ETV Bharat / state

বন্ধ পেপাৰ মিল : 93 গৰাকী শ্ৰমিকে হেৰুৱাইছে প্ৰাণ

author img

By

Published : Aug 31, 2021, 1:47 PM IST

2015 আৰু 2017 চনৰে পৰা বন্ধ হৈ আছে কাছাৰ আৰু নগাঁও পেপাৰ মিল ৷ যোৱা প্ৰায় 55 মাহে দৰমহাৰ পৰা বঞ্চিত কল দুটাত কৰ্মৰত শ শ কৰ্মচাৰী ৷ নিৰ্বাচনৰ পূৰ্বে দুঃখ নিবাৰণৰ প্ৰতিশ্ৰুতি কিন্তু নিৰ্বাচন গ’লেই সকলো পাহৰণি ৷ সমিধানৰ অপেক্ষাত বৰ্তমানলৈকে মৃত্যুক সাৱতিছে 93 গৰাকীকৈ শ্ৰমিকে ৷ কিন্তু সমিধান ক’ত ?

ANOTHER WORKER OF A CLOSED PAPER MILL DIES IN ASSAM SO FAR 93 HAVE DIED
বন্ধ পেপাৰ মিল : 93 গৰাকী শ্ৰমিকে বৰ্তমানলৈকে হেৰুৱালে প্ৰাণ

নিউজ ডেস্ক, 31 আগষ্ট : চৰকাৰী সমিধানৰ বাবে অপেক্ষা কৰি অৱশেষত শেষ নিঃস্বাস ত্যাগ কৰিলে বন্ধ হৈ থকা হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যনৰ অন্তৰ্গত নগাঁও পেপাৰ মিলৰ আন এগৰাকী কৰ্মচাৰী ৷ ৰাজ্যৰ দুয়োটা পেপাৰ মিল সম্পূৰ্ণৰূপে অক্ষম হৈ পৰাৰ পিছত বৰ্তমানলৈকে ইয়াত কৰ্মৰত 93 গৰাকীকৈ কৰ্মচাৰীয়ে মৃত্যুক সাৱতি লৈছে ৷

নগাঁও আৰু কাছাৰ পেপাৰ মিলৰ স্বীকৃতিপ্ৰাপ্ত শ্ৰমিক ইউনিয়নৰ যুটীয়া কাৰ্যকৰী সমিতি অধ্যক্ষ 62 বৰ্ষীয় কুমাৰ মজুমদাৰৰ উচ্চ ৰক্তচাপ আৰু হৃদৰোগজনিত সমস্যাৰ বাবে মৃত্যু হয় ৷ উপযুক্ত চিকিৎসাৰ অভাৱতে মৃত্যুক সাৱতি লয় কুমাৰ মজুমদাৰে ৷ প্ৰয়াত মজুমদাৰৰ ঘৰত তেওঁৰ পত্নী আৰু পুত্ৰ আছে ৷

শ্ৰমিক ইউনিয়নৰ যুটীয়া কাৰ্যকৰী সমিতিৰ আন এগৰাকী অধ্যক্ষ মানবেন্দ্ৰ চক্ৰৱৰ্তীয়ে কয়, ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই শাসনভাৰ লোৱাৰ পিছতো এইটো অষ্টমটো কৰ্মচাৰীৰ মৃত্যুৰ ঘটনা ৷

পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ 5 বছৰীয়া শাসনকালত জাগীৰোড আৰু কাছাৰ পেপাৰ মিলত কৰ্মৰত প্ৰায় 85 গৰাকী কৰ্মচাৰীৰ মৃত্যু হৈছিল ৷ এইসকলৰ অধিকাংশই আৰ্থিক অনাটন নতুবা চিকিৎসাৰ অভাৱতে মৃত্যু হৈছে বুলি জনায় মানবেন্দ্ৰ চক্ৰৱৰ্তীয়ে ৷ "আমাৰ অধিকাংশ কৰ্মচাৰীৰে মৃত্যু উপযুক্ত চিকিৎসাৰ অভাৱত হৈছে, কিয়নো তেওঁলোকে যোৱা 55 মাহৰ পৰা দৰমহা অথবা বকেয়া ধন লাভ কৰা নাই ৷ এয়া কোনো সামান্য সমস্যা নহয় ৷ চৰকাৰৰ উদাসীনতাৰ বাবেই আমাৰ কৰ্মচাৰীসকলৰ মৃত্যু হৈছে", এনেদৰে কয় মানবেন্দ্ৰ চক্ৰৱৰ্তীয়ে ৷

লগতে পঢ়ক : কাগজ কল নিলামত স্থগিতাদেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

চক্ৰৱৰ্তীয়ে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰক তেওঁলোকৰ প্ৰতিশ্ৰুতি সমূহ পূৰণ কৰি কৰ্মচাৰীসকলৰ সকলো আইনী প্ৰাপ্য মুকলি দি তেওঁলোকৰ জীৱন ৰক্ষা কৰিবলৈ আহ্বান জনাইছে ৷ উল্লেখ্য যে, হাইলাকান্দি জিলাৰ পঞ্চগ্ৰামৰ কাছাৰ পেপাৰ মিল আৰু মিৰগাঁও জিলাৰ নগাঁও পেপাৰ মিল দুটা ক্ৰমে 2015 আৰু 2017 চনৰ পৰা বন্ধ হৈ আছে ৷

