ETV Bharat / state

ক'ভিড ১৯ : দুই লাখ স্বাৱ পৰীক্ষা সম্পূৰ্ণ কৰাৰ দিশে অসম !

author img

By

Published : Jun 1, 2020, 3:09 AM IST

অসমে ইতিমধ্যে ক'ৰণা আতংকৰ জটিল সময়খিনি অতিক্ৰম কৰিছে । বৰ্তমানলৈকে অসমে ১ লাখ ৪ হাজাৰ ৮৩ গৰাকী লোকৰ ক'ভিড পৰীক্ষা কৰিবলৈ সক্ষম হৈছে । এই সংখ্যাই চেৰ পেলালে পশ্চিম বংগ আৰু কেৰালাক । অহা ১৫ জুনৰ ভিতৰত অসমে দুই লাখ পৰীক্ষা সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব । দেওবাৰে সন্ধিয়া অনুষ্ঠিত এক সংবাদমেলত এই কথা ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

Assam goes to complete 2 lakh swab test
Assam goes to complete 2 lakh swab test

গুৱাহাটী, ৩১ মে': অসমত 15 জুনৰ ভিতৰত সম্পূৰ্ণ হ'ব 2 লাখ লোকৰ স্বাৱ টেষ্ট ৷ বৰ্তমানলৈকে 1 লাখ 4 হাজাৰ 83 গৰাকী লোকৰ এই পৰীক্ষা সম্পন্ন কৰা হৈছে আৰু এই সংখ্যাই কেৰালা আৰু পশ্চিমবংগক চেৰ পেলাইছে ৷ দেওবাৰে এখন সংবাদ মেলত এই তথ্য প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷

১০ জুনৰ পৰা প্ৰাতিষ্ঠানিক কোৱাৰেন্টাইনৰ পদ্ধতিৰো সলনি ঘটোৱা হ'ব । সাত দিনৰ পৰিৱৰ্তে চাৰি দিনকৈ প্ৰাতিষ্ঠানিক কোৱাৰেন্টাইনত ৰখাৰ পিচত বাকী দহ দিন নিজৰ ঘৰত কোৱাৰেন্টাইন কৰা হ'ব লোকসকলক । ঘৰুৱা কোৱাৰেন্টাইনৰ ক্ষেত্ৰত চৰকাৰ যথেষ্ঠ কঠোৰ হ'ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । যিহেতু অসমত এতিয়া প্ৰতিদিনে দহ হাজাৰ নমুনা পৰীক্ষা কৰাটো সম্ভৱ হৈ উঠিছে গতিকে প্ৰাতিষ্ঠানিক কোৱাৰেন্টাইন হ্ৰাস কৰি ঘৰুৱা কোৱাৰেন্টাইনৰ পৰিমান বৃদ্ধি কৰিবলৈ চৰকাৰে সিদ্ধান্ত লৈছে ।

দুই লাখ স্বাৱ পৰীক্ষা সম্পূৰ্ণ কৰাৰ দিশে অসম !

আনহাতে, এতিয়াৰে পৰা তিনিটা স্তৰত ক'ভিড-19 ৰোগীৰ চিকিৎসা কৰা হ'ব বুলি জানিবলৈ দি মন্ত্ৰী শৰ্মাই কয় যে, অতিমাত্ৰা লক্ষণ দেখুওৱা ৰোগী সকলক ক'ভিড হাস্পতালত চিকিৎসা কৰাৰ বিপৰীতে ৬৫ বছৰ বয়সৰ উৰ্ধৰ ৰোগী বা গৰ্ভৱতী মহিলাক চিকিৎসা কৰা হ'ব জিলা হাস্পতাল সমূহত আৰু লক্ষণ নেদেখুওৱা ৰোগীসকলক মডেল হাস্পতালসমূহত চিকিৎসা কৰা হব ।

