ETV Bharat / bharat

মোডীৰ কাৰ্যকালক ঐতিহাসিক আখ্যা যোগী আদিত্যনাথৰ

author img

By

Published : Jun 1, 2020, 1:37 AM IST

মোডীৰ আত্মনিৰ্ভৰতাৰ দিশত গৈ ভাৰত শীঘ্ৰে বিশ্বৰ উৎপাদন কেন্দ্ৰত পৰিণত হ'ব বুলি উল্লেখ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৷

PM Modi's first year of second term 'historic': Adityanath
PM Modi's first year of second term 'historic': Adityanath

নিউজ ডেস্ক, 31 মে' : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম বৰ্ষক ঐতিহাসিক আখ্যা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ । জম্মু কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদান, অযোধ্যা ৰাম মন্দিৰৰ শুনানিৰ লগতে তিনি তালাকৰ দৰে বৰ্বৰ প্ৰথাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লোৱা ভূমিকাৰ বাবে মোডীৰ কাৰ্যকালক ঐতিহাসিক আখ্যা যোগী আদিত্যনাথৰ ।

 PM Modi's first year of second term 'historic': Adityanath
মোডীৰ কাৰ্যকালক ঐতিহাসিক আখ্যা যোগী আদিত্যনাথৰ

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে লগতে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰতে ক'ৰণা মহামাৰীৰ বিৰুদ্ধে চলোৱা যুঁজখনে সমগ্ৰ বিশ্বত উদাহৰণ দাঙি ধৰিছে । ইয়াৰোপৰি এই সংকটৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা ২০ লাখ কোটি টকাৰ আৰ্থিক সাহাৰ্যই দেশৰ অৰ্থনীতি পুনৰুদ্ধাৰৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰে । তেওঁ লগতে মোডীৰ আত্মনিৰ্ভৰতাৰ দিশত গৈ ভাৰত শীঘ্ৰে বিশ্বৰ উৎপাদন কেন্দ্ৰত পৰিণত হ'ব বুলি উল্লেখ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.