কংগ্ৰেছ-বামপন্থীয়ে তৃতীয় পক্ষৰে ভাষিক সংঘাত সৃষ্টিৰ আখৰা চলাইছে : বিজেপি

author img

By

Published : Oct 20, 2021, 7:46 AM IST

bjp reaction on silchar incident

শিলচৰত অসমীয়া ভাষাৰ হ’ৰ্ডিঙত ক’লা ৰং সনা ঘটনাক লৈ ৰাজ্যিক বিজেপি(BJP)ৰ প্ৰতিক্ৰিয়া । অসমত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠী আৰু অন্যান্য ভাষা-ভাষীৰ লোকক একতাৰ ডোলেৰে অসমীয়া ভাষাইহে বান্ধি ৰাখিছে বুলি মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰদ্বয় ৰঞ্জীৱ কুমাৰ শৰ্মা(Ranjib Kumar Sharma) আৰু ৰামকৃষ্ণ ঘোষে(Ramkrishna Ghosh) । ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত ইতিমধ্যে তিনিজনক আটক কৰি জেৰা অব্যাহত ৰাখিছে কাছাৰ জিলা আৰক্ষী-প্ৰশাসনে ৷

গুৱাহাটী, 20 অক্টোবৰ : ‘‘অসমীয়া ভাষা(Assamese Language)ৰ ওপৰত কোনা ধৰণৰ আক্ৰমণ কেতিয়াও সহ্য কৰা নহ’ব’’ । এই সকীয়নি অসম ৰাজ্যিক বিজেপি(BJP)ৰ । বৰাকত অসমীয়া ভাষাৰ হ’ৰ্ডিঙত ক’লা ৰং সনাৰ ঘটনা সন্দৰ্ভত মঙলবাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যিক বিজেপিয়ে ।

এক বিবৃতিযোগে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰদ্বয় ৰঞ্জীৱ কুমাৰ শৰ্মা(Ranjib Kumar Sharma) আৰু ৰামকৃষ্ণ ঘোষে(Ramkrishna Ghosh) কয়, ‘‘অসমত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠী আৰু অন্যান্য ভাষা-ভাষীৰ লোকক একতাৰ ডোলেৰে অসমীয়া ভাষাইহে বান্ধি ৰাখিছে । তদুপৰি অসমৰ লোকে ব্যৱহাৰ কৰা অন্যান্য ভাষাসমূহৰ বিকাশৰ ক্ষেত্ৰতো অসমীয়া ভাষা সদায় পৰিপূৰক হৈ আহিছে । অসম ভূ-খণ্ডত প্ৰচলিত কোনো এটা ভাষাই আন এটা ভাষাৰ বাবে কেতিয়াও ক্ষতিকাৰক হিচাপে চিহ্নিত হোৱা নাই’’ ৷

হোজাই সমষ্টিৰ বিধায়ক ঘোষে কয়, ‘‘অসমীয়া আৰু বঙালী ভাষা যুগ যুগ ধৰি পৰিপূৰক ভাষা হিচাপে বিকাশ হৈ আহিছে । এই দুয়োটা ভাষা ব্যৱহাৰ কৰা লোকসকলৰ মাজত কোনো ধৰণৰ ৰাজনৈতিক, সামাজিক তথা অর্থনৈতিক সংঘাত নাই’’ ৷

নেতাদ্বয়ে কয়, ‘‘ইংৰাজে আৰম্ভ কৰি যোৱা ‘ডিভাইড এণ্ড ৰুল নীতি’ ব্যৱহাৰ কৰি কংগ্ৰেছ, বামপন্থী আৰু বিভিন্ন মৌলবাদী সংগঠনে ৷ দীর্ঘদিন ধৰি অসমীয়া-বঙালীৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ প্ৰয়াস কৰি আহিছে এই দলকেইটাই । বৰাক-ব্ৰহ্মপুত্ৰৰ সচেতন জনসাধাৰণে তৃতীয় পক্ষৰ এনে ষড়যন্ত্ৰক সদায় ব্যর্থ কৰি আহিছে’’ ।

