চামগুৰিত আৰক্ষীৰ জালত দুই দুৰ্ধৰ্ষ ডকাইত

author img

By

Published : Aug 31, 2021, 11:30 AM IST

robber arrest

বিগত ৩১ জুলাই আৰু ২১ আগষ্টত নগাঁৱৰ চামগুৰিত দুটাকৈ ডকাইতি ঘটনা সংঘটিত হৈছিল । দুয়োটা ঘটনাৰ লগত জড়িতৰ সন্দেহত দুটাকৈ ডকাইতক আটক কৰিবলৈ সক্ষম হৈছে চামগুৰি আৰক্ষী ।

চামগুৰি, ৩১ আগষ্ট : নগাঁও জিলাৰ চামগুৰিত গ্ৰেপ্তাৰ দুটাকৈ দুৰ্ধৰ্ষ ডকাইত । দুটাকৈ পথক ডকাইতি কাণ্ডত জড়িত আছিল দুয়োটা ডকাইত । ধৃত ডকাইত দুটা ক্ৰমে চামগুৰিৰ কাৱৈমাৰীৰ মজিবুৰ ৰহমান আৰু টেকেলিপুটাৰ ইলিয়াছ খান ।

কেলিডেন চাহ বাগিচাৰ চিচিটিভি ফুটেজ আৰু ম’বাইল ফোন ট্ৰেক কৰি আৰক্ষীয়ে অভিযান চলাই শনিবাৰে পুৱতি নিশা প্ৰায় তিনি মান বজাত দুৰ্ধৰ্ষ ডকাইত কেইটাক আটক কৰিবলৈ সক্ষম হয় । ডকাইত দুটাৰ লগতে মজিবুৰ ৰহমানে ডকাইতি কাণ্ডত ব্যৱহাৰ কৰা AS-০১-AW-৯৫৪২ নম্বৰ চাৰিচকীয়া বাহনখনো খানাপাৰাৰ পৰা জব্দ কৰা হয় । যোৱা ২১ আগষ্টত চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত শালনা পহৰা চকীৰ এলেকাধীন ৰেকাপাহাৰত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড ।

robber arrest
চামগুৰিত আৰক্ষীৰ জালত দুই দুৰ্ধৰ্ষ ডকাইত

ড্ৰাইভাৰ আৰু হেণ্ডিমেনক মাৰপিট কৰি, হাত-ভৰি বান্ধি, চাহপাত কঢ়িওৱা এখন বলেৰ’ পিক আপ ভান কাঢ়ি নিয়া সন্দৰ্ভত চামগুৰি আৰক্ষী থানাত ৰুজু কৰা হৈছিল ৩৭৩/২০২১ u/s ৩৯৫ IPC নম্বৰৰ এটা গোচৰ ৰুজু হৈছিল ।

আৰক্ষীয়ে বিভিন্ন স্থানত ডকাইত কেইটাৰ সন্ধানত অভিযান চলাইছিল ৷ অৱশেষত কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত চলোৱা কলিয়াবৰ, চামগুৰি আৰু খাটোৱাল আৰক্ষী থানাৰ যৌথ অভিযানত আটক কৰিবলৈ সক্ষম হয় দুয়োটা ডকাইতক । উল্লেখ্য যে, যোৱা ৩১ জুলাইত ছয় জনীয়া এটা ডকাইতৰ দলে চামগুৰিৰ মিছাৰ পৰা লুট কৰি এখন মটৰ চাইকেল লৈ গৈছিল । উক্ত ঘটনা সন্দৰ্ভত কলিয়াবৰ আৰক্ষী থানাত ৫১/২০২১ u/s ৩৯৫ IPC নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছিল ।

সেই ঘটনাৰে জড়িত চামগুৰি পুথিখাইটিৰ জেহিৰুল ইছলাম সম্প্ৰতি মিছা আৰক্ষীৰ জিম্মাত আছে । যোৱা ৩১ জুলাই আৰু ২১ আগষ্টত সংঘটিত হোৱা দুয়োটা ডকাইতি কাণ্ডৰে জড়িত মজিবুৰ আৰু ইলিয়াছক অধিক তথ্যৰ বাবে বৰ্তমান আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে । লগতে আন চাৰিটা পলাতক ডকাইতক কৰায়ত্ব কৰিবলৈ আৰক্ষীয়ে অব্যাহত ৰাখিছে অনুসন্ধান ।

লগতে পঢ়ক : ঘৰৰ ভিতৰত হৰিণাৰ ছাল ৰাখি আৰক্ষীৰ জালত পৰিল ৰাজা আলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.