বৰাকত অসমীয়া ভাষাক অপমান, নগাঁৱত এজাহাৰ দাখিল বীৰ লাচিত সেনাৰ

author img

By

Published : Oct 20, 2021, 1:45 PM IST

বৰাকত অসমীয়া ভাষাক অপমান, নগাঁৱত এজাহাৰ দাখিল বীৰ লাচিত সেনাৰ

বৰাকত অসমীয়া ভাষাক অপমান কৰাক লৈ নগাঁও সদৰ থানাত এজাহাৰ দাখিল বীৰ লাচিত সেনাৰ ৷ অসমীয়া ভাষাক কৰা অপমান সহ্য কৰা নহ'ব বুলি হুংকাৰ দি অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত বীৰ লাচিত সেনাৰ প্ৰতিবাদ ।

নগাঁও, 20 অক্টোবৰ : বৰাকত অসমীয়া ভাষাৰ হৰ্ডিঙত একাংশ লোকে ক'লা ৰং সানি দিয়াৰ প্ৰতিবাদত মঙলবাৰে নগাঁও সদৰ থানাত বীৰ লাচিত সেনাই দাখিল কৰে এজাহাৰ । এজাহাৰ দাখিল কৰিয়েই অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ সদস্যসকলে ।

এজাহাৰ দাখিল কৰি সংগঠনটোৰ নেতাৰ মন্তব্য- কলিকতা আৰু বাংলাদেশৰ পৰা পৰিচালিত এই অখ্যাত বাঙালী সংগঠনৰ সদস্যসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক । অসমৰ ভাষা, সংস্কৃতিৰ ওপৰত এনেধৰণৰ আঘাত সহ্য কৰা নহ’ব ।

অসম চৰকাৰকো সকীয়নি প্ৰদান কৰি প্ৰতিবাদকাৰীসকলে কয় যে, বৰাক উপত্যকা অসমৰ ভিতৰত থাকিবলৈ হ’লে অসমীয়া ভাষা চলিবই লাগিব । অসমীয়াৰ আধিপত্য চলিবই লাগিব । অন্যথা বাংলাদেশ অধিকৃত বৰাক বুলি ঘোষণা কৰক । তেওঁলোকে কয় যে, শ্বহীদক অপমান কৰা শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰাত আমি ভাল পাইছো ।

নগাঁৱত এজাহাৰ দাখিল বীৰ লাচিত সেনাৰ

একেদৰে অসমীয়া ভাষাক হৰ্ডিঙৰ পৰা মচি দিব বিচৰা বঙালী দুস্কৃতিকাৰীকো গ্ৰেপ্তাৰ কৰক । নহ’লে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কুটিল ৰাজনীতি বুলি আমি ধৰি লম বুলিও সংগঠনটোৰ সদস্যসকলে দাবী কৰে ।

এনে ধৰণৰ দুস্কাৰ্য চলিলে অনাগত সময়ত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা ব্যক্ত কৰে প্ৰতিবাদকাৰীসকলে । ইয়াৰ বাবে ৰাজ্য চৰকাৰে দায়ী হ’ব বুলি তেওঁলোকে কয় ।

লগতে পঢ়কঃ প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা আঁচনিৰ বিনামূলীয়া চাউল বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.