ভাৰতত সফলভাৱে সম্পন্ন হোৱাৰ দিশে 100 কোটি ক'ভিড টীকাকৰণ

author img

By

Published : Oct 20, 2021, 12:58 PM IST

india covid update

100 কোটিৰ মাইলৰ খুঁটি(100 crore mark) পাৰ কৰাৰ দিশে ভাৰতৰ টীকাকৰণ অভিযান(India's cumulative vaccination drive) ৷ মঙলবাৰ পৰ্যন্ত সমগ্ৰ দেশত 99.13 কোটি লোকক প্ৰতিষেধক প্ৰদান ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই (Health Minister Mansukh Mandaviya) টুইটযোগে প্ৰকাশ কৰে এই কথা ৷

নেশ্যনেল ডেস্ক, 20 অক্টোবৰ : 100 কোটিৰ মাইলৰ খুঁটি(100 crore mark) পাৰ কৰাৰ দিশে আগবাঢ়িছে ভাৰতৰ টীকাকৰণ অভিযান(India's cumulative vaccination drive) ৷ মঙলবাৰ পৰ্যন্ত সমগ্ৰ দেশত 99.13 কোটি লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷ ইয়াৰ লগে লগে দেশৰ অনলাইন টীকাকৰণ প্লেটফৰ্ম ডেশ্বব’ৰ্ডত(online vaccination platform dashboard) 1 বিলিয়ন পালি প্ৰতিষেধকৰ কাউণ্ট-ডাউন মিটাৰ মেপ কৰা হৈছে ৷

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ(Ministry of Health and Family Welfare) এক বিবৃতিত প্ৰকাশিত তথ্য অনুসৰি, বিগত 24 ঘণ্টাত ভাৰতত 14,623 জন লোক নতুনকৈ ক'ভিড 19 ত আক্ৰান্ত(14,623 new Covid cases) হৈছে ৷ মঙলবাৰে 19,446 গৰাকী আক্ৰান্ত ৰোগী আৰোগ্য হোৱাৰ লগে লগে দেশত মুঠ আৰোগ্যৰ সংখ্যা 3,34,78,247 লৈ বৃদ্ধি পাইছে ৷

সম্প্ৰতি আৰোগ্যৰ হাৰ(recovery rate) 98.15 শতাংশ হোৱাৰ বিপৰীতে মুঠ সক্ৰিয় আক্ৰান্তৰ(active caseload) সংখ্যা 1,78,098 ৷ এই সংখ্যা বিগত 229 দিনৰ ভিতৰতে সৰ্বনিম্ন ৷

  • " class="align-text-top noRightClick twitterSection" data="">

বিশ্লেষণৰ পৰা গম পোৱা গৈছে যে, weekly positivity rate (1.34%) বিগত 117 দিনৰ ভিতৰত 3 শতাংশ কম ৷ ইফালে daily positivity rate (1.10%) বিগত 51 দিনৰ ভিতৰত 3% শতাংশ কম ৷ এই পৰ্যন্ত 59.44 কোটি পৰীক্ষা সম্পন্ন হৈছে ৷

19 অক্টোবৰত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই (Health Minister Mansukh Mandaviya) টুইটযোগে ভাৰতে ক'ভিড প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত 100 কোটিৰ মাইলৰ খুঁটিৰ দিশে আগবঢ়াৰ কথা প্ৰকাশ কৰে ৷ মাণ্ডৱিয়াই টুইটযোগে এইবুলি কয়, "We are at 99 crores. Go for it India, continue to rapidly march towards our milestone of 100 crore #COVID19 vaccinations," ৷

উল্লেখ্য যে, জানুৱাৰীৰ পৰা ভাৰতত ক'ভিড টীকাকৰণ অভিযান আৰম্ভ হৈছিল ৷

লগতে পঢ়ক : উত্তৰাখণ্ডত প্ৰলয়ংকাৰী বানত ৮ জনৰ মৃত্যু: মুখ্যমন্ত্ৰী ধামীৰে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.