ETV Bharat / state

9 বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : Jun 18, 2022, 9:04 AM IST

TOP 10 AT 9 AM
9 বজাৰ শীৰ্ষ 10টা বাতৰি

9 বজাৰ শীৰ্ষ দহটা বাতৰি

Flood hazard in Assam : কেতিয়া ওলাব বেলি, কেতিয়া শুকাব পানী ?

ৰাজ্যত এতিয়া কেউফালে কেৱল বান (Flood in Assam) ৷ বৰ্তমানলৈকে 25 খন জিলাত ক্ষতিগ্ৰস্ত হৈছে ৫,৩০,০৮৫ জনতা ৷ বানত বুৰিছে ৰাজ্যৰ ৬৮,৩১১ হেক্টৰ কৃষিভূমি ৷ প্লাবিত হৈছে ১৭০২ খন গাঁও ৷ বহু নগৰ অঞ্চলতো আপদীয়া কৃত্ৰিম বান ৷ ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰ, দক্ষিণপাৰ, উজনি-মধ্য আৰু নামনি অসম সৰ্বত্ৰে এতিয়া বানৰ তাণ্ডৱ (Floods in Assam)৷

নলবাৰীত বানত প্ৰাণ হেৰুৱালে এজনে

গৰু আনিবলৈ যাওঁতে বানত উটি গ’ল নলবাৰীৰ এজন লোক (One lost his life in flood in Nalbari)৷ কৰুণভাৱে মৃত্যু আকোঁৱালি লোৱা ভৱেশ ডেকা নামৰ লোকজন পেচাত আছিল এগৰাকী ৰিক্সাচালক ৷

গুৱাহাটী-শিলচৰৰ মাজত জৰুৰীকালীন বিমান সেৱাৰ ব্যৱস্থা

বান পৰিস্থিতি আৰু ভূমিস্খলনৰ ফলত বৰাক উপাত্যকাৰ সৈতে ব্যাহত হৈ আছে যোগাযোগ ব্যৱস্থা । গুৱাহাটী আৰু শিলচৰৰ মাজত যাতায়াতৰ সুবিধাৰ বাবে অসম পর্যটন উন্নয়ন নিগমে(Assam Tourism Development Corporation) বিশেষ বিমান সেৱাৰ ব্যৱস্থা কৰিছে । প্ৰতিটো টিকটৰ মূল্য ৪ হাজাৰ টকাকৈ ধাৰ্য কৰা হৈছে ।

মহানগৰীৰ কৃত্ৰিম বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰৰ ব্যৰ্থতা স্বীকাৰ মুখ্যমন্ত্ৰীৰ

গুৱাহাটীৰ বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰাটো কেৱল চৰকাৰৰ পক্ষে সম্ভৱ নহয় । ৰাইজৰ লগতে সংবাদ মাধ্যমৰো সহযোগিতা লাগিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় পথত এতিয়া চলিব কেৱল জৰুৰী সেৱাৰ বাহন

শুকুৰবাৰে ৰঙিয়াৰ বান পৰিস্থিতিৰ বুজ ল’লে কামৰূপ জিলাৰ উপায়ুক্তই ৷ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সাজু হৈ থকাৰ বাবে বানাক্ৰান্ত লোকসকলক আহ্বান জনায় উপায়ুক্ত কৈলাশ কাৰ্তিকে ৷

Ambubachi Mela 2022: বান পৰিস্থিতিৰ বাবে এইবাৰো অনুষ্টুপীয়া হ’ব অম্বুবাচী মেলা

এইবাৰ অনুষ্টুপীয়াকৈ উদযাপন কৰা হ’ব শক্তিপীঠ কামাখ্যা ধামৰ অম্বুবাচী মেলা (Ambubachi Mela in Kamakya temple)৷ বান পৰিস্থিতি আৰু প্ৰতিকূল বতৰৰ বাবে গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত ।

বানৰ সংহাৰ: লখিমপুৰত বানৰ কৱলত ৬৬ খন গাঁও

জলমগ্ন লখিমপুৰ জিলা (Flood in Lakhimpur) ৷ বছৰৰ দ্বিতীয়টো বানত লখিমপুৰৰ অৰ্ধ শতাধিক গাঁও এতিয়া বানৰ কৱলত পৰিছে । উটি-ভাহি গৈছে পথ, দলং তথা মথাউৰি । হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বন্যাৰ্তৰ মাজত ৷

গুৱাহাটীত ৰবটিক পদ্ধতিৰে স্প্লেনিক চিষ্টৰ বিৰল অস্ত্ৰোপচাৰ সম্পন্ন

গুৱাহাটীত সম্পন্ন হ’ল বিৰল অস্ত্ৰোপচাৰ ৷ ৰবটিকল ছাৰ্জাৰীৰ জৰিয়তে এটি ১৩ বছৰীয়া কিশোৰৰ প্লীহাৰ পৰা আঁতৰ কৰা হ'ল এটা স্প্লেনিক চিষ্ট (Robotic surgery in Guwahati) । উত্তৰ-পূৰ্বাঞ্চলত প্ৰথম বাৰৰ বাবে সম্পন্ন হ'ল এনে বিৰল ছাৰ্জাৰী । অস্ত্ৰোপচাৰত ব্যৱহাৰ হোৱা ৰ’বটটোৰ নাম আছিল ‘ভাৰ্ছিয়াছ’।

ত্ৰিপুৰাত 8 কোটি টকাৰ গাঞ্জাসহ দুজনক গ্ৰেপ্তাৰ

ত্ৰিপুৰাৰ খোৱাই জিলাৰ তেলিমুৰা মহকুমাৰ অন্তৰ্গত মুংগুয়াকামি আৰক্ষী থানাৰ অধীনৰ এটা অঞ্চলৰ পৰা গাঞ্জাসহ দুজন লোকক গ্ৰেপ্তাৰ (Cannabis of Rs 8 crore seized in Tripura)৷ এখন এল পি জি টেংকাৰৰ পৰা প্ৰায় ৮ কোটি টকা মূল্যৰ ৫,৩৬৬ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে আৰক্ষীয়ে ৷

Project K: বলীউড অভিনেত্ৰী দীপিকা পাডুকন অসুস্থ হৈ পৰাত কি কৰিলে প্ৰভাসে

আহিবলগীয়া ছবি কে'ৰ শ্বুটিঙৰ সময়ত হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকন(Deepika Padukone unwell) ৷ অভিনেত্ৰীগৰাকীৰ স্বাস্থ্যক লৈ চিন্তিত জনপ্ৰিয় তেলেগু অভিনেতা প্ৰভাস(Prabhas helps Deepika to get well soon) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.