ETV Bharat / state

মহানগৰীৰ তিনি স্থানৰ পৰা আটক 5 টা ড্ৰাগছ সৰবৰাহকাৰী

author img

By

Published : Aug 31, 2021, 3:52 PM IST

বিগত 48 ঘণ্টাত মহানগৰীৰ তিনিটা স্থানৰ পৰা 5 টা ড্ৰাগছ(Drugs) সৰবৰাহকাৰী আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কামৰূপ মহানগৰ আৰক্ষীৰ(Kamrup Police) ৷ লাখটকীয়াৰ ৰে’লৱে উৰণীয়া সেঁতু, জ্যোতিকুছি আৰু নামবাৰী চেইণ্ট মেৰিছ স্কুলৰ সমীপৰ পৰা এই সৰবৰাহকাৰী কেইটাক আটক কৰে আৰক্ষীয়ে ৷

five drugs peddlers arrested by kamrup police
গুৱাহাটীত ড্ৰাগছ সৰবৰাহকাৰী আটক

গুৱাহাটী, 31 আগষ্ট : কামৰূপ(ম) আৰক্ষীৰ(Kamrup Police) ড্ৰাগছ(Drugs) বিৰোধী অভিযানত বিগত 48 ঘণ্টাত আটক হয় 5 টা ড্ৰাগছ সৰবৰাহকাৰী ৷ মহানগৰীৰ তিনিটা স্থানত অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰী কেইটা আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে ৷

five drugs peddlers arrested by kamrup police
গুৱাহাটীত ড্ৰাগছ সৰবৰাহকাৰী আটক

ধৃত সৰবৰাহকৰী কেইটা ক্ৰমে- পিণ্টু ৰয়, মহম্মদ নুৰ ইছলাম, মোস্তাফা আহমেদ, ৰাজু আলী আৰু প্ৰাঞ্জল কুমাৰ দাস(৩৫) । আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, সোমবাৰে আবেলি আজাৰা থানাৰ সহকাৰী আৰক্ষী আয়ুক্তৰ নেতৃত্বত ফটাশিল আমবাৰী আৰক্ষীয়ে জ্যোতিকুছিৰ জ্যোতিশ্ৰী নগৰ হিল চাইডৰ পৰা পিণ্টু ৰয়ক আটক কৰি মুঠ 42.41 গ্ৰাম হেৰ’ইন জব্দ কৰে ।

লগতে পঢ়ক: চামগুৰিত আৰক্ষীৰ জালত দুই দুৰ্ধৰ্ষ ডকাইত

ইফালে সোমবাৰে পুৱাৰ ভাগত লাখটকীয়াৰ ৰে’লৱে উৰণীয়া সেঁতুৰ সমীপৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী মহম্মদ নুৰ ইছলামক আটক কৰাৰ লগতে এটা পেকেটত থকা 15 গ্ৰাম হেৰ’ইন, 8 টা হেৰ’ইন ভৰ্তি প্লাষ্টিক ভাইল, নগদ 6 হাজাৰ টকা, 3 টা ম’বাইল ফোন, 3 টা চিৰিঞ্জ আৰু 140 টা খালী প্লাষ্টিকৰ ভাইল জব্দ কৰে আৰক্ষীয়ে ।

আনহাতে, অপৰাধ শাখাই অভিযান চলাই 27 আগষ্টত জালুকবাৰী আৰক্ষী থানাৰ অন্তৰ্গত নামবাৰী চেইণ্ট মেৰীছ স্কুলৰ সমীপৰ পৰা মোস্তাফা আহমেদ, ৰাজু আলী আৰু প্ৰাঞ্জল কুমাৰ দাস নামৰ তিনি সৰবৰাহকাৰীক আটক কৰে । আটকাধীন সৰবৰাহকাৰী তিনিটাৰ পৰা 24 গ্ৰাম ব্ৰাউন চুগাৰ, নগদ 1700 টকা আৰু AS-01-AY-5161 নম্বৰৰ এখন বাহন জব্দ কৰে ।

উক্ত ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে ৷

লগতে পঢ়ক: বাৰ্থ ডে' পাৰ্টি কৰি ৰঙাঘৰৰ আলহী হ’ল যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.