ETV Bharat / state

Ambubachi Mela 2022: বান পৰিস্থিতিৰ বাবে এইবাৰো অনুষ্টুপীয়া হ’ব অম্বুবাচী মেলা

author img

By

Published : Jun 17, 2022, 10:10 PM IST

এইবাৰ অনুষ্টুপীয়াকৈ উদযাপন কৰা হ’ব শক্তিপীঠ কামাখ্যা ধামৰ অম্বুবাচী মেলা (Ambubachi Mela in Kamakya temple)৷ বান পৰিস্থিতি আৰু প্ৰতিকূল বতৰৰ বাবে গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত ।

Ambubachi Mela 2022
বান পৰিস্থিতিৰ বাবে এইবাৰো অনুষ্টুপীয়া হ’ব অম্বুবাচী মেলা

গুৱাহাটী, 17 জুন: শক্তিপীঠ কামাখ্যা ধামত(Kamakhya Temple) অহা ২২ তাৰিখৰ পৰা ২৬ তাৰিখলৈ অনুষ্ঠিত হ’বলগীয়া অম্বুবাচী মেলা এইবাৰ অনুষ্টুপীয়াকৈ উদযাপন কৰা হ’ব । কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই শুকুৰবাৰে এই কথা ব্যক্ত কৰি কয় যে, বিভিন্ন কাৰণত মা কামাখ্যা ধামত এইবাৰ অম্বুবাচী মেলা অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰাৰ সিদ্বান্ত গ্ৰহণ কৰা হৈছে । বান পৰিস্থিতি আৰু প্ৰতিকূল বতৰৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে (Flood hits Guwahati)।

উল্লেখ্য যে, দুবছৰৰ বিৰতিৰ পাছত নীলাচল পাহাৰৰ(Nilachal hill Guwahati) বুকুত অম্বুবাচী মেলা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গহণ কৰিছিল । ক’ভিডৰ বাবে যোৱা দুটা বছৰত অনুষ্ঠিত হোৱা নাছিল অম্বুবাচী মেলা (Ambubachi Mela in Kamakya temple) । কিন্তু এইবাৰ পৰিস্থিতি স্বাভাৱিক হোৱাত ২২ জুনৰ পৰা কামাখ্যা দেৱালয়ত অম্বুবাচী মেলা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গহণ কৰা হৈছিল । অম্বুবাচীমেলালৈ দেৱালয় কৰ্তৃপক্ষ, জিলা প্ৰশাসনে প্ৰস্তুতি আৰম্ভ কৰিছিল ।

উল্লেখ্য যে, ২০২০ আৰু ২০২১ চনত কেৱল পৰম্পৰা ৰক্ষা কৰি অম্বুবাচী মহোৎসৱ পালন কৰা হৈছিল । এইবেলি ২২ জুনৰ নিশা ৮.১৮ বজাত প্ৰবৃতি হ’ব । প্ৰবৃতিৰ লগে লগে কামাখ্যাৰ দুৱাৰ বন্ধ কৰা হ’ব । পৰম্পৰা অনুসৰি একাদিক্ৰমে তিনি দিনলৈ বন্ধ থাকিব দুৱাৰ । সেই সময়ত দেৱীৰ ভোগ-পূজা আদিওও বন্ধ থাকিব । ২৬ জুনৰ পুৱা নিত্য পূজা সমাপন হোৱাৰ পাছতে দৰ্শনাৰ্থীৰ বাবে মন্দিৰৰ দুৱাৰ খুলি দিয়া হ’ব ।

লগতে পঢ়ক: Flood hazard in Assam : কেতিয়া ওলাব বেলি, কেতিয়া শুকাব পানী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.