কৃত্ৰিম বান : মহানগৰীত বিদ্যুৎস্পৃষ্ট হৈ মহিলাৰ মৃত্যু

author img

By

Published : Oct 20, 2021, 10:24 AM IST

woman-electrocuted-to-death-at-pandu

মহানগৰীৰ পাণ্ডু টেম্পল ঘাটত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এগৰাকী মহিলাৰ ৷ কৃত্ৰিম বান মহিলাগৰাকীৰ ঘৰৰ ভিতৰলৈ সোমোৱাত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিট হৈ মহিলাগৰাকী আঘাতপ্ৰাপ্ত হয় ৷ লগে লগে মহিলাগৰাকীক সংকটজনক অৱস্থাত ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়তে মৃত্যুক সাৱটি লয় ৷

গুৱাহাটী, 20 অক্টোবৰ : মঙলবাৰে নিশা গুৱাহাটী মহানগৰীৰ পাণ্ডু টেম্পল ঘাটত অঘটন ৷ কৃত্ৰিম বানৰ ফলত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটিবলগীয়া হয় এগৰাকী মহিলাই ৷ মহিলাগৰাকীৰ নাম মেহেন্দী বৰুৱা বুলি জানিব পৰা গৈছে ৷

স্থানীয় বাসিন্দাই সদৰী কৰা মতে, মঙলবাৰৰ বিয়লি ভাগৰে পৰা অহা বৰষুণজাকে কৃত্ৰিম বানৰ সৃষ্টি কৰে ৷ বৰষুণৰ পানী নলাৰে গৈ মহিলাগৰাকীৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰে ৷ ঘৰত থকা ইনভাৰ্টাৰৰ ভিতৰত পানী সোমোৱাৰ ফলত শ্বৰ্ট চাৰ্কিট ঘটাত মহিলাগৰাকী আঘাতপ্ৰাপ্ত হয় ৷

বিদ্যুৎস্পৃষ্ট হোৱাৰ পাচতে মহিলাগৰাকীক সংকটজনক অৱস্থাত স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়তে মৃত্যু ঘটে ৷

উল্লেখ্য যে, নতুনকৈ নিৰ্মাণ কৰা নলাটো বিজ্ঞানসন্মত নোহোৱাৰ লগতে ঠিকাদাৰৰ ভুলৰ বাবে এই শোকাৱহ ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷ আগন্তুক সময়ত যাতে পুনৰ এনে ধৰণৰ ঘটনা সংঘটিত নহয়, তাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা সংশ্লিষ্ট বিভাগক দাবী জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : খটখটীত লক্ষাধিক টকাৰ ড্ৰাগছসহ আটক এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.