ৰাজ্যত এক লাখ চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিত জটিলতা !

author img

By

Published : Oct 19, 2021, 2:06 PM IST

complications in promise of one lakh government jobs

নতুন পদ সৃষ্টিৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা ৰাজ্য চৰকাৰৰ । বিভাগসমূহলৈ বিত্ত বিভাগ(Finance Department)ৰ নিৰ্দেশনা । ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা গুৰুত্বপূর্ণ সিদ্ধান্ত বৰ্তমানলৈকে ৰাজহুৱা কৰা হোৱা নাই । ৰাজ্য চৰকাৰৰ বিত্তীয় অৱস্থা সূচল নোহোৱাৰ বাবেই নতুন পদ সৃষ্টি কৰিব বিচৰা নাই । এক লাখ পদত নিযুক্তি দিলে বছৰি অতিৰিক্ত 8 হাজাৰ কোটি টকাৰ প্ৰয়োজন হ’ব ৷

গুৱাহাটী, 19 অক্টোবৰ : ৰাজ্যৰ এক লাখ নিবনুৱাক চৰকাৰী চাকৰি দিয়াৰ বিজেপি(BJP) চৰকাৰৰ প্ৰতিশ্ৰুতি যেন কাৰ্যতঃ অসাৰ প্ৰতিপন্ন হ’ব । কাৰণ ৰাজ্য চৰকাৰে নতুন পদ সৃষ্টিৰ ক্ষেত্ৰত আৰোপ কৰিছে প্ৰতিবন্ধকতা । ইতিমধ্যে নতুন পদ সৃষ্টিৰ সিদ্ধান্ত স্থগিত ৰখা হৈছে বুলি সংশ্লিষ্ট বিভাগসমূহক স্পষ্টকৈ জনাই দিছে বিত্ত বিভাগে(Finance Department) । বিত্ত বিভাগৰ ফাইলৰ টোকাত উল্লেখ কৰা হৈছে যে, কেবিনেটৰ সিদ্ধান্ত অনুসৰি নতুন পদ সৃষ্টিৰ সিদ্ধান্ত স্থগিত ৰখা হৈছে ।

বিত্ত মন্ত্ৰী(Finance Minister)য়ে চূড়ান্ত সিদ্ধান্ত নোলোৱা পর্যন্ত এই সিদ্ধান্ত বাহাল থাকিব । স্বাভাৱিকতে বিত্ত বিভাগৰ এই নিৰ্দেশনাই এতিয়া ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগতেই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷ লক্ষণীয় বিষয় যে, ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা এই গুৰুত্বপূর্ণ সিদ্ধান্ত এতিয়ালৈকে ৰাজহুৱা কৰা হোৱা নাই ৷

উল্লেখ্য যে, প্ৰতি সপ্তাহত হোৱা ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে একোগৰাকী কেবিনেট মন্ত্ৰীয়ে । কিন্তু এই সিদ্ধান্ত ৰাজহুৱা কৰা হোৱা নাছিল । হয়তো বিৰূপ প্ৰতিক্ৰিয়াৰ পূৰ্বানুমান কৰি কেবিনেটৰ এই সিদ্ধান্ত ৰাজহুৱা হোৱাতো বিচৰা নাছিল ৰাজ্য চৰকাৰে । কিন্তু বিত্ত বিভাগৰ ফাইলত লিপিবদ্ধ এই সম্পৰ্কীয় বিশেষ টোকা আৰু বিভিন্ন বিভাগলৈ প্ৰেৰণ কৰা নিৰ্দেশনা শেহতীয়াকৈ পোহৰলৈ অহাত প্ৰতিক্ৰিয়াৰ ঢৌ উঠিছে ।

এক লাখ নিবনুৱাক চৰকাৰী পদত নিযুক্তিৰ ঘোষণা কার্যকৰী কৰাৰ উদ্দেশ্যে খালী পদৰ তালিকা প্ৰস্তুত কৰিবলৈ বিভাগসমূহক নিৰ্দেশ দিছিল বিত্ত বিভাগে । তদুপৰি বিভাগে প্ৰয়োজন অনুসৰি নতুন পদ সৃষ্টিত অনুমোদন জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি বিভাগসমূহক অৱগত কৰিছিল । ইয়াৰ পাচতেই ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগে নতুন পদ সৃষ্টিৰ প্ৰস্তাৱৰ ফাইল বিত্ত বিভাগলৈ প্ৰেৰণ কৰে ।

বহু বিভাগৰ নতুন পদ সৃষ্টিৰ ফাইলসমূহ শেহতীয়াকৈ বিত্ত বিভাগে ঘূৰাই পঠিয়ায় । লগতে উল্লেখ কৰি দিছে কেবিনেটৰ সিদ্ধান্তৰ প্ৰসংগৰে বিত্ত বিভাগৰ টোকা । নতুন পদ সৃষ্টিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে মাত্ৰ দুমাহৰ ভিতৰতেই লুটিবাগৰ মৰা কাৰ্যই এতিয়া সকলোকে হতচকিত কৰি তুলিছে । কি কাৰণত চৰকাৰে সিদ্ধান্ত সলনি কৰিছে, তাক লৈও চলিছে ব্যাপক চর্চা । দিছপুৰৰ এক নিৰ্ভৰযোগ্য সূত্ৰই সদৰী কৰা অনুসৰি, ৰাজ্য চৰকাৰৰ বিত্তীয় অৱস্থা সূচল নোহোৱা বাবেই নতুন পদ সৃষ্টি কৰিব বিচৰা নাই ।

