অসম চিকিৎসা সেৱা সন্থাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ বৈঠক

author img

By

Published : Oct 19, 2021, 10:25 PM IST

অসম চিকিৎসা সেৱা সন্থাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ বৈঠক

'আমছা'ৰ দাবীক লৈ ক্ষীপ্ৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব স্বাস্থ্য বিভাগে । আলোচনাক সৌহাৰ্দপূৰ্ণ-ফলপ্ৰসূ আখ্যা আমছা নেতৃত্বৰ ।

গুৱাহাটী,১৯ অক্টোবৰ: ৰাজ্য চৰকাৰৰ অধীনত কৰ্মৰত চিকিৎসকসকলৰ বিভিন্ন দাবী তথা সমস্যাৰাজি সন্দৰ্ভত অসম চিকিৎসা সেৱা সন্থা (আমছা)ৰ সৈতে আজি এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত । মঙলবাৰে নিশা এন এইচ এমৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আমছাৰ নেতৃবৰ্গৰে মুকলিমূৰীয়াকৈ সংগঠনটোৰ দাবীৰাজিক লৈ আলোচনা কৰে ।

বৈঠকত স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেল, এন এইচ এমৰ অভিযান সঞ্চালক ডাঃ এছ লক্ষ্মনন, যুটীয়া সচিব প্ৰণতি মজুমদাৰ, স্বাস্থ্যসেৱা সঞ্চালক ডাঃ ৰথীন্দ্ৰ নাথ ভূঞা, স্বাস্থ্যসেৱা (পৰিয়াল কল্যাণ) সঞ্চালক মুনীন্দ্ৰনাথ নাটে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্য, যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ মনোজ চৌধুৰীৰ লগতে আমছাৰ হৈ সংগঠনটোৰ সভাপতি ডাঃ ননীগোপাল চহৰীয়া আৰু সাধাৰণ সম্পাদক ডাঃ কনক চন্দ্ৰ তালুকদাৰৰ নেতৃত্বত গঠিত ছয়জনীয়া প্ৰতিনিধি দলে অংশ গ্ৰহণ কৰে।

অসম চিকিৎসা সেৱা সন্থাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ বৈঠক
অসম চিকিৎসা সেৱা সন্থাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ বৈঠক

ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধীনত কৰ্মৰত চিকিৎসকসকলৰ বাবে 'কেডাৰ পুনৰীক্ষণ' আৰু সময়োচিত পদোন্নতি, টাইম স্কেল পদোন্নতি, চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত সেৱাৰত চিকিৎসকৰ নামভৰ্তিৰ যথোচিত ব্যৱস্থা, ডিপ্লোমাধাৰী চিকিৎসকৰ বাবে দৰমহাত দুটাকৈ আগতীয়া ইনক্ৰিমেণ্ট প্ৰদান, অনুজ চিকিৎসকৰ দৰমহাৰ তুলনাত পূৰ্বৰ পৰা কৰ্মৰত জ্যেষ্ঠ চিকিৎসকৰ দৰমহাৰ হাৰৰ অসমতুলতা, চিকিৎসক-স্বাস্থ্যকৰ্মীৰ সুৰক্ষা, যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকৰ পদৰ বাবে সময় মতে বিজ্ঞাপন জাৰি কৰাকে ধৰি আমছাৰ সকলো দাবী সন্দৰ্ভত বৈঠকত উভয় পক্ষই মুকলি মূৰীয়াকৈ আৰু আন্তৰিকতাৰে আলোচনা কৰে।

অসম চিকিৎসা সেৱা সন্থাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ বৈঠক
অসম চিকিৎসা সেৱা সন্থাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ বৈঠক

আমছাৰ দ্বাৰা উত্থাপিত বিষয়ৰাজি স্বাস্থ্য বিভাগ তথা ৰাজ্য চৰকাৰে ইতিবাচক দৃষ্টিভংগীৰে গ্ৰহণ কৰা বুলি প্ৰকাশ কৰি বৈঠকত স্বাস্থ্যমন্ত্ৰী মহন্তই এইক্ষেত্ৰত ক্ষিপ্ৰতাৰে ফলপ্ৰসূ কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ঘোষণা কৰে । পদোন্নতি, কেডাৰ পুনৰীক্ষণ, দৰমহাৰ হাৰৰ অসমতুলতাকে ধৰি আমছাই উত্থাপন কৰা বহুকেইটা বিষয়ত ইতিমধ্যেই চৰকাৰৰ ফালৰ পৰা প্ৰয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বিষয়েও বৈঠকত আমছা নেতৃত্বক অৱগত কৰা হয়।

আলোচনাত স্বাস্থ্যমন্ত্ৰীৰ আহ্বানত সঁহাৰি জনাই আমছাই নেতৃত্বই তেওঁলোকৰ দাবীৰাজি আৰু সমস্যা সমূহৰ ফলপ্ৰসূ আৰু ক্ষিপ্ৰ সমাধানৰ বাবে স্বাস্থ্য বিভাগ তথা চৰকাৰলৈ পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ সন্মতি জনায় । বৈঠকৰ শেষত আমছা নেতৃত্বই স্বাস্থ্যমন্ত্ৰীৰে হোৱা এই আলোচনাক অত্যন্ত সৌহাৰ্দপূৰ্ণ আৰু ফলপ্ৰসূ বুলি অভিহিত কৰাৰ লগতে কৰ্মৰত চিকিৎসক সকলৰ সমস্যা তথা দাবীৰাজি সমাধানৰ দিশত স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে লোৱা উদ্যোগৰ শলাগ লয়।

লগতে পঢ়কঃ পানবাৰী মছজিদৰ পৰিচালনা সমিতিক লৈ দুই সংগঠনৰ মাজত খণ্ড-যুদ্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.