ETV Bharat / state

ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় পথত এতিয়া চলিব কেৱল জৰুৰী সেৱাৰ বাহন

author img

By

Published : Jun 17, 2022, 10:57 PM IST

Kamrup district administration announces to close road at Rangia
ভাৰত-ভুটান আন্তঃৰাষ্ট্ৰীয় পথত এতিয়া চলিব কেৱল জৰুৰী সেৱাৰ বাহন

শুকুৰবাৰে ৰঙিয়াৰ বান পৰিস্থিতিৰ বুজ ল’লে কামৰূপ জিলাৰ উপায়ুক্তই ৷ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সাজু হৈ থকাৰ বাবে বানাক্ৰান্ত লোকসকলক আহ্বান জনায় উপায়ুক্ত কৈলাশ কাৰ্তিকে ৷

ৰঙিয়া, 17 জুন: বিগত কেবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত বানে ভয়াবহ ৰূপ ধাৰণ কৰিছে (Flood in Assam) ৷ সম্প্ৰতি ৰঙিয়াতো বানে ভয়াবহ ৰূপ ধাৰণ কৰিছে (Flood at Rangia) ৷ নেৰানেপেৰা বৰষুণৰ ফলত নৈৰ বাঢ়নী পানীয়ে মুহুৰ্তৰ ভিতৰতে উটুৱাই লৈ যায় ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথটো (Indo Bhutan International Highway) ৷

সম্প্ৰতি ঘাইপথটোৰ ওপৰত একঁকাল পানী হোৱা দেখা গৈছে । ফলত অঞ্চলটোৰ যাতায়ত ব্যৱস্থা ব্যাহত হোৱাত উপায়ন্তৰ হৈ পৰিছে স্থানীয় ৰাইজ ৷ শুকুৰবাৰে ৰঙিয়াত বান পৰিস্থিতিৰ বুজ ল’বলৈ বালাগাঁৱত কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক উপস্থিত হৈ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সাজু হৈ থকাৰ বাবে বানাক্ৰান্ত লোকসকলক আহ্বান জনায় ৷

ভাৰত-ভুটান আন্তঃৰাষ্ট্ৰীয় পথত এতিয়া চলিব কেৱল জৰুৰী সেৱাৰ বাহন

ইফালে ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথটোত কেৱল মাত্ৰ জৰুৰী সেৱাৰ বাহনসমূহক পথটোৰে যাতায়তৰ অনুমতি প্ৰদান কৰা হৈছে । লগতে বানৰ ভয়াবহ ৰূপৰ প্ৰতি লক্ষ্য ৰাখি মহাত্মা গান্ধী পথ, ৰঙিয়া আৰক্ষী থানা সংলগ্ন উপ-পথকে ধৰি কেবাটাও পথ বন্ধ ঘোষণা কৰা হৈছে বুলি জনায় উপায়ুক্তগৰাকীয়ে ।

লগতে পঢ়ক: Flood at Baihata: বান পৰিস্থিতিৰ বুজ ল’বলৈ উপস্থিত পীযুষ হাজৰিকা, দিগন্ত কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.