ETV Bharat / state

কিয় অখিল গগৈক লৈ ক্ষোভিত অধিবক্তা কৃষ্ণ গগৈ ?

author img

By

Published : Oct 1, 2021, 10:35 AM IST

A_Moran_8023_Krishna Gogoi the candidate of CPI reacts on Akhil Gogoi's comment_As10031
কিয় অখিল গগৈক লৈ ক্ষোভিত অধিবক্তা কৃষ্ণ গগৈ ?

শেহতীয়াকৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে যোৱা প্ৰায় 10 বছৰৰো অধিক কাল তেওঁৰ হৈ আইনী যুঁজ দি অহা গুৱাহাটী উচ্চ ন্যায়ালৰ অধিবক্তা কৃষ্ণ গগৈ ৷ কিন্তু কিয় হঠাতে অখিল গগৈৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিল কৃষ্ণ গগৈ ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন...

ডিব্ৰুগড়, 1 অক্টোবৰ : ইতিমধ্যেই ঘোষণা হৈছে ৰাজ্যৰ পাঁচটা সমষ্টিত প্ৰথম পৰ্যায়ৰ উপ নিৰ্বাচনৰ দিন ৷ নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগেই তৎপৰা বাঢ়িছে শাসক-বিৰোধীকে আৰম্ভ কৰি সকলো ৰাজনৈতিক দলৰ ৷ পাঁচোটা সমষ্টিৰ ভিতৰত থাওৰা সমষ্টিক লৈ ৰাজনৈতিক দলসমূহৰ তৎপৰতাই বিশেষকৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ কংগ্ৰেছ ত্যাগ কৰি সুশান্ত বৰগোঁহায়ে বিজেপিত যোগদান কৰাৰ পিছতে থাওৰাত ৰাজনৈতিক সমীকৰণ সলনি হৈছে ৷

কিয় অখিল গগৈক লৈ ক্ষোভিত অধিবক্তা কৃষ্ণ গগৈ ?

সুশান্ত বৰগোঁহাইৰ প্ৰতি সমষ্টিবাসী ৰাইজৰ ক্ষোভৰ সুযোগ গ্ৰহণ কৰিব বিচাৰিছে ৰাইজৰ দলৰ লগতে অন্য দলসমূহে ৷ এই ৰাজনৈতিক সমীকৰণ সমূহৰ মাজতে সমষ্টিটোত চি পি আইয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কৃষ্ণ গগৈক প্ৰৰ্থীত্ব প্ৰদান কৰিছে ৷ এই গৰাকী কৃষ্ণ গগৈয়ে ‘কা’ আন্দোলনৰ বাবে দীৰ্ঘদিন কাৰাবন্দী হৈ থকা বিধায়ক অখিল গগৈ তথা কৃষক মুক্তিৰ নেতা ধৈৰ্য কোঁৱৰৰ অধিবক্তা আছিল ৷ বিগত প্ৰায় 10 টা বছৰে অখিল গগৈৰ হৈ আইনী যুঁজ কৰি আহিছে এইগৰাকী কৃষ্ণ গগৈয়ে ৷

অখিল গগৈ, ধৈৰ্য কোঁৱৰক মুকলি আকাশৰ তললৈ অনা এইগৰাকী কৃষ্ণ গগৈয়ে আজি নিৰ্বাচনী ৰণত থিয় দিছে ধৈৰ্য কোঁৱৰৰ বিপৰীতে ৷ কিন্তু অখিল গগৈয়ে ‘কৃষ্ণ গগৈ মোৰ ভাইৰ দৰে, সি নিৰ্বাচন নেখেলি বহি দিব’ বুলি কৰা মন্তব্যৰ পিছতে অখিল গগৈক প্ৰত্যুত্তৰ দিছে কৃষ্ণ গগৈয়ে ৷

থাওৰাৰ চি পি আই প্ৰাৰ্থী কৃষ্ণ গগৈয়ে কয়, ‘অখিল গগৈয়ে ভাই বুলি ক'লেই নিবাৰ্চন নেখেলি বহি দিয়াও মোৰ ব্যক্তিগত সিদ্ধান্ত নহয়। দলৰ নিৰ্দেশত মই নিৰ্বাচন খেলিবলৈ লৈছো । প্ৰয়োজন হ'লে বিৰোধী এক হৈ নিৰ্বাচন খেলক তাত মোৰ সহযোগিতা থাকিব ।’ কিন্তু অখিল গগৈয়ে ভাই বুলি ক'লেই যে নিৰ্বাচনত প্ৰতিদন্দ্বিতা নকৰাকৈ নাথাকে এই কথা স্পষ্ট কৰি দিয়ে অধিবক্তা কৃষ্ণ গগৈয়ে ।

লগতে পঢ়ক : কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল ধেমাজিৰ কেবিনেট বৈঠকত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.