ETV Bharat / state

পানীখাইটিত বেদখলকাৰীৰ সন্ধানত আৰক্ষীৰ অভিযান

author img

By

Published : Oct 1, 2021, 2:05 PM IST

দিছপুৰৰ বৰঘৰত সন্দেহজনক নাগৰিকৰ আগ্ৰাসন । দিছপুৰ বিধানসভা সমষ্টি(Dishpur Constituency)ৰ পানীখাইটিত 45 জন সন্দেহজনক নাগৰিকে ঘৰ সাজি বসতি কৰা বুলি বিধায়ক অতুল বৰা(Atul Bora)ই উল্লেখ কৰাৰ পাচত এতিয়া পানীখাইটিৰ জোনাকী নগৰ গাঁৱত বেদখলকাৰীৰ সন্ধানত চলিল অভিযান চলাইছে আৰক্ষী-প্ৰশাসনে ৷

police-raid-search-for-encroachers-at-panikhaiti
পানীখাইটিত বেদখলকাৰীৰ সন্ধানত আৰক্ষীৰ অভিযান

গুৱাহাটী, 1 অক্টোবৰ : দিছপুৰ বিধানসভা সমষ্টি(Dishpur Constituency)ৰ অন্তৰ্গত পানীখাইটি অঞ্চলত 45 জন সন্দেহজনক নাগৰিকে ভূমি বেদখল(Encroachment) কৰা বুলি সংবাদ মাধ্যমৰ আগত খোদ শাসকীয় দলৰ দিছপুৰৰ বিধায়ক অতুল বৰা(Atul Bora)ই অভিযোগ তুলিছিল ৷ ইয়াৰ পাচতে বেদখলকৃত চৰকাৰী ভূমি উচ্ছেদৰ বাবে তৎপৰ হৈ পৰিছে আৰক্ষী-প্ৰশাসন ।

দিছপুৰীয়া বিধায়কগৰাকীৰ এনে সিদ্ধান্তৰ পাচতে মহানগৰীৰ পাৰ্শ্বৱৰ্তী অঞ্চল পানীখাইটিৰ জোনাকী নগৰত বেদখলকাৰীৰ সন্ধানত অভিযান চলাইছে আৰক্ষীয়ে । মধ্য গুৱাহাটী আৰক্ষীৰ সহকাৰী আৰক্ষী আয়ুক্ত নীলোৎপল ডেকাৰ নেতৃত্বত প্ৰাগজ্যোতিষপুৰ আৰু পানীখাইটি আৰক্ষী(Panikhaiti Police)ৰ এটা দলে পানীখাইটি অভয়াৰণ্য(Panikhaiti Wildlife Sanctuary)ৰ দাঁতিকাষৰীয়া জোনাকী নগৰ নামৰ গাঁওখনত এই অভিযান চলাইছে ৷

পানীখাইটিত বেদখলকাৰীৰ সন্ধানত আৰক্ষীৰ অভিযান

অৱশ্যে, অভিযান কালত আৰক্ষীৰ দলটোৱে অঞ্চলটোত কোনো লোকে নতুনকৈ প্ৰৱেশ কৰা অথবা বসতি কৰাৰ তথ্য লাভ নকৰাৰ কথা ব্যক্ত কৰে । সম্প্ৰতি যি কেইটা পৰিয়াল আছে, সেইকেইটা দুই-তিনি বছৰ পূৰ্বে অহা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ।

ইফালে, স্থানীয় ৰাইজ তথা দল-সংগঠনে অভিযোগ তুলি কয় যে, আমচাং অভয়াৰণ্য(Amchang Wildlife Sanctuary)ৰ অন্তৰ্গত এই অঞ্চলটোত বিগত তিনি-চাৰি বছৰ ধৰি একাংশ সন্দেহযুক্ত নাগৰিকে স্থানীয় একাংশ লোকৰ ছত্ৰছায়াত জোনাকী নগৰ নামেৰে এখন বৃহৎ গাঁও গঢ়ি তুলিছে । উক্ত গাঁওখনত প্ৰতিদিনে নিশাটোৰ ভিতৰতে বহু নতুন মুখৰ লোকে থিতাপি লৈ থকা বুলি জানিব পৰা গৈছে ।

সেয়েহে, জোনাকী নগৰত উচ্ছেদ অভিযান চলাই আমচাং অভয়াৰণ্যৰ ভূমিৰ লগতে চৰকাৰী ভূমি বেদখলমুক্ত কৰিবৰ বাবে চৰকাৰক আহ্বান জনাইছে সচেতন ৰাইজ আৰু স্থানীয় দল-সংগঠনসমূহে । উল্লেখ্য যে, পানীখাইতি শাখা ছাত্ৰ সন্থা(Panikhaiti AASU)ই জোনাকী নগৰত উচ্ছেদ চলোৱাৰ বাবে আহ্বান জনাই ইতিমধ্যে কামৰূপ মহানগৰ জিলা উপায়ুক্ত(Kamrup DC)লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক : ৰাইজৰ নিঃস্বাৰ্থ সেৱাত নিয়োজিত আৰক্ষীলৈ ‘অসম আৰক্ষী দিৱস’ৰ শুভেচ্ছা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.