ভাষাৰ অপমান সহ্য কৰা নহয় : যোগেন মহন

By

Published : Oct 20, 2021, 11:55 AM IST

thumbnail

বৰাক উপত্যকাত অসমীয়া ভাষাত প্ৰকাশিত চৰকাৰৰ জল জীৱন মিছনৰ বিজ্ঞাপনত ক’লা ৰং সনা ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মন্ত্ৰী যোগেন মহনে ৷ বৰাকত অসমীয়া ভাষাক অপমান কৰা কাৰ্য দুখজনক বুলি মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ এই বিষয় চিন্তনীয় বুলি ক্ষোভ প্ৰকাশ কৰি এনে অপমান সহ্য কৰা নহ’ব বুলি হুংকাৰ প্ৰদান কৰে ৷ মন্ত্ৰী মহনে এইক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদানো কৰে ৷ ইতিমধ্যে এই ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ কথা মন্ত্ৰীগৰাকীয়ে উপস্থিত ৰাইজৰ আগত ব্যক্ত কৰে ৷ মন্ত্ৰীগৰাকীয়ে মঙলবাৰে থাওৰাত উপস্থিত হৈ সদৰী কৰে এই কথা ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.