ETV Bharat / state

অসম আৰক্ষীৰ মোহৰ সম্বলিত ভুৱা জাননী ভাইৰেল !

author img

By

Published : Jun 1, 2020, 3:09 AM IST

হোৱাটছএপ গ্ৰুপত প্ৰচাৰ অসম আৰক্ষীৰ মোহৰ সম্বলিত ভুৱা জাননী ৷ জনসংযোগ বিভাগে নিশ্চিত কৰিলে এই তথ্য ৷

Fake notice with Assam Police Logo become viral
Fake notice with Assam Police Logo become viral

গুৱাহাটী, 31 মে' : যোৱা কেইবাদিনো ধৰি অসম আৰক্ষীৰ মোহৰ সম্বলিত এখন জাননী বিভিন্ন হোৱাটছএপ গ্ৰুপত প্ৰচাৰ হৈছিল। সেই একেখন জাননী ৩০ মে'ৰ নিশা অসমৰ জনসংযোগ বিভাগৰ হোৱাটছ এপ গ্ৰুপতো আপলোড কৰা হৈছিল । কিন্তু সেই জাননীখন এতিয়া চৰ্চিত হৈছে ৷

Fake notice with Assam Police Logo become viral
হোৱাট্চ এপত ভাইৰেল ভুৱা জাননী

জাননী খনত জনসাধাৰণলৈ ১৩ টা পৰামৰ্শ উল্লেখ আছিল। তাৰ ভিতৰত কেইটামান হ’ল-

• মহিলাসকলক বেছি আ-অলংকাৰ পৰিধান কৰি ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ পৰামৰ্শ ৷

• নিৰ্জন বা অন্ধকাৰ ৰাস্তাৰে অকলে নাযাবলৈ পৰামৰ্শ ৷

• পাৰ্চ বা মানিবেগত মূল্যৱান সামগ্ৰী, অলংকাৰ, নগদ ধনৰাশি বেছিকৈ নাৰাখিবলৈ পৰামৰ্শ ।

Fake notice with Assam Police Logo become viral
অসম আৰক্ষীৰ মোহৰ সম্বলিত ভুৱা জাননী
কিন্তু আশ্চৰ্যজনক ভাৱে পৰৱৰ্তী সময়ত জনসংযোগ বিভাগে এই জাননী খন সম্পূৰ্ণ ভূৱা হিচাপে অভিহিত কৰে আৰু ইয়াৰ কোনো সত‍্যতা নাই বুলি বিভাগে নিশ্চিত কৰে। কোনে কি ধৰণে এইদৰে আৰক্ষীৰ মোহৰ সম্বলিত জাননীখন ভাইৰেল কৰিছিল সেইয়া জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক : অসমীয়া অনুবাদত নতুন সংযোজন ঘটাই তিনিবন্ধুৰ ব‍্যতিক্ৰমী প্ৰয়াস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.