2016 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ’লে দুয়োটা পেপাৰ মিল পুনৰ কাৰ্যক্ষম কৰি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল বিজেপি চৰকাৰখনে ৷ কিন্তু বিগত 5 টা বছৰত মিল দুটা পুনৰ আৰম্ভ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকা আছিল সম্পূৰ্ণ নিস্ক্ৰীয় ৷ আনকি 2021ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেও বিজেপি চৰকাৰে পুনৰবাৰ মিল দুটা পুনৰ আৰম্ভ কৰিব বুলি নিৰ্বাচনী ৰেলীত ঘোষণা কৰিছিল ৷

ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে দুয়োটা মিল বনিয়াৰ হাতত গটোৱাৰ কথা মুকলিকৈ প্ৰকাশ কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত মন্তব্য কৰি কৈছিল, কাগজ কল দুটা পুনৰুজ্জীৱিত কৰিবলৈ হ'লে প্ৰায় ১২০০ কোটি টকাৰ প্ৰয়োজন । এনে পৰিস্থিতিত কল দুটা নিলামত দিয়াৰ বাহিৰে গত্যন্তৰ নাই ।

ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধিকৰণে সকলো পক্ষৰ সৈতে কৰা বৈঠকৰ অন্তত যোৱা 26 এপ্ৰিলত ন্যায়াধিকৰণে হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যনক মিল দুটা বিক্ৰী কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷

লগতে পঢ়ক : কাগজ কল নিলামৰ বাবে পুনৰ বিজ্ঞাপন

ইয়াৰ পিছতে যোৱা 1 জুনত জাৰীৰোড আৰু কাছাৰ কাগছ কল বিক্ৰীৰ বাবে কেইবাখনো ৰাষ্ট্ৰীয় কাকতত বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল ৷ হিন্দুস্তান পেপাৰ কৰ্প’ৰেশ্যনৰ দ্বাৰা প্ৰকাশিত এই বিজ্ঞাপনত ‘ৰিজাৰ্ভ প্ৰাইজ’ নিৰ্ধাৰণ কৰা হৈছিল 1139 কোটি টকা ।‌‌

নিলামৰ বাবে জাৰি কৰা নিৰ্দেশনা অনুসৰি কাগজ কল দুটা ক্ৰয় কৰাৰ বাবে ইচ্ছুক সকলৰ বাবে 55 কোটি টকা আৰ্নেষ্ট মানি ধাৰ্য কৰা হৈছিল ৷ কিন্তু 1 জুনত প্ৰকাশিত বিজ্ঞাপনৰ পিছত নিলাম প্ৰক্ৰিয়াত কোনেও অংশ নোলোৱাত বাতিল কৰা হৈছিল কাগজ কল দুটাৰ নিলাম প্ৰক্ৰিয়া ৷ ইয়াৰ পিছতে 23 জুনত বিক্ৰী মূল্য হ্ৰাস কৰি পুনৰ বিজ্ঞাপন প্ৰকাশ কৰে ৰাষ্ট্ৰীয় কোম্পানী আইন আপীল ন্যায়াধিকৰণে নিয়োগ কৰা লিকুইডেটৰ কুলদ্বীপ বাৰ্মাই ৷

দ্বিতীয়বাৰৰ বাবে প্ৰকাশ কৰা নিলামৰ বিজ্ঞাপনত নতুন মূল্য হ্ৰ‍াস কৰি ৯৬৯ কোটি টকা কৰা হৈছিল ৷ ইচ্ছুক প্ৰতিষ্ঠানে ৪৮ কোটি টকা আৰনেষ্ট মানী (earnest money) জমা দি কাগজ কল (Paper mill) দুটা ক্ৰয়ৰ বাবে ‘বুক’ কৰিব পাৰিব বুলি বিজ্ঞাপনত (Advertisement) কোৱা হৈছে ।

এই বাদ বিবাদৰ মাজতে কল দুটাৰ শ্ৰমিক ইউনিয়নে নিলামৰ প্ৰত্যাহ্বান জনাই ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধিকৰণ (National Company Law Tribunal) কাষ চাপিছিল । সেই অনুসৰি উক্ত গোচৰৰ ভিত্তিত যোৱা ২৬ আগষ্টত দিল্লী উচ্চ ন্যায়ালয়ে শুনানী গ্ৰহণ কৰি অন্তৱৰ্তীকালীন ৰায় প্ৰদান কৰে । এই ৰায়যোগে দিল্লী উচ্চ ন্যায়ালয়ে উক্ত কল দুটা নিলামৰ সন্দৰ্ভত গ্ৰহণ কৰা স্থিতিৰ বিষয়ে ২৮ ছেপ্তেম্বৰৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ প্ৰদান কৰিছে ।

লগতে পঢ়ক : বাতিল হ'ল দুটাকৈ কাগজ কলৰ নিলাম প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.