ETV Bharat / state

বাতিল হ'ল দুটাকৈ কাগজ কলৰ নিলাম প্ৰক্ৰিয়া

author img

By

Published : Jun 17, 2021, 9:20 PM IST

কাছাৰ আৰু নগাঁও কাগজ কল নিলামত বিক্ৰী কৰাৰ সকলো পৰিকল্পনা অৱশেষত বাতিল হ'ল। ১৫ জুনৰ ভিতৰত ই এম ডি ৫৫ কোটি টকা কোনো লোকে জমা নিদিয়াৰ বাবেই বাতিল হ’ল কল দুটাৰ নিলাম প্ৰক্ৰিয়া।

Canceled of two paper mills auction process
বাতিল হ'ল দুটাকৈ কাগজ কলৰ নিলাম প্ৰক্ৰিয়া

গুৱাহাটী, ১৭ জুন : অসমবাসী তথা অসমৰ দুটা বৃহৎ উদ্যোগ কাছাৰ আৰু নগাঁও কাগজ কলৰ কৰ্মচাৰীৰ ভৱিষ্যতৰ অনিশ্চয়তাৰ মাজতে এটা ভাল খবৰ ৷ অৱশেষত বাতিল কৰা হৈছে কাগজ কল দুটাৰ নিলাম প্ৰক্ৰিয়া ৷ কাগজ কল দুটা নিলামত ক্ৰয় কৰিবলৈ কোনো আগবাঢ়ি নহা বাবেই বাতিল হয় নিলা প্ৰক্ৰিয়া ৷

লিকুৱেটৰ কুলদীব বাৰ্মাই কল দুটা নিলামৰ বাবে জাৰি কৰা নিৰ্দেশনা অনুসৰি কাগজ কল দুটা ক্ৰয় কৰাৰ বাবে ইচ্ছুক সকলৰ বাবে 55 কোটি টকা আৰ্নেষ্ট মানি ধাৰ্য কৰা হৈছিল ৷ 15 জুনলৈকে এই আৰ্নেষ্ট মানি জমা দিয়াৰ অন্তিম সময় বান্ধি দিয়া হৈছিল ৷ কিন্তু কাগজ কল দুটা ক্ৰয় কৰাৱ ক্ষেত্ৰত কোনো লোকে ১৫ জুনৰ ভিতৰত ই এম ডি ৫৫ কোটি টকা জমা নিদিয়াৰ বাবেই বাতিল হ’ল কল দুটাৰ নিলাম প্ৰক্ৰিয়া।

Canceled of two paper mills auction
বাতিল হ'ল দুটাকৈ কাগজ কলৰ নিলাম প্ৰক্ৰিয়া

লিকুৱেটৰৰ নিৰ্দেশ অনুসৰি ১৫ জুনৰ সন্ধিয়া ৬ বজালৈ আছিল ই এম ডি জমা দিয়াৰ অন্তিম সীমা। ১ জুনত লিকুৱেটৰ কুলদীব বাৰ্মাই কল দুটা নিলামৰ বাবে নিৰ্দেশনা জাৰি কৰি কল দুটা ক্ৰয় কৰিবলৈ ইচ্ছুক গ্ৰাহক সকলক ই এম ডি ৫৫ কোটি টকা জমা দিবলৈ নিৰ্দেশ দিছিল ৷ ই এম ডিৰ এই ৫৫ কোটি টকা জমা দিয়া সকলে ৩০ জুনত কল দুটা নিলামত ক্ৰয় কৰা বাবে আহ্বান কৰিব লগা নিবিদাত অংশ গ্ৰহণ কৰাৰ কথা আছিল।

কিন্তু ইয়াৰ পূৰ্বেই কোনেও কল দুটা ক্ৰয় কৰিবলৈ আগবাঢ়ি নহাত বাতিল হৈ যায় কাগজ কল দুটা বিক্ৰী কৰিবলৈ লোৱা নিলাম প্ৰক্ৰিয়া। ইফালে কাগজ কল দুটাৰ নিলাম প্ৰক্ৰিয়া বাতিল হোৱাত সন্তুষ্টি প্ৰকাশ কৰিছে কাগজ কল দুটাৰ শ্ৰমিক-কৰ্মচাৰী ইউনিয়নৰ সভাপতি মানবেন্দ্ৰ চক্ৰৱৰ্তীয়ে।

কাগজ কল দুটাৰ নিলাম প্ৰক্ৰিয়া বাতিল হোৱাৰ পাছত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে কল দুটা পুনৰুজ্জীৱিত কৰা বাবে আৰু এটা সোণালী সুযোগ লাভ কৰিলে। চক্ৰৱৰ্তীয়ে কাগজ কল দুটা পুনৰুজ্জীবিত কৰাৰ লগতে কৰ্মচাৰী সকলৰ দৰমহা আদায় দিবলৈ চৰকাৰক আহ্বান জনায়। উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তিনি জুনত দিল্লীৰ এখন সংবাদ মেলত কাগজ কলৰ কৰ্মচাৰী সকলৰ দৰমহা মোকলাই দিয়াৰ ইংগিত দিছিল।

লগতে পঢ়ক: বিদ্যুৎ বিভাগৰ বিৰুদ্ধে সৰৱ বিধায়ক মৃণাল শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.