ETV Bharat / bharat

ত্ৰিপুৰাত 8 কোটি টকাৰ গাঞ্জাসহ দুজনক গ্ৰেপ্তাৰ

author img

By

Published : Jun 17, 2022, 10:43 PM IST

ত্ৰিপুৰাৰ খোৱাই জিলাৰ তেলিমুৰা মহকুমাৰ অন্তৰ্গত মুংগুয়াকামি আৰক্ষী থানাৰ অধীনৰ এটা অঞ্চলৰ পৰা গাঞ্জাসহ দুজন লোকক গ্ৰেপ্তাৰ (Cannabis of Rs 8 crore seized in Tripura)৷ এখন এল পি জি টেংকাৰৰ পৰা প্ৰায় ৮ কোটি টকা মূল্যৰ ৫,৩৬৬ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে আৰক্ষীয়ে ৷

ত্ৰিপুৰাত 8 কোটি টকাৰ গাঞ্জাসহ দুজনক গ্ৰেপ্তাৰ
ত্ৰিপুৰাত 8 কোটি টকাৰ গাঞ্জাসহ দুজনক গ্ৰেপ্তাৰ

আগৰতলা, 17 জুন: ত্ৰিপুৰা আৰক্ষীয়ে শুকুৰবাৰে এখন এল পি জি টেংকাৰৰ পৰা প্ৰায় ৮ কোটি টকা মূল্যৰ ৫,৩৬৬ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে (Cannabis of Rs 8 crore seized in Tripura) ৷ ত্ৰিপুৰাৰ খোৱাই জিলাৰ তেলিমুৰা মহকুমাৰ অন্তৰ্গত মুংগুয়াকামি আৰক্ষী থানাৰ অধীনৰ এটা অঞ্চলৰ পৰা এই গাঞ্জাসহ দুজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

ইটিভি ভাৰতৰ সৈতে হোৱা কথা-বতৰাত খোৱাই জিলাৰ আৰক্ষী অধীক্ষক ভানুপদ চক্ৰৱৰ্তীয়ে কয় যে, বিয়লি অসম-আগৰতলা ৰাষ্ট্ৰীয় ঘাইপথত তেলিয়ামুৰা মহকুমা আৰক্ষী বিষয়া সোণাচৰণ জামাতিয়াৰ নেতৃত্বত আৰক্ষীৰ জোৱানসকলে গোপন সূত্ৰৰ ভিত্তিত বাহনৰ তালাচী চলাই আছিল । তালাচী চলোৱাৰ সময়তে আগৰতলাৰ পৰা অসম অভিমুখে গৈ থকা NL ০ ২১ ৬৮৪৬ নম্বৰৰ এল পি জি টেংকাৰখন চেক পোষ্টত উপস্থিত হয় ।

আৰক্ষীয়ে যেতিয়া ট্ৰাকখনত তালাচী চলাই তেতিয়া ট্ৰাকখনৰ পৰা বৃহৎ পৰিমাণৰ ভাং জব্দ কৰে (Duo held with cannabis of Rs 8 crore in Tripura )৷ আৰক্ষীয়ে উদ্ধাৰ কৰিছে মুঠ ৫৩৪৬ কেজি গঞ্জা, যাৰ মূল্য হ’ব প্ৰায় ৮ কোটি টকা ৷ আৰক্ষীয়ে লগতে বাহনখনৰ চালকজন আৰু হেণ্ডিমেনক গ্ৰেপ্তাৰ কৰিছে ৷ তেওঁলোক ক্ৰমে উত্তৰ প্ৰদেশৰ সুনীল আৰু বিহাৰৰ মোঃ হাবিব আনছাৰী । পৰৱৰ্তী তদন্তৰ বাবে এন ডি পি এছ আইনৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে ৷

লগতে পঢ়ক: বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ বোকাজানত আৰক্ষীৰ জালত দুই যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.