চৰকাৰী চাকৰি লাগে নেকি ? তিনিটা সন্তান থাকিলে নাপাব !

author img

By

Published : Jun 14, 2021, 6:32 PM IST

Assam government new job policy

অসমত চৰকাৰী চাকৰি(Govt Job)ত নতুনকৈ নিযুক্তি দিয়াৰ ক্ষেত্ৰত এতিয়াৰে প্ৰযোজ্য হ'ব জনসংখ্যা নীতি । দুটাতকৈ অধিক সন্তান থকা কোনো দম্পতীক চৰকাৰী চাকৰি নিদিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে ।

গুৱাহাটী, ১৪ জুন: দুটাতকৈ অধিক সন্তান থকা দম্পতীয়ে এতিয়াৰে পৰা আৰু চৰকাৰী চাকৰি(Govt Job) নাপাব । কিয়নো, ডঃ হিমন্ত বিশ্ব শৰ্মা(Dr. Himanta Biswa Sarma) নেতৃত্বাধীন চৰকাৰখনে নতুন নিযুক্তিৰ ক্ষেত্ৰত প্ৰৱৰ্তন কৰিব জনসংখ্যা নীতি । মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ইতিমধ্যে বাৰম্বাৰ ঘোষণা কৰিছে যে এই বছৰৰ ভিতৰতে এক লাখ নতুন নিযুক্তি দিব তেওঁৰ চৰকাৰে । ইতিমধ্যে বিভিন্ন বিভাগত নতুন নিযুক্তিৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে ।

কিন্তু এই সকলো নতুন নিযুক্তি হ'ব জনসংখ্যা নীতি মানি চলিহে । দিছপুৰৰ নতুন চৰকাৰৰ এক সূত্ৰই ই টিভি ভাৰতক জনোৱা মতে, ইতিমধ্যে ৰাজ্যিক কেবিনেটেও এই সিদ্ধান্ত গ্ৰহণ কৰিছে যে, নতুন নিযুক্তিৰ ক্ষেত্ৰত জনসংখ্যা নীতি কঠোৰভাবে মানি চলা হব ।

Assam government new job policy
নতুনকৈ নিযুক্তি দিয়াৰ ক্ষেত্ৰত এতিয়াৰে প্ৰযোজ্য হ'ব জনসংখ্যা নীতি

দুটাতকৈ অধিক সন্তান থকা কোনো দম্পতীক চৰকাৰী চাকৰি নিদিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে । সেই অনুসৰি এতিয়াৰে পৰা নতুন নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ পোৱাৰ পিছত যিসকলে আবেদন জনাব তেওঁলোকে আবেদনৰ লগত এখন শপতনামাও গাঠি দিব লাগিব ।

শপতনামাত উল্লেখ কৰিব লাগিব যদিহে বিবাহিত তেন্তে সন্তানৰ সংখ্যা কিমান সেই তথ্য । পূৰ্বৰ সোণোৱাল কেবিনেটে বিগত অক্টোবৰ মাহত এই সিদ্ধান্তত অনুমোদন জনাই থৈছে । ডঃ শৰ্মা চৰকাৰে কেৱল কেবিনেটৰ সেই সিদ্ধান্ত কাৰ্যকৰীহে কৰিবলৈ ওলাইছে ।

স্মৰ্তব্য যে, বিগত বৰ্ষত বিভিন্ন বিভাগত ৰাজ্য চৰকাৰে প্ৰায় ৫০ হাজাৰ নতুন নিযুক্তি দিছিল যদিও কোনো নিযুক্তি প্ৰক্ৰিয়াতেই জনসংখ্যা নীতি কাৰ্যকৰী কৰা হোৱা নাছিল । কেৱল সচিবালয়ৰ ২০০টা পদৰ ক্ষেত্ৰতহে এই নিয়ম প্ৰযোজ্য কৰা হৈছিল তদানীন্তন মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ নিৰ্দেশত । অৱশ্যে এই ২০০টা পদৰ বাবে কেৱল লিখিত পৰীক্ষা অনুষ্ঠিত হোৱাৰ বাহিৰে এই পৰ্যন্ত আন একোৱেই আগবঢ়া নাই ।

লগতে পঢ়ক:কাগজ কল নিলামৰ পিছত মাটি আমাক ঘূৰাই লাগিব: কোনে কলে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.