নতুন SOP আহিল : ছবি গৃহ মুকলি কৰাৰ অনুমতি ৰাজ্য চৰকাৰৰ

author img

By

Published : Oct 1, 2021, 4:18 PM IST

new sop

ৰাজ্যৰ চৰকাৰৰ স্বাস্থ্য বিভাগে জাৰি কৰিলে ক'ভিডৰ নতুন SOP ৷ শুকুৰবাৰে মাজুলীত এক সংবাদমেল সম্বোধন কৰি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই নতুন SOP ত সন্নিবিষ্ট নতুন নিৰ্দেশনা সমূহ প্ৰকাশ কৰে ৷ SOP ত সন্নিবিষ্ট নিৰ্দেশনা সমূহ হৈছে...

মাজুলী, 1 অক্টোবৰ : ৰাজ্যৰ চৰকাৰৰ স্বাস্থ্য বিভাগে জাৰি কৰিলে ক'ভিডৰ নতুন SOP ৷ শুকুৰবাৰে মাজুলীত এক সংবাদমেল সম্বোধন কৰি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই নতুন SOP ত সন্নিবিষ্ট নতুন নিৰ্দেশনা সমূহ প্ৰকাশ কৰে ৷ SOP ত সন্নিবিষ্ট নিৰ্দেশনা সমূহ হৈছে...

  • ৰাজ্যজুৰি নৈশ সান্ধ্য আইনৰ ক্ষেত্ৰত পুনৰ শিথিলতাৰ ব্যৱস্থা । নিশা ১০.০০ বজাৰ পৰা পিছদিনা পুৱা ৫.০০ বজালৈ বলৱৎ থাকিব সান্ধ্য আইন । ইতিপূৰ্বে নিশা ৯.০০ বজালৈ সান্ধ্য আইন বাহাল আছিল ।
  • নিশা ৯.০০ বজালৈ খোলা ৰাখিব পাৰিব কৰ্মক্ষেত্ৰ, ব্যৱসায়িক-বাণিজ্যিক প্ৰতিষ্ঠান (হোটেল-ৰেষ্টুৰেণ্ট-ধাবা, ব্যৱসায়িক-বাণিজ্যিক প্ৰতিষ্ঠান, বিক্ৰী কেন্দ্ৰ, শ্ব'ৰুম, গেলামালৰ দোকান, ফলমূল, পাচলিৰ দোকান আদি) । ইয়াৰ পূৰ্বে নিশা ৮.০০ বজালৈ আছিল এই সময়সীমা ।
  • ৰাজ্যৰ ধৰ্মীয় স্থানসমূহ (কামাখ্যা মন্দিৰ, শিৱসাগৰৰ শিৱদৌল, আজানপীৰ দৰগাহ, হাজোৰ পোৱামক্কা আদি)ত প্ৰতি ঘণ্টাত দুয়োপালি প্ৰতিষেধক লোৱা সৰ্বাধিক ৬০ গৰাকী লোকৰ দৰ্শনত অনুমতি । আন ধৰ্মীয়স্থান দৰ্শনৰ ক্ষেত্ৰত ঘণ্টাত ৪০ গৰাকী লোকৰ বাবে অনুমতি । দুয়োপালি ক'ভিড প্ৰতিষেধক লোৱা লোকৰ বাবেহে মুকলি থাকিব ধৰ্মীয় স্থানৰ চৌহদত প্ৰৱেশৰ সুযোগ ।
  • মুকলি স্থানত আয়োজিত সভা-সমিতি, সামাজিক/ৰাজহুৱা অনুষ্ঠানত দুয়োপালি ক'ভিড প্ৰতিষেধক লোৱা সৰ্বাধিক ৫০ গৰাকী লোকে ভাগ ল'ব পাৰিব । অৱশ্যে জিলা উপায়ুক্তৰ অনুমতিপ্ৰাপ্ত সভা-সমিতি-অনুষ্ঠানৰ লগতে বিবাহ বাহৰত আয়োজিত বিয়াৰ অভ্যৰ্থনা আদিত সৰ্বাধিক ২০০ গৰাকী লোকে অংশগ্ৰহণ কৰিব পাৰিব । সকলো অংশগ্ৰহণকাৰীয়ে দুয়োপালি ক'ভিড প্ৰতিষেধক লোৱাটো বাধ্যতামূলক ।
  • চিনেমা হলসমূহ মুকলি কৰিবলৈ অনুমতি । ৫০ শতাংশ আসনত দুয়োপালি ক'ভিড প্ৰতিষেধক লোৱা দৰ্শকেৰে চিনেমা প্ৰদৰ্শন কৰিব পাৰিব । ক'ভিড প্ৰট'কল মানিব লাগিব ।
  • সকলো শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে নিজ শিক্ষানুষ্ঠানৰ শিক্ষক-শিক্ষয়িত্ৰী তথা কৰ্মচাৰীসকলে ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰাৰ বিষয়ে ৰাইজে দেখা পোৱাকৈ শিক্ষানুষ্ঠান চৌহদৰ সন্মুখ ভাগত বেনাৰ লগাই ৰাখিব লাগিব । দুয়োপালি ক'ভিড প্ৰতিষেধক লোৱা শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰীৰে সকলো শিক্ষা প্ৰতিষ্ঠানত পাঠদানত অনুমতি । শিক্ষা বিভাগে ইতিমধ্যে পৃথকে SOP জাৰি কৰিছে আৰু প্ৰয়োজন অনুসাৰি অতিৰিক্ত ভাৱে নিয়মাৱলী শিক্ষানুষ্ঠানসমূহলৈ পুনৰ আগবঢ়াব ।
  • স্থায়ী প্ৰেক্ষাগৃহত ৫০ শতাংশ আসনৰ দৰ্শক আৰু ক'ভিড প্ৰট'কল মানি নাট প্ৰদৰ্শন কৰিব পাৰিব । শিল্পী, কলা-কুশলী, দৰ্শক সকলোৱে দুয়োপালি প্ৰতিষেধক ল'ব লাগিব ।
  • ভ্ৰাম্যমাণ থিয়েটাৰৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ভ্ৰাম্যমান থিয়েটাৰৰে জড়িত সকলো পক্ষৰে আলোচনা চলাই আছে । এই বিষয়ত মুখ্যমন্ত্ৰীয়ে শীঘ্ৰে সিদ্ধান্ত আগবঢ়াব ।

লগতে পঢ়ক: মহানগৰীৰ গড়চুকত বিস্ফোৰক সামগ্ৰী জব্দ; আটক 2

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.