লগতে পঢ়ক : শিলচৰ কাণ্ডৰ বিৰুদ্ধে হাতীগাঁও থানাত দাখিল FIR

উল্লেখ্য যে, 16 অক্টোবৰৰ দিনা শিলচৰ ৰে’ল ষ্টেচনৰ সমীপত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে(Public Health Engineering Department) অসমীয়া ভাষাত লগোৱা এখন হ’ৰ্ডিঙত ক’লা ৰং সানি মুষ্টিমেয় কেইজনমান লোকে অখ্যাত সংগঠন এটাৰ বেনাৰত সমাজত অৰাজকতা সৃষ্টিৰ প্ৰয়াস চলাইছিল ।

ৰাজ্যখনত ক্ৰমান্বয়ে গঢ়ি উঠা এক সুস্থ সামাজিক পৰিৱেশ বিনষ্ট কৰিবৰ বাবেই এই অসামাজিক তত্বসমূহে এনেধৰণৰ কাৰ্য সংঘটিত কৰা বুলি বিজেপিৰ মুখপাত্ৰ দুগৰাকীয়ে মন্তব্য কৰে । বৰাক উপত্যকাত অসমীয়া ভাষা চলিবলৈ দিয়া নহ’ব বুলি হুংকাৰ দি অখ্যাত সংগঠনৰ লোকসকলে সমগ্ৰ ৰাজ্যখনত এক অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ চেষ্টা চলাইছিল । কিন্তু তৃতীয় পক্ষৰ সহযোগত চলা এনে অপচেষ্টা ইতিমধ্যে অসমৰ ৰাইজে ব্যর্থ কৰিছে ।

মুখপাত্ৰদ্বয়ে কয়, ‘‘মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)ই দুর্গা পূজা(Durga Puja)ৰ সময়ত সমগ্ৰ বৰাক উপত্যকা ভ্ৰমণ কৰাৰ লগতে বিভিন্ন পূজাস্থলীলৈ গৈ দুয়োটা উপত্যকাৰ লোকৰ মাজত এক সমন্বয়ৰ মনোভাৱ গঢ়ি তোলাৰ বাবে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছিল । বৰাক উপত্যকাৰ সংবাদ মাধ্যম আৰু বৌদ্ধিক জগতেও মুখ্যমন্ত্ৰীৰ এনে প্ৰয়াসক ভূয়সী প্ৰশংসা কৰা আমি দেখিবলৈ পাইছিলো । কিন্তু এনে ইতিবাচক কাম অসম বিৰোধী শক্তি এটাৰ বাবে কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে । সেয়েহে এই শক্তিটোৱে অখ্যাত সংগঠনৰ সহায়ত অসমীয়া ভাষাত লিখা হ’ৰ্ডিঙত ক’লা ৰং সানি ভাষিক সংঘাতৰ সৃষ্টি কৰাৰ বাবে চেষ্টা চলাইছিল’’ ৷

কাছাৰ জিলা আৰক্ষী-প্ৰশাসনে মঙলবাৰে আবেলি ভাগত হ’ৰ্ডিঙত ক’লা ৰং ঘটনাটোৰ সৈতে জড়িত থকাৰ সন্দেহত তিনিজন লোকক আটক কৰি সোধ-পোছ কৰা বুলি জানিব পৰা গৈছে । ইয়াৰে প্ৰদীপ দত্ত ৰয়ক প্ৰায় তিনি ঘণ্টা সময় জেৰা কৰাৰ পাচত ঘৰলৈ যোৱাৰ অনুমতি দিয়া হৈছে । অৱশ্যে তেওঁ আৰক্ষীক অৱগত নকৰাকৈ শিলচৰ চহৰৰ বাহিৰলৈ যাব নোৱাৰিব । আনহাতে, আন দুজন যুৱক ক্ৰমে ৰাজু দেৱ আৰু সমৰ দাসক ঘটনা সন্দৰ্ভত কাছাৰ আৰক্ষী(Cachar Police)য়ে জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : শিলচৰত অসমীয়া ভাষাক অপমান; মোহাৰি দিয়া হ'ল অসমীয়াত লিখা ফলক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.