ETV Bharat / state

গুৱাহাটী-শিলচৰৰ মাজত জৰুৰীকালীন বিমান সেৱাৰ ব্যৱস্থা

author img

By

Published : Jun 17, 2022, 7:34 PM IST

বান পৰিস্থিতি আৰু ভূমিস্খলনৰ ফলত বৰাক উপাত্যকাৰ সৈতে ব্যাহত হৈ আছে যোগাযোগ ব্যৱস্থা । গুৱাহাটী আৰু শিলচৰৰ মাজত যাতায়াতৰ সুবিধাৰ বাবে অসম পর্যটন উন্নয়ন নিগমে(Assam Tourism Development Corporation) বিশেষ বিমান সেৱাৰ ব্যৱস্থা কৰিছে । প্ৰতিটো টিকটৰ মূল্য ৪ হাজাৰ টকাকৈ ধাৰ্য কৰা হৈছে ।

Assam Tourism Development Corporation
গুৱাহাটী-শিলচৰৰ মাজত জৰুৰীকালীন বিমান সেৱাৰ ব্যৱস্থা

গুৱাহাটী, ১৭ জুন: নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত সৃষ্টি হোৱা শেহতীয়া বান পৰিস্থিতি(Assam flood situation) আৰু ভূমিস্খলনৰ বাবে বৰাক উপত্যকাৰ সৈতে যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে । ইয়াৰ বাবে গুৱাহাটী আৰু শিলচৰৰ মাজত যাতায়াতৰ সুবিধাৰ বাবে অসম পর্যটন উন্নয়ন নিগমে (এটিডিচি) বিশেষ বিমান সেৱাৰ ব্যৱস্থা কৰিছে (Emergency flight service between Guwahati and Silchar)।

ফ্লাই বিগৰ(FlyBig flight service in Assam) সহযোগত এটিডিচিয়ে(Assam Tourism Development Corporation) ১৮ আৰু ১৯ জুনত গুৱাহাটীৰ পৰা শিলচৰলৈ সন্ধিয়া ৬ বজাত আৰু শিলচৰৰ পৰা গুৱাহাটীলৈ সন্ধিয়া ৭-১০ বজাত এই বিমান সেৱাৰ ব্যৱস্থা কৰিছে । ২০ জুনৰ পৰা গুৱাহাটীৰ পৰা শিলচৰলৈ পুৱা ৭-৪৫ বজাত আৰু শিলচৰৰ পৰা গুৱাহাটীলৈ পুৱা ৮-৫৫ বজাত এই বিমান সেৱাৰ ব্যৱস্থা কৰা হৈছে ।

উল্লেখ্য যে, শিলচৰত জিলা উপায়ুক্তৰ কাৰ্যালয়ত এই বিমান সেৱাৰ বাবে টিকটৰ বিশেষ কাউণ্টাৰৰ ব্যৱস্থা কৰা হৈছে । সেইদৰে গুৱাহাটীৰ পল্টন বজাৰৰ পৰ্যটন ভৱনৰ ৰে’ড ৰিভাৰ ট্ৰেভেলছত (এটিডিচিৰ ইউনিট) ইচ্ছুক যাত্ৰীসকলে টিকট ক্ৰয় কৰিব পাৰিব । ইয়াৰ বাবে টিকটৰ মূল্য ৪ হাজাৰ টকা ধাৰ্য কৰা হৈছে (Flight fare between Guwahati and Silchar)।

যাত্ৰীসকলে ৮১৩৫৯-০২৯৭৩ নম্বৰত ফোন কৰি অথবা atdcflightservice@gmail.comত মেইল কৰিও টিকট বুক কৰিব পাৰিব বুলি সংশ্লিষ্ট কৰ্তৃপক্ষই জনাইছে । টিকট বুক কৰাৰ বাবে নগদ/কার্ড/ইউ পি আইযোগে ধন আদায় দিব পাৰিব । ৮১৩৫৯-০২৯৭৩ নম্বৰত ইউ পি আই পেমেণ্ট/গুগোল পে’ যোগে ধন আদায় দিব পাৰিব (Guwahati to Silchar flight booking)।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও ডিমা হাছাওত হোৱা ভয়াৱহ ভূমিস্ফলনৰ সময়ত চৰকাৰে বিমান সেৱাৰ ব্যৱস্থা কৰিছিল । সেইসময়ত টিকটৰ মূল্য তিনি হাজাