আমেৰিকাই ল'লে প্ৰতিশোধ : আফগানিস্তানত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এয়াৰ ষ্ট্ৰাইক

author img

By

Published : Aug 28, 2021, 9:02 AM IST

Updated : Aug 31, 2021, 12:41 PM IST

US-airstrike-targets-islamic-state-in-afghanistan-after-deadly-kabul-airport-attack

অৱশেষত আমেৰিকান সৈন্যৰ মৃত্যুৰ প্ৰতিশোধ ল’লে আমেৰিকাই । ইছলামিক ষ্টেটৰ আত্মঘাতী বোমা(Suicide bomber) বিস্ফোৰণৰ মাষ্টাৰ মাইণ্ডক হত্যা কৰিলে আমেৰিকাই ।

ইণ্টাৰনেশ্বনেল ডেস্ক, 28 আগষ্ট : আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে শনিবাৰে আফগানিস্তানত ইছলামিক ষ্টেট(IS)ক লক্ষ্য কৰি এয়াৰ ষ্টাইক চলায় ৷ আফগানিস্তানৰ কাবুল বিমান বন্দৰৰ বাহিৰত বৃহস্পতিবাৰে সংঘটিত আত্মঘাতী বোমা(Suicide bomber) বিস্ফোৰণৰ প্ৰত্যুত্তৰ হিচাপে আমেৰিকাই এই এয়াৰ ষ্টাইক চলোৱাৰ কথা জানিব পৰা হৈছে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে এই অভিযানত কাবুল বিস্ফোৰণৰ মাষ্টাৰ মাইণ্ডক হত্যা কৰা বুলি দাবী কৰিছে ।

আফগানিস্তানৰ কাবুল বিমান বন্দৰৰ বাহিৰত বৃহস্পতিবাৰে দুটাকৈ আত্মঘাতী বোমা(Suicide bomber) বিস্ফোৰণ ঘটে । এই আত্মঘাতী বোমা বিস্ফোৰণৰ কাবুল প্ৰায় ১৬৯ গৰাকী আফগান আৰু ১৩ গৰাকী আমেৰিকান নিহত হৈছিল । আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে কাবুলত আক্ৰমণৰ পৰিকল্পনাত জড়িত নাংগাহাৰত ইছলামিক ষ্টেটৰ এজন সদস্যৰ বিৰুদ্ধে ড্ৰোণ আক্ৰমণ কৰাৰ কথা জানিবলৈ দিয়ে ।

আমেৰিকাৰ নৌসেনাৰ মুখপাত্ৰ কেপ্তেইন উইলিয়াম আৰ্বানে এই আক্ৰমণত এজন সন্ত্ৰাসবাদী নিহত হোৱাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ লগতে এই আক্ৰমণত কোনো লোক হতাহত হোৱা নাই বুলিও সদৰী কৰে । অৱশ্যে বৃহস্পতিবাৰে কাবুল বিমান বন্দৰৰ গেটৰ বাহিৰত হোৱা আত্মঘাতী বোমা বিস্ফোৰণত নিহত সন্ত্ৰাসবাদী জড়িত আছিল নে নাই এতিয়ালৈ সঠিকভাৱে জানিব পৰা হোৱা নাই ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে বৃহস্পতিবাৰে এই আক্ৰমণৰ পাছত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিছিল ৷ তেওঁ লগতে জনতাক কাবুল বিমান বন্দৰৰ গেট তাৎক্ষণিকভাৱে এৰি যাবলৈ আহ্বান জনাইছিল ৷

লগতে পঢ়ক : একাধিক বোমা বিস্ফোৰণে জোকাৰি গ’ল কাবুলৰ বিমান বন্দৰ

Last Updated :Aug 31, 2021, 12:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.