চৰকাৰৰ এই সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত আগন্তুক সময়ত নিযুক্তিৰ ক্ষেত্ৰত অনিশ্চয়তাই দেখা দিয়াৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । ৰাজ্য চৰকাৰৰ 4-5 টা বিভাগত অধিক খালী পদ আছে যদিও আন একাংশ বিভাগত নাই খালী পদ ৷ কিন্তু উক্ত বিভাগসমূহত নতুন পদৰ অধিক প্ৰয়োজন । সেই অনুসৰি, বিত্ত বিভাগে প্ৰস্তাৱ পঠাবলৈও কৈছিল । আনকি পদ সৃষ্টিৰ ক্ষেত্ৰত বিত্ত বিভাগৰ অনুমোদন অবিহনে সংশ্লিষ্ট বিভাগক অধিকাৰ তথা ক্ষমতা প্ৰদানৰ চিন্তা-চৰ্চাও চলিছিল ।

কিন্তু হঠাৎ সিদ্ধান্ত সলনি কৰি বিত্ত বিভাগে নতুন পদ সৃষ্টিৰ দুৱাৰ বন্ধ কৰাত চৰকাৰৰ নিযুক্তিৰ সদিচ্ছাৰ ওপৰত সন্দেহৰ উদ্ৰেক হৈছে । মন কৰিবলগীয়া যে, চৰকাৰী বিভাগসমূহত সম্প্ৰতি 50 হাজাৰৰো অধিক পদ খালী হৈ আছে । বিত্তীয় পৰিস্থিতিৰ বাবেই এই পদসমূহত নিযুক্তিৰ বাবে কোনো খৰতকীয়া পদক্ষেপ নাই । প্ৰাপ্ত তথ্য মতে, কেবিনেটৰ সিদ্ধান্ত অনুসৰি এক লাখ নিবনুৱাক পদত নিযুক্তি প্ৰক্ৰিয়া হাতত ল’লে ৰাজ্য চৰকাৰক দা-দৰমহাৰ বাবে বছৰি অতিৰিক্ত 8 হাজাৰ কোটি টকাৰ প্ৰয়োজন হ’ব ।

এই বৃহৎ অংকৰ আৰ্থিক বোজাৰ পৰা সকাহ পোৱাৰ কৌশলেৰে ৰাজ্য চৰকাৰে কোনো নতুন পদ সৃষ্টি নকৰাৰ সিদ্ধান্ত লৈছে ৷ ইয়াৰ সমান্তৰালকৈ খালী পদৰ নিযুক্তিৰ ক্ষেত্ৰতো লেহেম নীতি লৈছে । উল্লেখ্য যে, বর্তমান ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দা-দৰমহাৰ বিপৰীতে চৰকাৰৰ বাৰ্ষিক ব্যয়ৰ পৰিমাণ 33 হাজাৰ কোটি টকা । তাৰ লগত অতিৰিক্ত 8 হাজাৰ কোটি টকা যোগ হলে সেয়া 41 হাজাৰ কোটি টকালৈ বৃদ্ধি পাব, যিটো ৰাজ্য চৰকাৰৰ বাবে অসহনীয় বোজাস্বৰূপ হৈ পৰিব ।

সেই পৰিস্থিতি অনুধাৱন কৰিয়েই আৰ্থিক বোজা পাতল কৰাৰ নামত কোনো নতুন পদ সৃষ্টিৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লৈছে চৰকাৰে । ৰাজ্যৰ বিত্তীয় পৰিস্থিতিৰ জোৰা মৰাৰ বাবেই ইতিমধ্যে চৰকাৰখনে উন্নয়নমূলক শিতানৰ নামত নতুনকৈ 1,200 কোটি টকাৰ বজাৰ ঋণ ল’বলগীয়া হৈছে ।

আনহাতে, ৰাজ্য চৰকাৰৰ বছৰি নিজাববীয়া ৰাজহ আহৰণৰ পৰিমাণ মাত্ৰ 28 হাজাৰ কোটি টকা । কেন্দ্ৰীয় আৰ্থিক সাহায্য অবিহনে ৰাজ্যখনৰ অন্যান্য কোনো উন্নয়নমূলক কাম-কাজ সম্ভৱ নহয় । তেনেস্থলত নতুন পদৰ কথা দূৰৈৰে খালী থকা পদ পূৰণৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে । গতিকে চৰকাৰখনে কিদৰে এক লাখ নিবনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি পূৰণ কৰে, সেয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : চৰকাৰী চাকৰি লাগে নেকি ? তিনিটা সন্তান থাকিলে নাপাব !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.