কেৰালাত ধাৰাসাৰ বৰষুণ : পেৰিয়াৰ নদীৰ সমীপৰ অঞ্চলত হাই এলাৰ্ট জাৰি

author img

By

Published : Oct 20, 2021, 1:29 PM IST

High alert on banks of Periyar

মুষলধাৰ বৰষুণে সংহাৰী ৰূপ ধাৰণ কৰিছে কেৰালা(Kerala)ত । ধাৰাসাৰ বৃষ্টিপাতৰ ফলত ওফন্দি উঠিছে নদীৰ জলপৃষ্ঠ । ইডুক্কি বান্ধৰ পানী এৰি দিয়াৰ পাচতে পেৰিয়াৰ নদীৰ সমীপৰ অঞ্চলসমূহত হাই এলাৰ্ট জাৰি প্ৰশাসনৰ । বৰষুণৰ ফলত এতিয়ালৈকে ৰাজ্যখনৰ ২৭ জন লোকে প্ৰাণ হেৰুৱাইছে ।

নেশ্যনেল ডেস্ক, ২০ অক্টোবৰ : বুধবাৰে পুৱা কেৰালাৰ ইডুক্কি বান্ধৰ পানী এৰি দিয়াৰ পাচতে পেৰিয়াৰ নদীৰ সমীপৰ অঞ্চলত হাই এলাৰ্ট জাৰি কৰে প্ৰশাসনে । বান্ধৰ পানী কোচিৰ আলুভা অঞ্চল পোৱাৰ লগে লগে এৰ্নাকুলাম জিলা প্ৰশাসনে হাই এলাৰ্ট জাৰি কৰে । উল্লেখ্য যে, কেৰালাত হোৱা মুষলধাৰ বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্কতামূলক ব্যৱস্থা হিচাপে মঙলবাৰে পুৱা ১১ বজাত ইডুক্কি বান্ধৰ তিনিখন শ্বাটাৰ খোলা হৈছিল । বৰ্তমান ইডুক্কি বান্ধৰ পৰা প্ৰতি ছেকেণ্ডত প্ৰায় এক লাখ লিটাৰ পানী এৰি দিয়া হৈছে ।

ইফালে কেৰালাৰ শক্তিমন্ত্ৰী কে কৃষ্ণণকুট্টী(K Krishnankutty)য়ে মঙলবাৰে জানিবলৈ দিয়ে যে, পেৰিয়াৰ নদীৰ জলস্তৰ বৰ্তমান বিপদসীমাৰ তলতে আছে । তেওঁ মঙলবাৰে উক্ত অঞ্চল পৰিদৰ্শন কৰে । চৰকাৰী তথ্য অনুসৰি, বৰ্তমানলৈকে কেৰালাত ধাৰাসাৰ বৰষুণত ২৭ জন লোকে প্ৰাণ হেৰুৱাইছে । ইয়াৰ ভিতৰত কোট্টায়াম জিলাত ১৪ জন, ইডুক্কি জিলাত ১০ জন আৰু থিৰুৱনন্তপুৰম, ত্ৰিচুৰ আৰু কোজিকোড়ে জিলাত এজনকৈ লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মঙলবাৰে থিৰুৱনন্তপুৰম, পাথানামথিট্টা, কোট্টায়াম আৰু বৰষুণত ক্ষতিগ্ৰস্ত কেৰালাৰ আন কেইবাখনো জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰে । এৰ্নাকুলাম, ইডুক্কি, ত্ৰিচুৰ, পালাক্কাড়, মালাপ্পুৰম, কোজিকোড়ে, ৱায়ানাড আৰু কান্নুৰ জিলাতো জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট । বুধবাৰে কাছাৰগড়, আলাপুঝা আৰু কোল্লাম জিলাত য়েল্ল' এলাৰ্ট জাৰি কৰা হয় ।

লগতে পঢ়ক: সীমান্তত বৃদ্ধি পাইছে চীনা সেনাৰ অনুশীলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.