শিলচৰত অসমীয়া ভাষাক অপমান; মোহাৰি দিয়া হ'ল অসমীয়াত লিখা ফলক

By

Published : Oct 19, 2021, 4:14 PM IST

thumbnail

শিলচৰ কাণ্ডক লৈ উত্তপ্ত অসমৰ পৰিস্থিতি ৷ পুনৰ অসমীয়া ভাষাক অপমান কৰিছে বৰাকত ৷ কিয়নো শিলচৰ ৰে'ল ষ্টেছনত অসমীয়া ভাষাত লিখা এখন পোষ্টাৰ লগোৱা হৈছিল ৷ অসমীয়াত লিখা হোৱাৰ বাবে শিলচৰত ক'লা ৰঙেৰে মোহাৰি পেলোৱা হ'ল অসমীয়াত লিখা ফলকখন ৷ এই ঘটনাৰ অভিযোগ উত্থাপন হৈছে বৰাক ডেম'ক্ৰেটিক যুৱ ফ্ৰণ্টৰ লগতে বঙালী ছাত্ৰ সংগঠন (All Bengali Students Youth Organization)ৰ বিৰুদ্ধে ৷ এই ঘটনাক লৈ বৰ্তমান ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ আনহাতে, জানিব পৰা মতে, এই ঘটনাৰ পাচতে কাছাৰ জিলা প্ৰশাসনে সংগঠন দুইটাৰ বিৰুদ্ধে নিজা ববীয়াকৈ ৰুজু কৰিছে এক গোচৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.