ETV Bharat / state

বিয়লি 5 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Aug 31, 2021, 5:03 PM IST

TOP 10 NEWS AT 5 PM
বিয়লি 5 বজাৰ শীৰ্ষ 10 বাতৰি

বিয়লি 5 বজাৰ শীৰ্ষ 10 বাতৰি

কুখ্যাত ডকাইত কিতাব আলীক গ্ৰেপ্তাৰ; ৰহস্য হৈ পৰিছে এটা বিশেষ পিস্তল !

হস্ত নিৰ্মিত পিস্তলতেই থ্ৰী নট থ্ৰী ৰাইফলৰ গুলী ব্যৱহাৰ কৰাৰ পাৰদৰ্শিতা অৰ্জন কৰি এক কথাত ত্ৰাসৰ সৃষ্টি কৰি আছিল কুখ্যৎ ডকাইত কিতাব আলীয়ে ৷ জানো আহক কেনেকৈ আৰক্ষীৰ জালত পৰিল কিতাব ৷

বাঢ়নী পানীয়ে প্ৰাণ কাঢ়িলে তিনিটাকৈ বন ঘৰচীয়া ঘোঁৰাৰ

ভদীয়া বানে কালৰূপ ধাৰণ কৰিছে উজনি অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত । বানত এতিয়া জনসাধাৰণেই নহয় সংকটত পৰিছে জীৱকূলো । ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত সংহাৰী ৰূপ ধাৰণ কৰিছে ভদীয়া বানে ।

অসম-মেঘালয় সীমান্তত দুৰ্বৃত্তৰ গুলীত নিহত যুৱক

গোৱালপাৰাত শেহতীয়াকৈ আৰক্ষীৰ দুটাকৈ এনকাউণ্টাৰৰ পাছত পুনৰ চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা । ৰবৰ বাগানত কাম কৰি থকা অৱস্থাতে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে এজন যুৱকক । আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

মহানগৰীৰ তিনি স্থানৰ পৰা আটক 5 টা ড্ৰাগছ সৰবৰাহকাৰী

বিগত 48 ঘণ্টাত মহানগৰীৰ তিনিটা স্থানৰ পৰা 5 টা ড্ৰাগছ(Drugs) সৰবৰাহকাৰী আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কামৰূপ মহানগৰ আৰক্ষীৰ(Kamrup Police) ৷ লাখটকীয়াৰ ৰে’লৱে উৰণীয়া সেঁতু, জ্যোতিকুছি আৰু নামবাৰী চেইণ্ট মেৰিছ স্কুলৰ সমীপৰ পৰা এই সৰবৰাহকাৰী কেইটাক আটক কৰে আৰক্ষীয়ে ৷

মেঘালয়ৰ আগ্ৰাসন : সীমান্তত নিৰ্মাণ কৰিলে পথ

মেঘালয়ক লাগে অসমৰ প্ৰাকৃতিক সম্পদ, সুন্দৰ স্থান । টাৰ্গেট চিৰসেউজ লাম্পী, সুশোভিত জলপ্ৰপাত হঁহুৱা ৷ বকোৰ মনোমোহা জলপ্ৰপাত হঁহুৱালৈ যোৱা পথৰ কাম কৰিছে গোপনে । যেন নামানে কোনো সাংবিধানিক সীমা ।

কাজিৰঙাৰ মাজেৰে গধুৰ যান-বাহন চলাচলত নিষেধাজ্ঞা জাৰি

বান(Flood) পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ(Kaziranga National Park)ৰ মাজেৰে গধুৰ যান-বাহন চলাচলত নিষেধাজ্ঞা জাৰি কলিয়াবৰ আৰক্ষী মহকুমা প্ৰশাসনৰ ৷ কেৱল গধুৰ যান-বাহনকহে পাৰ হ’বলৈ অনুমতি দিছে প্ৰশাসনে ৷ আৰক্ষী-প্ৰশাসনৰ এই নিৰ্দেশক অমান্য একাংশ চালকৰ ৷

মিত্ৰতা ভংগৰ পৰিণতি : জনীয়াত দুই শতাধিক কংগ্ৰেছ কৰ্মীৰ AIUDF ত যোগদান

সোমবাৰে জনীয়া সমষ্টিত পঞ্চায়ত প্ৰতিনিধিসহ প্ৰায় দুই শতাধিক কংগ্ৰেছ(Congress) কৰ্মীৰ এআইইউডিএফ(AIUDF) ত যোগদান ৷ কংগ্ৰেছ-এআইইউডিএফৰ মাজৰ মহাজোঁট বন্ধনৰ অন্ত পৰাৰ লগে লগে সমষ্টিটোৰ অধিকাংশ কংগ্ৰেছ(Congress) কৰ্মীয়ে এআইইউডিএফত যোগদান কৰে ৷

বন্ধ পেপাৰ মিল : 93 গৰাকী শ্ৰমিকে হেৰুৱাইছে প্ৰাণ

2015 আৰু 2017 চনৰে পৰা বন্ধ হৈ আছে কাছাৰ আৰু নগাঁও পেপাৰ মিল ৷ যোৱা প্ৰায় 55 মাহে দৰমহাৰ পৰা বঞ্চিত কল দুটাত কৰ্মৰত শ শ কৰ্মচাৰী ৷ নিৰ্বাচনৰ পূৰ্বে দুঃখ নিবাৰণৰ প্ৰতিশ্ৰুতি কিন্তু নিৰ্বাচন গ’লেই সকলো পাহৰণি ৷ সমিধানৰ অপেক্ষাত বৰ্তমানলৈকে মৃত্যুক সাৱতিছে 93 গৰাকীকৈ শ্ৰমিকে ৷ কিন্তু সমিধান ক’ত ?

3 ছেপ্তেম্বৰৰ পৰা পুনৰ মুকলি হ'ব ভাৰত-বাংলাদেশ বিমান সেৱা

পুনৰ মুকলি হোৱাৰ দিশে ভাৰত-বাংলাদেশৰ মাজৰ বিমান সেৱা ৷ দুয়োখন দেশৰ মাজত হোৱা আলোচনাৰ গ্ৰহণ কৰা হৈছে এক উমৈহতীয়া সিদ্ধান্ত ৷ ভাৰতীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে(Ministry of Civil Aviation) প্ৰকাশ কৰিছে এই তথ্য ৷

সাংবাদিকতাৰ সংস্কাৰ সাধন কৰিবলৈ মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা !

শেহতীয়াকৈ মাদ্ৰাছ উচ্চ ন্যায়ালয়ে (Madras High Court) তামিলনাডু চৰকাৰক এখন প্ৰেছ কাউঞ্চিল (press council) গঠন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷ এই কাউঞ্চিলে ভুৱা বাতৰি আৰু ভুৱা সাংবাদিকতাৰ নামত দিয়া ভাবুকিক আইনীভাৱে সমাধান কৰাত সহায় কৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.