বকেয়া পৰিবহণ কৰ আদায় নিদিয়া বাহনৰ গৰাকীলৈ কঠোৰ নিৰ্দেশনা

author img

By

Published : Oct 20, 2021, 1:56 PM IST

failure-to-pay-the-arrears-of-transport-tax-by-october-30-will-result-in-penalty

30 অক্টোবৰৰ ভিতৰত বকেয়া কৰ আদায়, ম্যাদ উকলি যোৱা অনুজ্ঞাপত্ৰ, নথি-পত্ৰ নবীকৰণ কৰিবলৈ আহ্বান পৰিবহণ বিভাগ(Transport Department)ৰ । বকেয়া কৰ আদায় নিদিয়াসকলৰ পৰা আদায় কৰা হ’ব জৰিমনা । 2020 চনৰ ফেব্ৰুৱাৰী মাহৰ পূৰ্বে বকেয়া কৰ আদায় দিবলৈ বাকী থকা বাহনৰ গৰাকীসকলৰ পৰা অতিৰিক্ত জৰিমনা আদায় কৰা হ’ব ৷

গুৱাহাটী, 20 অক্টোবৰ : দেশৰ অন্য ৰাজ্যৰ লগতে অসমতো ক’ভিড 19(Covid 19)ৰ সংক্ৰমণ ৰোধৰ বাবে 2020 চনৰ 24 মাৰ্চত দেশজুৰি আৰম্ভ হোৱা লক ডাউন(Lockdown)ৰ বাবে যান-বাহনৰ গৰাকীক বিভিন্ন ক্ষেত্ৰত কিছু ৰেহাই দিছিল কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰণালয়ে(Transport Ministry) ।

তাৰ ভিতৰত 2020 চনৰ ফেব্ৰুৱাৰী মাহত যিসকল বাহনৰ গৰাকীয়ে পৰিবহণ বিভাগ(Transport Department)ক যাৱতীয় কৰ-কাটল আদায় দিবলৈ বাকী আছিল, তেওঁলোকৰ বাবে সেই বকেয়া কৰ আদায় দিয়াৰ সময়সীমা বৃদ্ধি কৰিছিল । আনকি বিগত প্ৰায় ডেৰ বছৰৰ ভিতৰত এই সময়সীমা 7 বাৰ বৃদ্ধি কৰাৰ পাচত পথ পৰিবহণ মন্ত্ৰণালয়ে ছেপ্তেম্বৰ মাহত শেষবাৰৰ বাবে বকেয়া কৰ আদায় দিয়াৰ চূড়ান্ত তাৰিখ 30 অক্টোবৰ বুলি ঘোষণা কৰিছিল ।

failure-to-pay-the-arrears-of-transport-tax-by-october-30-will-result-in-penalty
বকেয়া পৰিবহণ কৰ আদায় নিদিয়া বাহনৰ গৰাকীলৈ কঠোৰ নিৰ্দেশনা

এই বিষয়ত অসম চৰকাৰৰ পৰিবহণ বিভাগৰ কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া(পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ) কাৰ্যালয়ৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে জানিবলৈ দিয়া মতে, লক ডাউনৰ বাবে পৰিবহণ খণ্ডটোত নেতিবাচক প্ৰভাৱ পৰিছে ৷

ইয়াৰ ফলস্বৰূপে কেন্দ্ৰীয় চৰকাৰে বকেয়া কৰ আদায়ৰ লগতে ম্যাদ উকলি যোৱা গাড়ীচালনাৰ অনুজ্ঞা পত্ৰ, পঞ্জীয়ন পত্ৰ আৰু পথত চলাচল কৰাৰ অনুজ্ঞাপত্ৰৰ নবীকৰণৰ চূড়ান্ত সময়সীমা 30 অক্টোবৰ বুলি ইতিপূৰ্বে ঘোষণা কৰিছে । এই ঘোষণা অনুসৰি, 2020 চনৰ ফেব্ৰুৱাৰী মাহৰ পাচত অৰ্থাৎ লক ডাউন ঘোষণা কৰাৰ পাচত কৰ আদায় দিবলৈ থকা বাহনৰ গৰাকীসকলকহে এই ৰেহাইৰ আওতাৰ ভিতৰত সামৰি লোৱা হৈছিল ।

বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পূৰ্বৰ বকেয়া কৰ আদায় দিবলৈ থকাসকলক এই ৰেহাইৰ ভিতৰত সামৰি লোৱা হোৱা নাছিল ৷

failure-to-pay-the-arrears-of-transport-tax-by-october-30-will-result-in-penalty
বকেয়া পৰিবহণ কৰ আদায় নিদিয়া বাহনৰ গৰাকীলৈ কঠোৰ নিৰ্দেশনা

আনহাতে, কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি, 30 অক্টোবৰৰ ভিতৰত যান-বাহনৰ যিসকল গৰাকীয়ে বিভাগক বকেয়া কৰ আদায় নিদিব, তেওঁলোকৰ বিৰুদ্ধে পহিলা নৱেম্বৰৰ পাচত বিশেষ অভিযান আৰম্ভ কৰা হ’ব । অভিযানত যিসকল বাহনৰ গৰাকীয়ে 30 অক্টোবৰৰ ভিতৰত বকেয়া কৰ আদায় দিয়া নাই, তেওঁলোকৰ পৰা জৰিমনা আদায় কৰা হ’ব । আনকি লক ডাউনৰ নামত অৰ্থাৎ 2020 চনৰ ফেব্ৰুৱাৰী মাহৰ পূৰ্বে বকেয়া কৰ আদায় দিবলৈ বাকী থকা বাহনৰ গৰাকীসকলৰ পৰা অতিৰিক্ত জৰিমনা আদায় কৰা হ’ব ।

বাহনৰ গৰাকীসকলে কাৰ্যালয়লৈ আহি নিৰ্দিষ্ট কাউণ্টাৰত এ টি এম(ATM) বা Debit Card যোগে কৰ আদায় দিব পাৰিব । আনকি অনলাইন ব্যৱস্থা অৰ্থাৎ এন ই এফ টি(NEFT), আৰ চি জি(RCG) বা ই চি এছ(ECS) পদ্ধতিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ।

failure-to-pay-the-arrears-of-transport-tax-by-october-30-will-result-in-penalty
বকেয়া পৰিবহণ কৰ আদায় নিদিয়া বাহনৰ গৰাকীলৈ কঠোৰ নিৰ্দেশনা

ইফালে বিগত সময়চোৱাত বিভাগৰ যান-বাহন পৰিদৰ্শক, প্ৰৱৰ্তক, পৰিদৰ্শককে ধৰি সমূহ কৰ্মচাৰীৰ সামূহিক প্ৰচেষ্টাত অনাদায় বাহনৰ গৰাকী আৰু ৰাজহ ফাঁকি দি বাহন বা পৰিবহণ খণ্ডৰ ব্যৱসায় কৰা কোম্পানীৰ বিৰুদ্ধে ক’ভিডৰ ভয়াৱহতাৰ মাজতো চলোৱা বিশেষ অভিযানত বিভাগে বহু সফলতা লাভ কৰিছে । যাৰ বাবে চলিত 2021-22 বিত্তীয় বর্ষৰ পহিলা এপ্ৰিলৰ পৰা 30 ছেপ্তেম্বৰলৈ বিগত 6 মাহত অভিলেখ পৰিমাণৰ 102 কোটি টকাতকৈও অধিক পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰা হয় ।

সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে সদৰী কৰে যে, ক’ভিডকেন্দ্ৰিক পৰিস্থিতি স্বাভাৱিক হোৱাৰ পাচত পৰিবহন ব্যৱস্থাটো সম্প্ৰতি ঠন ধৰি উঠিছে । ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থা সবল কৰি তোলাৰ ক্ষেত্ৰত যান-বাহনৰ কৰ পৰিশোধ কৰাতো গৰাকীসকলৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য ৷

ৰাজ্যখনৰ অৰ্থনৈতিক বুনিয়াদ গঢ়াত যান-বাহনৰ গৰাকীসকলে যথেষ্ঠ অৱদান আগবঢ়াই আহিছে । আনহাতে পথ সুৰক্ষাৰ দিশত সজাগতা সৃষ্টিৰ লগতে ‘‘দুৰ্ঘটনামুক্ত অসম’’ গঢ়াৰ বাবে মুখ্যমন্ত্ৰীয়ে জনোৱা আহ্বান আৰু পৰিবহণ মন্ত্ৰীয়ে দিয়া নিৰ্দেশনাৰ আধাৰত জিলা পথ সুৰক্ষা সমিতিৰ ফালৰ পৰা বিশেষ পদক্ষেপো গ্ৰহণ কৰা হৈছে ।

লগতে পঢ়ক : ৰাজ্যত এক লাখ চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিত জটিলতা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.