ETV Bharat / state

বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ বোকাজানত আৰক্ষীৰ জালত দুই যুৱক

author img

By

Published : Jun 17, 2022, 10:14 PM IST

বৃহৎ পৰিমাণৰ অস্ত্ৰসহ বোকাজানত আটক দুই যুৱক (Two persons apprehended with arms) ৷ নগালেণ্ডৰ ডিমাপুৰৰ পৰা কোনো লোকক বিক্ৰীৰ বাবে এই মাৰণাস্ত্ৰ সমূহ লৈ আহিছিল যুৱক দুজনে ।

Two persons apprehended with arms
Two persons apprehended with arms

ডিফু, ১৭ জুন: কাৰ্বিভূমিত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ (Arms rescued in Laharijan) ৷ বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জন দাস আৰু খটখটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজু দুৱৰাৰ এক গোপন খবৰৰ ভিত্তিত শুকুৰবাৰে বিয়লি অসম-নগালেণ্ড সীমাৰ লাহৰিজানৰ টিলাবস্তিৰ পৰা অবৈধ মাৰণাস্ত্ৰসহ দুই যুৱকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী (Two persons apprehended with arms)।

বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ বোকাজানত আৰক্ষীৰ জালত দুই যুৱক

আৰক্ষীৰ জালত পৰা এই যুৱক দুজন হৈছে ক্ৰমে কাছাৰৰ কাবিল উদ্দিন লস্কৰ আৰু দৰঙৰ মাণিক আলি । ধৃত যুৱক দুজনৰ পৰা আৰক্ষীয়ে এটা থ্ৰী নট থ্ৰী ৰাইফল, এটা ডি বি বি এল ৰাইফল, এটা স্কোপ, পইন্ট থ্ৰী নট থ্ৰী ৰাইফলৰ ৩৪ জাঁই সক্ৰিয় গুলী, পইন্ট 22 পিস্তলৰ ৭ জাঁই সক্ৰিয় গুলী, ৪৭ জাঁই বিভিন্ন বন্দুকৰ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Arms smuggling in Assam Nagaland border)।

Two persons apprehended with arms
অস্ত্ৰ-শস্ত্ৰসহ বোকাজানত আৰক্ষীৰ জালত দুই যুৱক

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, যুৱক দুজনে নগালেণ্ডৰ ডিমাপুৰৰ পৰা কোনো লোকক বিক্ৰীৰ বাবে এই মাৰণাস্ত্ৰ সমূহ লৈ আহিছিল । আনহাতে, এই যুৱক দুজনে অসম-নাগালেণ্ডৰ লাহৰিজানত ভাৰাতীয়া হিচাপে আছিল বুলিও আৰক্ষীয়ে জানিবলৈ দিছে । ইতিমধ্যে আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত যুৱক দুজনক জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে গঠন কৰা টাস্ক ফ'ৰ্চ নিষ্ক্ৰিয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.