ETV Bharat / bharat

3 ছেপ্তেম্বৰৰ পৰা পুনৰ মুকলি হ'ব ভাৰত-বাংলাদেশ বিমান সেৱা

author img

By

Published : Aug 31, 2021, 4:04 PM IST

পুনৰ মুকলি হোৱাৰ দিশে ভাৰত-বাংলাদেশৰ মাজৰ বিমান সেৱা ৷ দুয়োখন দেশৰ মাজত হোৱা আলোচনাৰ গ্ৰহণ কৰা হৈছে এক উমৈহতীয়া সিদ্ধান্ত ৷ ভাৰতীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে(Ministry of Civil Aviation) প্ৰকাশ কৰিছে এই তথ্য ৷

flights-between-india-and-bangladesh-to-resume-from-3rd-september-2021
3 ছেপ্তেম্বৰৰ পৰা পুনৰ মুকলি হ'ব ভাৰত-বাংলাদেশ বিমান সেৱা

নিউজ ডেস্ক, 31 আগষ্ট : বাংলাদেশ ভ্ৰমণৰ বাবে অপেক্ষা কৰি থকা বিমান যাত্ৰী সকলৰ বাবে এক সু-খবৰ ৷ প্ৰায় 4 মাহৰ বিৰতিৰ পাছত অহা 3 ছেপ্তেম্বৰৰ পৰা পুনৰ মুকলি হ'ব ভাৰত-বাংলাদেশৰ মাজৰ বিমান সেৱা ৷ অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য ৷ দুয়োখন দেশৰ মাজত হোৱা উমৈহতীয়া বুজাপৰাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ কিন্তু এইক্ষেত্ৰত কিছু নিৰ্দেশনা বাহাল ৰাখিছে কেন্দ্ৰীয় চৰকাৰে ৷

সীমিত সংখ্যক যাত্ৰী তথা নিৰ্দিষ্ট স্বাস্থ্যসন্মত নীতি-নিয়ম মানিহে ভাৰত-বাংলাদেশৰ মাজৰ বিমান সেৱা পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ লগতে পূৰ্বৰ নিৰ্ধাৰিত 140 জন যাত্ৰীৰ পৰিৱৰ্তে বৰ্তমান বিমানৰ 90-95% আসন যাত্ৰীৰ বাবে উপলব্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে ৷

আনহাতে বাংলাদেশৰ পৰা ভাৰতলৈ অহা প্ৰতিগৰাকী যাত্ৰীয়ে বিমান বন্দৰতে স্ব-পৰিশোধিতভাৱে মলিকুলাৰ পৰীক্ষা(molecular tests) কৰাটো বাধ্যতামূলক কৰা হৈছে ৷

লগতে পঢ়কঃ আমেৰিকাই ল'লে প্ৰতিশোধ : আফগানিস্তানত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এয়াৰ ষ্ট্ৰাইক

ঢাকা ট্ৰিবিউনত প্ৰকাশ পোৱা এক প্ৰতিবেদন মতে, কেৱল ক'ভিডৰ টিকা লোৱা ব্যক্তিসকলৰ মাজতে এই সেৱা সীমাবদ্ধ নহ'ব লগতে আসনৰ ক্ষেত্ৰত কোনো সংৰক্ষণৰ প্ৰয়োজনীয়তা নিৰ্ধাৰণ কৰা হোৱা নাই ৷ কিন্তু দুয়োদেশৰ মাজত চলাচল কৰিবলগীয়া বিমানৰ সংখ্যাৰ ক্ষেত্ৰতহে কিছু নিষেধাজ্ঞা গ্ৰহণ কৰা হৈছে ৷

সেই অনুসৰি সপ্তাহত এটা দিশৰ পৰা পৰা যিকোনো এখন দেশৰ পৰা 7 খন বিমানহে আনখন দেশলৈ যাব পৰিব ৷ লগতে ইণ্ডিগ'(IndiGo),স্পাইচ জেট(SpiceJet) আৰু এয়াৰ ইণ্ডিয়া(Air India)ৰ বিমানকহে এইক্ষেত্ৰত অনুমতি প্ৰদান কৰা হৈছে ৷

উল্লেখ্য যে, 2020 চনৰ 28 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱা বাংলাদেশৰ সৈতে হোৱা চুক্তিখন 27 মাৰ্চ, 2021 লৈকে বৈধ আছিল ৷ য'ত ভাৰত আৰু বাংলাদেশৰ বিমানক দুয়োখন দেশৰ মাজত সেৱা পৰিচালনা কৰাৰ অনুমতি দিয়া হৈছিল ৷ চুক্তিৰ ম্যাদ উকলাৰ পিছত তথা কভিড পৰিস্থিতিৰ বাবে দুয়োখন দেশৰ মাজত বিমান সেৱা বন্ধ হৈ আছিল ৷

লগতে পঢ়কঃ বাঢ়নী পানীয়ে প্ৰাণ কাঢ়িলে তিনিটাকৈ বন ঘৰচীয়া ঘোঁৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.