চিকিৎসকৰ সমস্যা সমাধানৰ বাবে আন্দোলন : স্থবিৰ হৈ পৰিব স্বাস্থ্যসেৱা

author img

By

Published : Oct 20, 2021, 2:15 PM IST

doctors-protest-at-jonai

চৰকাৰ তথা স্বাস্থ্য বিভাগৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে ১৯ অক্টোবৰৰ পৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে অসম চিকিৎসা সেৱা সংস্থা চমুকৈ আমছাই (AMSA) । চিকিৎসকৰ দীর্ঘদিনীয়া সমস্যাৰ সমাধান বিচাৰি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে সংস্থাটোৱে ।

জোনাই, ২০ অক্টোবৰ : চৰকাৰ তথা স্বাস্থ্য বিভাগৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে ১৯ অক্টোবৰৰ পৰা আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে অসম চিকিৎসা সেৱা সংস্থা চমুকৈ আমছাই (AMSA) ৷ আমছাৰ এই প্ৰতিবাদৰ ফলত এতিয়া সমগ্ৰ ৰাজ্যৰ লগতে জোনাই মহকুমাত স্বাস্থ্য সেৱা ব্যাহত হৈ পৰিব । অৱশ্যে আন্দোলনৰ সময়ছোৱাত জৰুৰীকালীন সেৱা উপলব্ধ হ'ব ৷ চিকিৎসকৰ এই প্ৰতিবাদৰ ফলত যে জনতা ব্যাপক সমস্যাৰ সন্মুখীন হ’ব সেয়া নিশ্চিত ৷

doctors-protest-at-jonai
চিকিৎসকৰ আন্দোলন

অসম চিকিৎসা সেৱা সন্থাৰ অবিভক্ত লক্ষীমপুৰ জিলাৰ সাংগঠনিক সম্পাদক তথা জোনাই মহকুমাৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কুমাৰ কামান আৰু অসম চিকিৎসা সেৱা সন্থা ধেমাজি গোটৰ সভাপতি পুষ্পধৰ দেউৰীয়ে সদৰী কৰে এই কথা ৷ চিকিৎসকদ্বয়ে জানিবলৈ দিয়া অনুসৰি ১৯ অক্টোবৰত সকলো চিকিৎসালয়ৰ বহিৰ্বিভাগত চিকিৎসকসকলে পুৱা ৮ বজাৰ পৰা ১১ বজালৈ চিকিৎসা প্ৰদানৰ পৰা বিৰত থাকে ।

doctors-protest-at-jonai
চিকিৎসকৰ আন্দোলন

আনহাতে, ২২ অক্টোবৰত বৰ্হিবিভাগৰ সেৱা সম্পূৰ্ণভাৱে বন্ধ থাকিব ৷ একেদৰে ২৬ অক্টোবৰৰ পৰা ২৮ অক্টোবৰলৈ বৰ্হিবিভাগৰ সেৱা সম্পূৰ্ণভাৱে বন্ধ থাকিব ৷ পুনৰ ১ নৱেম্বৰৰ পৰা ৩ নৱেম্বৰলৈ তিনিদিনৰ বাবে বৰ্হিবিভাগৰ সেৱা সম্পূৰ্ণভাৱে বন্ধ ৰাখিব এইসকল চিকিৎসকে ।

অসম চিকিৎসা সেৱা সংস্থা চমুকৈ আমছাৰ এতিয়ালৈক পূৰণ নোহোৱা নায্য দাবীসমূহ হৈছে -

  • চিকিৎসকৰ কেদাৰৰ পুনৰীক্ষণ আৰু পুনৰ্নিয়োজন (Cadre revision), টাইম স্কেল (Time scale)ৰ পদোন্নতিৰ ব্যৱস্থা, স্বাস্থ্য 'ক'(Health A) বিভাগ আৰু 'খ'(Health B) বিভাগৰ দৰমহাৰ বৈষম্য দূৰ কৰি নতুন চিকিৎসকক আকৃষ্ট তথা অন্তৰ্ভুক্তিৰে বিভাগটোক দুখীয়া ৰাইজৰ স্বাৰ্থত অধিক সক্ষম আৰু গতিশীল কৰা ৷
    doctors-protest-at-jonai
    চিকিৎসকৰ আন্দোলন
  • নতুন মেডিকেল কলেজৰ স্থাপনৰ নামত জিলা চিকিৎসালয়বোৰ বন্ধ নকৰি কলেজবোৰক সঁচা অৰ্থত এখন ৰেফাৰেল হাস্পতাল বা টাৰচিয়াৰী কেয়াৰ হাস্পতাল হিচাপে ৰাখি ৰোগীক সৰ্বোত্তম চিকিৎসা তথা চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীক জ্ঞান অৰ্জনত অধিক সুবিধা দিয়া ৷
  • ইয়াৰ লগতে বিভিন্ন স্তৰত খালী হৈ থকা চিকিৎসকৰ পদবোৰ পূৰণ কৰিবলৈ এক সময় নিৰ্ধাৰিত পদোন্নতিৰ ব্যৱস্থা কৰা, সান্ধ্য বহিৰ্বিভাগৰ যোৱা ৫ বছৰ ধৰি অনাদায় হৈ থকা বকেয়া ধন অতি সোনকালে আদায় দিয়া, সৰ্বসাধাৰণে অতি সহজে আৰু সততে পাব পৰাকৈ চিকিৎসালয় প্ৰাংগণতে চিকিৎসক থকাৰ বাবে ভাড়ামুক্ত আৱাসৰ ব্যৱস্থা কৰা ৷
    চিকিৎসকৰ প্ৰতিবাদ
  • জ্যেষ্ঠ চিকিৎসকতকৈ কনিষ্ঠ চিকিৎসকে বেছিকৈ পাই থকা দৰমহাৰ আসোঁৱাহ দূৰ কৰি ন্যায় প্ৰদান কৰা, শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অধীনত ডিপ্ল'মা লাভ কৰা স্বাস্থ্য 'ক' বিভাগৰ চিকিৎসকসকলক প্ৰতিশ্ৰুতি অনুসৰি দুটাকৈ বৰ্ধিত দৰমহাৰ ব্যৱস্থা কৰা, অসমৰ স্বাস্থ্য 'ক' বিভাগত বিশেষজ্ঞ চিকিৎসকৰ অভাৱৰ প্ৰতি লক্ষ ৰাখি দুখীয়া জনগণৰ স্বাৰ্থত চিকিৎসা মহাবিদ্যালয়ত থকা বিশেষজ্ঞ চিকিৎসা অধ্যয়নৰ আসন বৃদ্ধি কৰা ৷

উল্লেখযোগ্য যে, ১৯ অক্টোবৰৰ পৰা ধাৰাবাহিকভাৱে নৱেম্বৰ মাহ পৰ্যন্ত ৰাজ্যৰ চিকিৎসা সেৱাসমূহ বন্ধ হোৱাৰ ফলত হয়তো এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হ'ব ৷

লগতে পঢ়ক : অসম চিকিৎসা সেৱা সন্থাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.