3 বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Oct 20, 2021, 3:00 PM IST

top ten news at 3 pm

3 বজাৰ শীৰ্ষ দহটা বাতৰি...

3 বজাৰ শীৰ্ষ দহটা বাতৰি...

সুশান্তক উদ্ধাৰৰ বাবে থাওৰালৈ আজি ৰাজ্যিক বিজেপিৰ সভাপতি

উপ-নিৰ্বাচনলৈ মাথো 11 দিনহে বাকী ৷ নিৰ্বাচনী প্ৰচাৰেৰে ভোটাৰৰ মন জয় কৰিবলৈ সমষ্টিসমূহত ভিৰ কৰিছেহি ৰাজনৈতিক নেতাসকলে ৷ বিগত সময়ত কংগ্ৰেছ নেতা তথা থাওৰাৰ বিধায়ক সুশান্ত বৰগোঁহায়ে(Sushanta Borgohain) দল ত্যাগ কৰি গেৰুৱা বসন পৰিধান কৰিছিল ৷ তাৰপিছতে সমষ্টিটোৰ বিধায়ক পদ শূন্য হৈ পৰে ৷ নিৰ্বাচনী প্ৰচাৰৰ স্বাৰ্থতে বুধবাৰে সমষ্টিটোত উপস্থিত হ’ব অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা(Bhabesh Kalita) ৷

বকেয়া পৰিবহণ কৰ আদায় নিদিয়া বাহনৰ গৰাকীলৈ কঠোৰ নিৰ্দেশনা

30 অক্টোবৰৰ ভিতৰত বকেয়া কৰ আদায়, ম্যাদ উকলি যোৱা অনুজ্ঞাপত্ৰ, নথি-পত্ৰ নবীকৰণ কৰিবলৈ আহ্বান পৰিবহণ বিভাগ(Transport Department)ৰ । বকেয়া কৰ আদায় নিদিয়াসকলৰ পৰা আদায় কৰা হ’ব জৰিমনা । 2020 চনৰ ফেব্ৰুৱাৰী মাহৰ পূৰ্বে বকেয়া কৰ আদায় দিবলৈ বাকী থকা বাহনৰ গৰাকীসকলৰ পৰা অতিৰিক্ত জৰিমনা আদায় কৰা হ’ব ৷

কৃত্ৰিম বান : মহানগৰীত বিদ্যুৎস্পৃষ্ট হৈ মহিলাৰ মৃত্যু

মহানগৰীৰ পাণ্ডু টেম্পল ঘাটত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এগৰাকী মহিলাৰ ৷ কৃত্ৰিম বান মহিলাগৰাকীৰ ঘৰৰ ভিতৰলৈ সোমোৱাত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিট হৈ মহিলাগৰাকী আঘাতপ্ৰাপ্ত হয় ৷ লগে লগে মহিলাগৰাকীক সংকটজনক অৱস্থাত ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়তে মৃত্যুক সাৱটি লয় ৷

চিকিৎসকৰ সমস্যা সমাধানৰ বাবে আন্দোলন : স্থবিৰ হৈ পৰিব স্বাস্থ্যসেৱা

চৰকাৰ তথা স্বাস্থ্য বিভাগৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে ১৯ অক্টোবৰৰ পৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে অসম চিকিৎসা সেৱা সংস্থা চমুকৈ আমছাই (AMSA) । চিকিৎসকৰ দীর্ঘদিনীয়া সমস্যাৰ সমাধান বিচাৰি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে সংস্থাটোৱে ।

বৰাকত অসমীয়া ভাষাক অপমান, নগাঁৱত এজাহাৰ দাখিল বীৰ লাচিত সেনাৰ

বৰাকত অসমীয়া ভাষাক অপমান কৰাক লৈ নগাঁও সদৰ থানাত এজাহাৰ দাখিল বীৰ লাচিত সেনাৰ ৷ অসমীয়া ভাষাক কৰা অপমান সহ্য কৰা নহ'ব বুলি হুংকাৰ দি অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত বীৰ লাচিত সেনাৰ প্ৰতিবাদ ।

