ETV Bharat / state

বিয়লি 5 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Oct 1, 2021, 5:05 PM IST

বিয়লি 5 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 NEWS AT 5 PM
বিয়লি 5 বজাৰ শীৰ্ষ 10 বাতৰি

নতুন SOP আহিল : ছবি গৃহ মুকলি কৰাৰ অনুমতি ৰাজ্য চৰকাৰৰ

ৰাজ্যৰ চৰকাৰৰ স্বাস্থ্য বিভাগে জাৰি কৰিলে ক'ভিডৰ নতুন SOP ৷ শুকুৰবাৰে মাজুলীত এক সংবাদমেল সম্বোধন কৰি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই নতুন SOP ত সন্নিবিষ্ট নতুন নিৰ্দেশনা সমূহ প্ৰকাশ কৰে ৷ SOP ত সন্নিবিষ্ট নিৰ্দেশনা সমূহ হৈছে...

ৰাইজৰ নিঃস্বাৰ্থ সেৱাত নিয়োজিত আৰক্ষীলৈ ‘অসম আৰক্ষী দিৱস’ৰ শুভেচ্ছা

ৰাইজক নিঃস্বাৰ্থ সেৱা আগবঢ়াই যোৱা অসম আৰক্ষীৰ জোৱানসকলৰ বাবে আজিৰ দিনটো এক বিশেষ দিন ৷ আজি 71 সংখ্যক অসম আৰক্ষী দিৱস(Assam Police Day) ৷ 1951 চনৰ 1 অক্টোবৰত অসম আৰক্ষী প্ৰধান হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা আইপিএছ কে আৰ চৌধাৰী(IPS KR Choudhary)ক স্মৰণ কৰি এই বিশেষ দিনটো উদযাপন কৰা হয় ৷

মানসিক বিকৃতি ঘটিছে শ্বেৰমান আলীৰ : পীযুষ হাজৰিকা

‘‘শ্বেৰমান আলীৰ মানসিক বিকৃতি ঘটিছে, শ্বহীদক তেওঁ অপমান কৰিব নোৱাৰে’’ ৷ এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ ৷ অসমীয়া জাতিৰ ওপৰত এনেধৰণৰ বেয়া মন্তব্য নকৰিবলৈ শ্বেৰমান আলীক সকীয়াই দিলে মন্ত্ৰী পীযুষ হাজৰিকাই । কংগ্ৰেছে শ্বেৰমান আলীক শ্ব’কজ জাননী দিয়াৰ ওপৰতো তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ।

মহানগৰীত বিস্ফোৰক উদ্ধাৰ : আৰক্ষীয়ে কি কয় ?

দুৰ্গা পূজাৰ প্ৰাক মূহুৰ্তত গুৱাহাটী মহানগৰীত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰীসহ ৩ জন লোকক ‍আটক কৰে আৰক্ষীয়ে । ধৃত লোককেইজন ক্ৰমে ৰহিম বাদশ্বাহ, আইনুল আলি, আচাদুল ইছলাম ।

অৱশেষত বহুবল্কী শ্বেৰমানলৈ কংগ্ৰেছৰ কাৰণ দৰ্শোৱাৰ জাননী

বিধায়ক শ্বেৰমান আলী আহমেদলৈ কংগ্ৰেছে জাৰি কৰিছে কাৰণ দৰ্শোৱাৰ জাননী ৷ অসম আন্দোলনৰ শ্বহীদক লৈ সাম্প্ৰদায়িক মন্তব্য কৰি বিপদত বিধায়কগৰাকী ৷ তিনি দিনৰ ভিতৰত এই জাননীৰ উত্তৰ দিবলৈ বিধায়কজনক নিৰ্দেশ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷

যোৰহাট আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ 7 কৰ্মচাৰীক নিলম্বন

চাকৰিৰ পৰা নিলম্বিত যোৰহাট আভ্যন্তৰীণ জল পৰিবহন বিভাগ(Department of Internal Water Transport)ৰ 7 গৰাকী কৰ্মচাৰী ৷ কৰ্মচাৰী কেইগৰাকীক নিলম্বনৰ নিৰ্দেশ দিয়ে বিভাগীয় সঞ্চালকে ৷

আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

পৰ্যটনৰ বাবে মুকলি কৰা হ'ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ 1 অক্টোবৰৰ অৰ্থাৎ শুকুৰবাৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে ৷ কঁহৰা বনাঞ্চলৰ প্ৰায় 9 কিঃমিঃ আৰু বাগৰি বনাঞ্চলৰ 8 কিঃমিঃ জিপ চাফাৰীৰ বাবে মুকলি কৰি দিয়া হৈছে ।

কিয় অখিল গগৈক লৈ ক্ষোভিত অধিবক্তা কৃষ্ণ গগৈ ?

শেহতীয়াকৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে যোৱা প্ৰায় 10 বছৰৰো অধিক কাল তেওঁৰ হৈ আইনী যুঁজ দি অহা গুৱাহাটী উচ্চ ন্যায়ালৰ অধিবক্তা কৃষ্ণ গগৈ ৷ কিন্তু কিয় হঠাতে অখিল গগৈৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিল কৃষ্ণ গগৈ ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন...

পৰ্যটকৰ বাবে মুকলি হ'ল মানাহ ৰাষ্ট্ৰীয় উদ্যান

সমগ্ৰ দেশৰ লগতে অসমতো ক'ভিড পৰিস্থিতি কিছু উন্নত হোৱাত পৰ্যটকৰ বাবে পুনৰ মুকলি কৰি দিয়া হৈছে ৰাজ্যৰ পৰ্যটনক্ষেত্ৰ সমূহ ৷ 1 অক্টোবৰ, শুকুৰবাৰৰ পৰা পুনৰ মুকলি হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে মানাহ ৰাষ্ট্ৰীয় উদ্যান ৷

পানীখাইটিত বেদখলকাৰীৰ সন্ধানত আৰক্ষীৰ অভিযান

দিছপুৰৰ বৰঘৰত সন্দেহজনক নাগৰিকৰ আগ্ৰাসন । দিছপুৰ বিধানসভা সমষ্টি(Dishpur Constituency)ৰ পানীখাইটিত 45 জন সন্দেহজনক নাগৰিকে ঘৰ সাজি বসতি কৰা বুলি বিধায়ক অতুল বৰা(Atul Bora)ই উল্লেখ কৰাৰ পাচত এতিয়া পানীখাইটিৰ জোনাকী নগৰ গাঁৱত বেদখলকাৰীৰ সন্ধানত চলিল অভিযান চলাইছে আৰক্ষী-প্ৰশাসনে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.