৰ দেহাৱসান ৷ বৃক্ক ৰোগত আক্ৰান্ত হৈছিল শিল্পীগৰাকী ৷ শিল্পীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ বি-টাউনৰ তাৰকাৰ ৷

eminent Bollywood music composer wajid khan passes away
eminent Bollywood music composer wajid khan passes away

নিউজ ডেস্ক, 1 জুন : প্ৰখ্যাত সংগীত শিল্পী ওৱাজিদ খানৰ দেহাৱসান ৷ দেওবাৰে নিশা মুম্বাইৰ এখন চিকিৎসালয়ত মৃত্যুক আঁকোৱালি লয় শিল্পীগৰাকীয়ে ৷ বলিউডৰ বিখ্যাত সংগীত যুটি চাজিদ-ওৱাজিদৰ এজন আছিল ওৱাজিদ খান ৷ জানিব পৰা মতে, বৃক্ক ৰোগত আক্ৰান্ত হৈ আছিল 42 বছৰীয়া শিল্পীগৰাকী ৷

eminent Bollywood music composer wajid khan passes away
বলিউডৰ বিখ্যাত সংগীত যুটি চাজিদ-ওৱাজিদ

শিল্পী চনু নিগমে পোন প্ৰথমে ফেচবুক যোগে ওৱাজিদৰ মৃত্যুৰ কথা প্ৰকাশ কৰে ৷ তাৰ পাচতেই বি-টাউনৰ বহুকেইগৰাকী তাৰকাই সংগীত শিল্পীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে চ'ছিয়েল মিডিয়াৰ জৰিয়তে ৷

উল্লেখ্য যে, চাজিদ-ওৱাজিদ যুটিয়ে সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিল 1998 চনত চলমান খান অভিনীত "প্যাৰ ক্যা তৌ দৰনা ক্যা"ৰ জৰিয়তে ৷ শেহতীয়াকৈ মুক্তিপোৱা চলমান খানৰ 'ভাই-ভাই' শীৰ্ষক গীতটিৰো সংগীত পৰিচালনা কৰিছিল চাজিদ-ওৱাজিদ যুটিয়ে ৷ সংগীত পৰিচালনাৰ ওপৰিও কণ্ঠশিল্পী হিচাপেও খ্যাতি আছিল ওৱাজিদ খানৰ ৷

eminent Bollywood music composer wajid khan passes away
চলমান খানৰ সৈতে চাজিদ-ওৱাজিদ

লগতে পঢ়ক : ডিজিটেল প্লেটফ’ৰ্মত চিৰিজ মুকলিক লৈ মুখ খুলিলে অভিনেতা পংকজ ত্ৰিপাঠীয়ে

Last Updated : Jun 1, 2020, 12:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.