ETV Bharat / state

সদৌ শেষত ভুল স্বীকাৰ কৰিবলৈ বাধ্য হ’ল অসম ক্ৰিকেট সন্থা

author img

By

Published : Oct 4, 2022, 7:43 AM IST

সদৌ শেষত ভুল স্বীকাৰ কৰিবলৈ বাধ্য হ’ল বিতৰ্কিত অসম ক্ৰিকেট সন্থাই (Assam cricket association)৷ ঢাক-ঢোল বজাই আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত কৰি বিসংগতিপূৰ্ণ ফ্লাড লাইট ব্যৱহাৰ কৰিলে অসম ক্ৰিকেট সন্থাই ৷

ফ্লাড লাইট বন্ধ হোৱাৰ প্ৰসংগত ক্ৰিকেট সন্থাক জগৰীয়া কৰিল APDCLএ
ফ্লাড লাইট বন্ধ হোৱাৰ প্ৰসংগত ক্ৰিকেট সন্থাক জগৰীয়া কৰিল APDCLএ

গুৱাহাটী, 4 অক্টোবৰ: সদৌ শেষত কৰো নকৰোকৈ ভুল স্বীকাৰ কৰিলে অসম ক্ৰিকেট সন্থাই ৷ সততে বিতৰ্কত মাজত থকা অসম ক্ৰিকেট সন্থাই এইবাৰ এখন আন্তঃৰাষ্ট্ৰীয় খেলত ব্যৱহাৰ কৰিলে বিসংগতিপূৰ্ণ ফ্লাড লাইট ৷ যাৰ ফলত 15 মিনিট সময় খেল স্থগিত ৰাখিবলগীয়া হ’ল ৷ বিষয়টো সমালোচিত হ’ল বিশ্বজুৰি৷

উল্লেখ্য যে, দেওবাৰে বৰ্ষাপাৰাত ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা হাইভল্টেজ টি২০ মেচখন(IND vs SA T20 I in Guwahati) দৰ্শকৰ বাবে যথেষ্ট ৰোমাঞ্চকৰ আছিল । দুয়োটা দলৰ প্ৰদৰ্শনে ক্ৰিকেট প্ৰেমীসকলক আমোদ দিয়ে যদিও লগতে সংঘটিত হোৱা দুটামান ঘটনাই বিশেষ চৰ্চা লাভ কৰিছিল ।

এইসমূহৰ ভিতৰত খেলৰ মাজতেই সাপ ওলোৱাৰ বিপৰীতে ষ্টেডিয়ামৰ ফ্লাড লাইট হঠাৎ বিকল হৈ পৰিছিল (Floodlight Malfunction during T20 in Guwahati)। ২০ মিনিটতকৈ অধিক সময় ধৰি বন্ধ হৈ পৰা ফ্লাড লাইটৰ প্ৰসংগই সকলোতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । এই সংক্ৰান্তত বিভিন্ন ক্ৰীড়া অনুৰাগীয়ে অসম ক্ৰিকেট সন্থাৰ লগতে APDCLকো দোষাৰোপ কৰিছে ।

চৌদিশে বিষয়টো চৰ্চিত হোৱাৰ পাছতেই অৱশেষত APDCL কৰ্তৃপক্ষই নিজৰ স্থিতি স্পষ্ট কৰে । বিষয়টো সন্দৰ্ভত APDCL কৰ্তৃপক্ষই লিখিছে- "আপোনালোক সকলোৰে জ্ঞাতাৰ্থে জনোৱা হৈছে যে ২ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজৰ দ্বিতীয় টি-20 খেলৰ সময়ত এটা হাই মাষ্ট ফ্লাড লাইটে কাম কৰা বন্ধ কৰি দিছিল । যিটো অসম ক্ৰিকেট সন্থাৰ অধিকাৰক্ষেত্ৰৰ ভিতৰত আছে । এই সমস্যাটোৰ বাবে APDCL দায়ী নহয় আৰু সমগ্ৰ অনুষ্ঠানটোত APDCLৰ ফালৰ পৰা নিৰৱচ্ছিন্ন বিদ্যুৎ যোগান ধৰা হৈছিল’’।

দ্বিতীয় ইনিংছৰ আৰম্ভণিত দক্ষিণ আফ্ৰিকাৰ বেটছমেনে বেটিং কৰি থাকোতেই ফ্লাড লাইট বন্ধ হোৱাৰ বাবে দুয়োটা দলৰ খেলুৱৈ পেভিলিয়নলৈ উভতি গৈছিল । এই ঘটনাই ক্ৰিকেটপ্ৰেমীসকলক ব্যৰ্থিত কৰিছিল । APDCLয়ে স্থিতি স্পষ্ট কৰাৰ পিছতে অসম ক্ৰিকেট এছ'চিয়েচন (এচিএ) সোমবাৰে এক সংবাদমেল সদৰী কৰি নিজৰ স্থিতি স্পষ্ট কৰে ।

অসম ক্ৰিকেট সন্থাই(Assam cricket association) প্ৰকাশ কৰা মতে এটা হাই মাষ্ট ফ্লাড লাইটৰ পেনেল বোৰ্ডত কিছু যান্ত্ৰিক বিজুতি হোৱাৰ বাবে হাই মাষ্ট ফ্লাড লাইটটো কিছু সময়ৰ বাবে বন্ধ হৈ পৰিছিল । এয়া অতি সাধাৰণ কথা বুলি অসম ক্ৰিকেট সন্থাই গা এৰা মন্তব্য প্ৰদান কৰে । অসম ক্ৰিকেট সন্থাই প্ৰকাশ কৰা মতে লাইটৰ ক্ষেত্ৰত কোনো আপোচ নকৰাকৈ এছ'চিয়েচনে সুন্দৰভাৱে খেলখন পৰিচালনা কৰিছিল ।

লগতে পঢ়ক: বৰ্ষাপাৰাত ভাৰত-দক্ষিণ আফ্ৰিকাৰ খেলৰ মাজতেই খেল পথাৰত ওলাল সাপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.