আন্তৰ্জাতিক প্ৰকল্প Extrapolations ত দেখা যাব আদৰ্শ গৌৰৱক

author img

By

Published : Oct 20, 2021, 1:52 PM IST

Adarsh Gourav bags international project

অস্কাৰ বিজয়ী Meryl Streep ৰ সৈতে আন্তৰ্জাতিক প্ৰকল্প Extrapolations ৰ বাবে সাজু অভিনেতা আদৰ্শ গৌৰৱ(Adarsh Gourav) ৷ প্ৰডাকচনৰ কাম চলি থকা ছবিখনে পৃথিৱীত আহিবলগীয়া পৰিৱৰ্তনে কেনেদৰে ভালপোৱা, বিশ্বাস, কাম তথা পৰিয়ালৰ ওপৰত প্ৰভাৱ পেলাব তাৰ এক কাহিনী তুলি ধৰিব ৷

চিটাৰা ডেস্ক , 20 অক্টোবৰ : নেটফ্লিক্সৰ দ্য হোৱাইট টাইগাৰত (Netflix's The White Tiger) অনন্য অভিনয়েৰে দৰ্শকৰ মন জয় কৰাৰ পাচত এতিয়া এক আন্তৰ্জাতিক প্ৰকল্পত কাম কৰিবলৈ সাজু হৈছে অভিনেতা আদৰ্শ গৌৰৱ(Adarsh Gourav) ৷ আন্তৰ্জাতিক প্ৰকল্প Extrapolations ত দেখা যাব অভিনেতাগৰাকীক ৷ সম্প্ৰতি প্ৰডাকচনৰ কাম চলি থকা ছবিখনে পৃথিৱীত আহিবলগীয়া পৰিৱৰ্তনে কেনেদৰে ভালপোৱা, বিশ্বাস, কাম তথা পৰিয়ালৰ ওপৰত প্ৰভাৱ পেলাব তাৰ এক কাহিনী তুলি ধৰিব বুলি জানিব পৰা গৈছে ৷

দ্য হোৱাইট টাইগাৰ ছবিখনৰ জৰিয়তে বিশ্বব্যাপী এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা আদৰ্শ গৌৰৱে কয় যে, পূৰ্বে তেওঁ চিত্ৰনাট্যৰ সন্ধানত আছিল ৷ কিন্তু দ্য হোৱাইট টাইগাৰৰ সফলতাৰ পাচত এতিয়া চিত্ৰনাট্যইহে তেওঁক বিচাৰি আহে ৷ দ্য হোৱাইট টাইগাৰৰ মুক্তিৰ পিছতে তেওঁ যি মন্তব্য কৰিছিল, সেয়া যেন সঁচা প্ৰমাণিত হ'ল ৷ কিয়নো অভিনেতাগৰাকীয়ে এটা সন্মানীয় প্ৰকল্প লাভ কৰিছে, য'ত অস্কাৰ বিজয়ী Meryl Streep ও থাকিব ৷

এই climate change anthology drama series টোত বহু প্ৰখ্যাত অভিনয় শিল্পী যেনে, Kit Harington, David Schwimmer, Sienna Miller, Tahar Rahim, Matthew Rhys, Daveed Diggs আৰু Gemma Chan আদিক দেখিবলৈ পোৱা যাব ৷ অৱশ্যে অভিনেতাগৰাকীয়ে এতিয়ালৈকে আনুষ্ঠানিকভাৱে প্ৰকল্পটোৰ কথা ঘোষণা কৰা নাই ৷

উল্লেখ্য যে, দ্য হোৱাইট টাইগাৰত কৰা অভিনয়ৰ বাবে আদৰ্শ গৌৰৱে Best Leading Actor ৰ বাবে মনোনয়ন অৰ্জন কৰে ৷ জয়া আখতাৰৰ পৰৱৰ্তী ছবি Kho Gaye Hum Kahan টো অভিনেতাগৰাকীক দেখিবলৈ পোৱা যাব ৷ ছবিখনত সিদ্ধান্ত চতুৰ্বেদী আৰু অনন্যা পাণ্ডে-এ মুখ্য চৰিত্ৰত অভিনয় কৰিব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : অস্কাৰৰ মনোনয়নৰ তালিকাত অন্তৰ্ভূক্ত হোৱাৰ দিশে BRIDGE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.