ETV Bharat / state

পুৱা 11 বজাৰ শীৰ্ষ দহটা খবৰ

author img

By

Published : Oct 4, 2022, 11:04 AM IST

পুৱা 11 বজাৰ শীৰ্ষ দহটা খবৰ
পুৱা 11 বজাৰ শীৰ্ষ দহটা খবৰ

পুৱা 11 বজাৰ শীৰ্ষ দহটা খবৰ

জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান(কাৰাগাৰ)ক হত্যা, সন্ত্ৰাসবাদী সংগঠন TRF ৰ হত্যাৰ দায়িত্ব স্বীকাৰ

জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান(কাৰাগাৰ) হেমন্ত লোহিয়াক তেখেতৰ বাসভৱনতে হত্যা কৰা হৈছে (Hemant Kumar Lohia found dead) । তেওঁৰ বাসভৱনত থকা ঘৰুৱা সহায়কজনক এই হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহ কৰা হৈছে । এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই প্ৰদান কৰিছে এই তথ্য ।

চিগাৰেট নিদিয়াৰ বাবেই ছাত্ৰক ডিঙি কাটি হত্যা !

অৰুণাচলৰ যুৱকে চোকা অস্ত্ৰৰে কাটি হত্যা কৰিলে ফিল’বাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰক ৷ এটা চিগাৰেটক কেন্দ্ৰ কৰি সংঘটিত হয় উক্ত হত্যাকাণ্ড (Student murder at Chitpani) ৷

চীনত বন্ধ Google Translate সেৱা

সোমবাৰে গুগলে ঘোষণা কৰা মতে দেশখনৰ ভিতৰত গুগলৰ অনুবাদ সেৱা বন্ধ কৰি দিয়া হৈছে (Google translation feature stopped in China)। এই সেৱাৰ ব্যৱহাৰ অতি কম হোৱাৰ বাবেই বন্ধ কৰি দিছে গুগলে । ২০১০ চনত গুগলৰ চাৰ্চ ইণ্ডিন সেৱাও বন্ধ কৰিছিল গুগুলে ।

Article 370 abrogation : কাশ্মীৰত কমিছে হিংসা, বিকাশ পৰ্যটনৰ

2019 চনত জম্মু আৰু কাশ্মীৰত অনুচ্ছেদ 370 আৰু 35-এ বাতিল কৰাৰ পিছত উপত্যকাটোৱে ভাৰতৰ সৈতে সংপৃক্ত হোৱাৰ অজস্ৰ সুযোগ প্ৰত্যক্ষ কৰিছে (Article 370 abrogation in Jammu and Kashmir)।

নাও দুৰ্ঘটনাত মৃত্যু হোৱা চক্ৰ বিষয়া সঞ্জু দাসলৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শ্ৰদ্ধাঞ্জলী

ধুবুৰীৰ নাও দুৰ্ঘটনাত মৃত্যু হোৱা ধুবুৰীৰ চক্ৰ বিষয়া সঞ্জু দাসলৈ গভীৰ শ্ৰদ্ধাঞ্জলী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ (Dhubri circle officer Sanju Das died in dhubri boat accident)। ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু চিৰাকুটা আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত চিৰাকুটা বজাৰত সোমবাৰে সন্ধিয়া অনুষ্ঠিত হয় এটি শ্ৰদ্ধাঞ্জলী অনুষ্ঠান (SMSS pays tribute to Sanju Das)।

অসুৰৰ স্থানত মহাত্মা গান্ধী: হিন্দু মহাসভাৰ বিৰুদ্ধে বহুকেইটা ৰাজনৈতিক দলৰ এজাহাৰ

দেওবাৰে বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছত কলকাতা সৰ্বভাৰতীয় হিন্দু মহাসভা দুৰ্গা পূজাৰ আয়োজকসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বিভিন্ন দল সংগঠনসমূহে (Akhil Bharatiya Hindu Mahasabha at Kasba)৷

মাজবাট সমষ্টিৰ প্ৰাক্তন বিধায়ক কৰেন্দ্ৰ বসুমতাৰীৰ দেহাৱসান

মাজবাট সমষ্টিৰ প্ৰাক্তন বিধায়ক কৰেন্দ্ৰ বসুমতাৰীৰ দেহাৱসান (Former MLA Karendra Basumatary Passes Away)। সোমবাৰে বিয়লি মৃত্যু হয় প্ৰাক্তন বিধায়ক গৰাকীৰ । দীৰ্ঘদিনৰ পৰা বি বৰুৱা কেঞ্চাৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত আছিল প্ৰাক্তন বিধায়ক গৰাকী । নেতাগৰাকীৰ মৃত্যুত ৰাজনীতি জগতৰ লগতে ৰাজ্যৰ বিভিন্ন জনে কৰিছে শোক প্ৰকাশ ।

মহাষ্টমীৰ দিনাই জোনাইত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত আঠগৰাকী লোক

দুৰ্গাপূজাৰ আনন্দোল্লাস মাজতে সোমবাৰে জোনাইৰ বান্দানাস্থিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Jonai)। প্ৰাপ্ত তথ্য অনুসৰি তেলামৰ পৰা জোনাই অভিমুখী AS-22C-2648 নামৰ এখন যাত্ৰীবাহী মেজিক আৰু পাচীঘাটৰ পৰা ডিব্ৰুগড়লৈ গৈ থকা এখন ৰেনল্ট গাড়ীৰ মাজত হয় মুখামুখি সংঘৰ্ষ ৷

মহাষ্টমীত বোকাখাতত দুৰ্গতিনাশিনীৰ আশীষ ল’লে সৰ্বানন্দ সোণোৱালে

মহাষ্টমীত বোকাখাত বাৰোৱাৰী পূজাত দুৰ্গতিনাশিনীৰ আশীষ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Maha Ashtami 2022)। ১০৭ বছৰ গৰকা বোকাখাত বাৰোৱাৰী পূজাত উপস্থিত হৈ অসমৰ শান্তিৰ বাবে প্ৰাৰ্থনা জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

সদৌ শেষত ভুল স্বীকাৰ কৰিবলৈ বাধ্য হ’ল অসম ক্ৰিকেট সন্থা

সদৌ শেষত ভুল স্বীকাৰ কৰিবলৈ বাধ্য হ’ল বিতৰ্কিত অসম ক্ৰিকেট সন্থাই (Assam cricket association)৷ ঢাক-ঢোল বজাই আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত কৰি বিসংগতিপূৰ্ণ ফ্লাড লাইট ব্যৱহাৰ কৰিলে অসম ক্ৰিকেট সন্থাই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.