শিলচৰ কাণ্ডৰ বিৰুদ্ধে হাতীগাঁও থানাত দাখিল FIR

author img

By

Published : Oct 19, 2021, 7:28 PM IST

fir against silchar incident

অসমীয়া ভাষাক অপমান কৰাক লৈ সৰব হৈছে একত্ৰিত যুৱ পৰিষদ ৷ যাৰ বিৰুদ্ধে প্ৰদীপ দত্ত ৰয় আৰু ঋষিকেশ দত্তৰ নেতৃত্বাধীন সংগঠনৰ বিৰুদ্ধে হাতীগাঁও থানাত এজাহৰ দাখিল কৰে একত্ৰিত যুৱ পৰিষদে ৷

গুৱাহাটী, ১৯ অক্টোবৰ : অসমীয়া ভাষাত ক’লা ৰং লগোৱা বাঙালী সংগঠনৰ বিৰুদ্ধে সোচ্চাৰ সদৌ অসম একত্ৰিত যুৱ পৰিষদ । মঙলবাৰে হাতীগাঁও থানাত ভাষা বিৰোধী ডেম'ক্ৰেটিক ফ্ৰণ্ট আৰু বৰাক ডেম'ক্ৰেটিক য়ুথ ফ্ৰণ্টৰ বিৰুদ্ধে এজাহৰ দাখিল কৰে সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্বৰ । এজাহাৰ দাখিল কৰি সংগঠনটোৰ দাবী, ২৪ ঘণ্টাৰ ভিতৰত অসমীয়া ভাষাত ক’লা ৰং সনা দুষ্কতিকাৰীক গ্ৰেপ্তাৰ কৰক ৷

‘কেইটামান পচা আলুৱে যেনেকৈ গোটেই বস্তাটো গেলাই পেলাই, ঠিক তেনেকৈ কেইজনমান তথা-কথিত বঙালী ভাষীৰ বাবে গোটেই বঙালী জাতিটোৱে বদনাম ভাগি হ’ব লগা হয় ৷ সেয়ে এনে লোকক বঙালী জাতিৰ লোকে বহিষ্কাৰ কৰা উচিত’ ৷ এই বুলি ক্ষোভ উজাৰে একত্ৰিত যুৱ পৰিষদৰ সাধাৰণ সম্পাদক বিদ্যুৎ কলিতাই ৷

শিলচৰ কাণ্ডৰ বিৰুদ্ধে হাতীগাঁও থানাত দাখিল FIR

অসমীয়া ভাষাক অপমান কৰি দুষ্কাৰ্য কৰা প্ৰদীপ দত্ত ৰয় আৰু ঋষিকেশ দত্ত নেতৃত্বাধীন সংগঠনকো বহিষ্কাৰ কৰাৰ দাবী জনাই একত্ৰিত যুৱ পৰিষদৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷

আনহাতে, সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰী হস্তক্ষেপ দাবী কৰে বিদ্যুৎ কলিতাই ৷ কলিতাৰ দাবী, শ্বহীদক অপমান কৰা বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰিব পৰা চৰকাৰে অসমীয়া ভাষাক অপমান কৰা দুষ্কতিকাৰীক কিয় গ্ৰেপ্তাৰ কৰিব নোৱাৰে ? প্ৰদীপ দত্ত ৰয় নহৈ মুছলমান সম্প্ৰদায় হোৱা হ’লেও ইমান সময়ে হয়তো গ্ৰেপ্তাৰ হ'ল হেঁতেন বুলিও আশংকা প্ৰকাশ কৰে কলিতাই ।

লগতে পঢ়ক : শিলচৰত অসমীয়া ভাষাক অপমান; মোহাৰি দিয়া হ'ল অসমীয়াত লিখা ফলক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.