অস্কাৰৰ মনোনয়নৰ তালিকাত অন্তৰ্ভূক্ত হোৱাৰ দিশে BRIDGE

author img

By

Published : Oct 19, 2021, 9:12 PM IST

Updated : Oct 20, 2021, 6:51 AM IST

nominitate for Oscar a Assamese Film name Bridge

অসমীয়া চলচ্চিত্ৰ উদ্যোগলৈ আহিছে এক সুখবৰ । অস্কাৰৰ মনোনয়নৰ তালিকাত অন্তৰ্ভূক্ত হ’বৰ বাবে প্ৰাথমিক পৰ্যায়ত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে অসমীয়া চলচ্চিত্ৰ ব্ৰীজে(BRIDGE) ৷

গুৱাহাটী, 20 অক্টোবৰ : অসমীয়া চলচ্চিত্ৰ জগতখনলৈ আহিছে এক সুখবৰ । বিশ্ব চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান অস্কাৰৰ মনোনয়নৰ তালিকাত অন্তৰ্ভূক্ত হ’বৰ বাবে ইয়াৰ প্ৰাথমিক পৰ্যায়ত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে অসমীয়া চলচ্চিত্ৰ ব্ৰীজে

ইতিমধ্যে ভাৰতৰ পৰা "অস্কাৰ"ৰ বাচনি তালিকাত অন্তৰ্ভুক্ত হৈছে "ব্ৰীজ" । এই বৰ্ষত মুঠ ১২ খন ভাৰতীয় চিনেমা আছে এই তালিকাত । ইয়াৰে পৰা এখন চিনেমা জুৰিয়ে বাচনি কৰি "অস্কাৰ"ত শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সন্মানৰ বাবে ভাৰতক প্ৰতিনিধিত্ব কৰিবৰ বাবে পঠিয়াব । ব্ৰীজৰ পৰিচালনা, কাহিনী, চিত্ৰনাট্য, সংলাপ, পৰিচালক কৃপাল কলিতাৰ ।

nominitate for Oscar a Assamese Film name Bridge
অস্কাৰৰ মনোনয়ন লাভ অসমীয়া চলচ্চিত্ৰ ব্ৰীজ

উল্লেখ্য যে, ৰমা কুমাৰ দাস আৰু সবিতা দেৱী প্ৰযোজিত ব্ৰীজে ইতিমধ্যে দেশ-বিদেশৰ কেইবাখনো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ সুনাম কঢ়িয়াই আনিছে । এই বিষয়ে ইটিভি ভাৰতৰ এক সাক্ষাৎকাৰত পৰিচালক কৃপাল কলিতাই (Kripal kalita)কয় যে, ভাৰতবৰ্ষৰ পৰা অস্কাৰৰ বাবে ছবি মনোনীত কৰা হয় ৷ এই বৰ্ষত মনোনীত ১২ খন ভাৰতীয় চলচ্চিত্ৰৰ ভিতৰত ব্ৰীজ অন্যতম । ১৮ অক্টোবৰৰ পৰা উক্ত ছবিসমূহৰ স্ক্ৰীনিং পৰ্যায় আৰম্ভ হৈছে ।

লগতে পঢ়ক : বৰষা-বৰুণৰ বিয়া; আনন্দত মচগুল বেলিমুখীয়া চাংমাই গাঁওবাসী

ছবিখনৰ সন্দৰ্ভত পৰিচালক কৃপাল কলিতাই কয় যে, ২০১৮ চনৰ পৰা শ্বুটিঙৰ কাম আৰম্ভ কৰা ব্ৰীজৰ চিত্ৰগ্ৰহণ সম্পূৰ্ণ হয় ২০২০ ৰ মাৰ্চত ৷ ইতিমধ্যে দেশ-বিদেশৰ বিভিন্ন প্ৰতিযোগিতাত ভাগ লৈ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ব্ৰীজে ।

অসমীয়া চলচ্চিত্ৰলৈ আহিছে এক সুখবৰ

গাঁৱৰ এখন নিভাজ ছবি প্ৰতিফলিত হোৱা ছবিখনত মূল চৰিত্ৰ ৮-৯ টা থকাৰ উপৰিও আছে বহুকেইটা অন্যান্য চৰিত্ৰ ৷ চলচ্চিত্ৰখনত অভিনয় কৰা অভিনেতা-অভিনেত্ৰীৰ ৯৭% নৱাগত । ছবিখনৰ দৈৰ্ঘ ১ ঘণ্টা ২৯ মিনিট । ৫ টা বাস্তৱ ঘটনাৰে এগৰাকী গাভৰুৰ জীৱন সংগ্ৰামক লৈ ছবিখন নিৰ্মাণ কৰা হৈছে ।

ছবিখন অতি সোনকালে চিত্ৰগৃহত মুকলি কৰি দিয়াৰ চিন্তা-চৰ্চা কৰিছে প্ৰয়োজক কৰ্তৃপক্ষই । মুকলিৰ পিছত দৰ্শকসকলক ছবিগৃহলৈ আহি ছবিখন উপভোগ কৰিবলৈ আহ্বান জনাই পৰিচালক কৃপাল কলিতাই ৷

লগতে পঢ়ক : বলীউডত পদাৰ্পণৰ বাবে সাজু কণ্ঠশিল্পী য়োহানী

Last Updated :Oct 20, 2021, 6:51 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.