কংগ্ৰেছ-বামপন্থীয়ে তৃতীয় পক্ষৰে ভাষিক সংঘাত সৃষ্টিৰ আখৰা চলাইছে : বিজেপি

শিলচৰত অসমীয়া ভাষাৰ হ’ৰ্ডিঙত ক’লা ৰং সনা ঘটনাক লৈ ৰাজ্যিক বিজেপি(BJP)ৰ প্ৰতিক্ৰিয়া । অসমত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠী আৰু অন্যান্য ভাষা-ভাষীৰ লোকক একতাৰ ডোলেৰে অসমীয়া ভাষাইহে বান্ধি ৰাখিছে বুলি মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰদ্বয় ৰঞ্জীৱ কুমাৰ শৰ্মা(Ranjib Kumar Sharma) আৰু ৰামকৃষ্ণ ঘোষে(Ramkrishna Ghosh) । ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত ইতিমধ্যে তিনিজনক আটক কৰি জেৰা অব্যাহত ৰাখিছে কাছাৰ জিলা আৰক্ষী-প্ৰশাসনে ৷

ভাষাৰ অপমান সহ্য কৰা নহয় : যোগেন মহন

বৰাক উপত্যকাত অসমীয়া ভাষাত প্ৰকাশিত চৰকাৰৰ জল জীৱন মিছনৰ বিজ্ঞাপনত ক’লা ৰং সনা ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মন্ত্ৰী যোগেন মহনে ৷ বৰাকত অসমীয়া ভাষাক অপমান কৰা কাৰ্য দুখজনক বুলি মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ এই বিষয় চিন্তনীয় বুলি ক্ষোভ প্ৰকাশ কৰি এনে অপমান সহ্য কৰা নহ’ব বুলি হুংকাৰ প্ৰদান কৰে ৷

ভাৰতত সফলভাৱে সম্পন্ন হোৱাৰ দিশে 100 কোটি ক'ভিড টীকাকৰণ

100 কোটিৰ মাইলৰ খুঁটি(100 crore mark) পাৰ কৰাৰ দিশে ভাৰতৰ টীকাকৰণ অভিযান(India's cumulative vaccination drive) ৷ মঙলবাৰ পৰ্যন্ত সমগ্ৰ দেশত 99.13 কোটি লোকক প্ৰতিষেধক প্ৰদান ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই (Health Minister Mansukh Mandaviya) টুইটযোগে প্ৰকাশ কৰে এই কথা ৷

কেৰালাত ধাৰাসাৰ বৰষুণ : পেৰিয়াৰ নদীৰ সমীপৰ অঞ্চলত হাই এলাৰ্ট জাৰি

মুষলধাৰ বৰষুণে সংহাৰী ৰূপ ধাৰণ কৰিছে কেৰালা(Kerala)ত । ধাৰাসাৰ বৃষ্টিপাতৰ ফলত ওফন্দি উঠিছে নদীৰ জলপৃষ্ঠ । ইডুক্কি বান্ধৰ পানী এৰি দিয়াৰ পাচতে পেৰিয়াৰ নদীৰ সমীপৰ অঞ্চলসমূহত হাই এলাৰ্ট জাৰি প্ৰশাসনৰ । বৰষুণৰ ফলত এতিয়ালৈকে ৰাজ্যখনৰ ২৭ জন লোকে প্ৰাণ হেৰুৱাইছে ।

আন্তৰ্জাতিক প্ৰকল্প Extrapolations ত দেখা যাব আদৰ্শ গৌৰৱক

অস্কাৰ বিজয়ী Meryl Streep ৰ সৈতে আন্তৰ্জাতিক প্ৰকল্প Extrapolations ৰ বাবে সাজু অভিনেতা আদৰ্শ গৌৰৱ(Adarsh Gourav) ৷ প্ৰডাকচনৰ কাম চলি থকা ছবিখনে পৃথিৱীত আহিবলগীয়া পৰিৱৰ্তনে কেনেদৰে ভালপোৱা, বিশ্বাস, কাম তথা পৰিয়ালৰ ওপৰত প্ৰভাৱ পেলাব তাৰ এক কাহিনী তুলি ধৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.