আনহাতে, স্বাৱ পৰীক্ষাৰ ফলাফলো ৭২ ঘন্টাৰ ভিতৰত পোৱাৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে । অসমত মুঠ ৰোগীৰ সংখ্যা 1339 গৰাকী হৈছিল যদিও ইয়াৰে ১৮৫ গৰাকীক ইতিমধ্যে ঘৰলৈ যাবলৈ দিয়া হৈছে । অসমত ক'ভিড ৰোগীৰ মৃত্যুৰ হাৰো তেনেই নগন্য বুলি তথ্য দাঙি ধৰি তেওঁ কয় যে এই হাৰ অসমত মাত্ৰ ০.৩২ শতাংশ ।

ৰাজ্যত ক'ভিড-19 সংক্ৰমণৰ সাংগ্ৰিক তথ্য

ইপিনে অসমত ক'ভিড আক্ৰান্তৰ পৰিসংখ্যা দাঙি ধৰি তেওঁ কয় যে এজন ৰোগীৰ পৰা ১৫৭ জন ৰোগী হ'বলৈ অসমত সময় লাগিছিল ৫১ দিন । কিন্তু ১৫৭ ৰ পৰা ৩৪৬ জন হ'বলৈ ৪ দিন, ৩৪৬ ৰ পৰা ৬৮২ হ'বলৈ ৩ দিন, ৬৮২ ৰ পৰা ১২১৬ হ'বলৈ ৪ দিন সময় লাগিছিল ।

মন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰে যে অসমত এতিয়া সৰ্বাধিক ক'ভিড ৰোগী আছে হোজাই জিলাত ১৭৭ গৰাকী । গোলাঘাটত ১৬2 গৰাকী, কামৰূপ(ম) ত ১৩৪ গৰাকী, মৰিগাঁৱত ৮৯ গৰাকী, নগাঁৱত 66 গৰাকী, মাজুলীত ১ গৰাকী আৰু পশ্চিম কাৰ্বি আংলঙত ২ গৰাকী ৰোগী আছে ।

আনহাতে, অসমত প'জিটিভ ধৰা পৰাসকলৰ ভিতৰত মাত্ৰ ৩২ জনৰহে কোনো ভ্ৰমণ বুৰঞ্জী নাই । কিন্তু ইয়াৰ বাহিৰে বাকী সকলে ৰাজ্যৰ বাহিৰৰ পৰাই নিজৰ অজ্ঞাতে এই ৰোগ শৰীৰত কঢ়িয়াই আনিছিল বুলি তেওঁ মন্তব্য কৰে ।

জিলা ভিত্তিক ক'ভিড-19 আক্ৰান্তৰ সংখ্যা

অসমত প'জিটিভ ধৰা পৰাসকলৰ ভিতৰত ৩১২ জন মহাৰাষ্ট্ৰৰ পৰা, ৩৩৩ জন তামিলনাডুৰ পৰা, ১৩৪ জন দিল্লীৰ পৰা, ১১১ জন পশ্চিম বংগৰ পৰা, ৫৭ জন হাৰিয়ানাৰ পৰা, ২৫ জন তেলেংগানাৰ পৰা, ৩১ জন ৰাজস্থানৰ পৰা, ৯ জন অন্ধ্ৰ প্ৰদেশৰ পৰা উভতি অহা লোক ।

অসম এতিয়া ৪২৩২ জন ৰোগীক চিকিৎসা দিব পৰাকৈ প্ৰস্তুত আৰু বৰ্তমান ৰাজ্যখনত ৫০০ টা আই চি ইউ আৰু ৯৫৭ টা আইচ'লেচন ৱাৰ্ড আছে বুলিও তেওঁ সদৰী কৰে । আনহাতে, লক্ ডাউন খুলি দিয়াৰ পিচত কেন্দ্ৰীয় চৰকাৰে যি নীতি নিয়ম বান্ধি দিয়ে সেই মতেই অসম চৰকাৰে ব্যৱস্থা কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী ডঃ শৰ্মাই ।

লগতে পঢ়ক : উন্নত প্ৰযুক্তিৰে আগতীয়াকৈ উমান লোৱা হ'ব ৰাজ্যৰ বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.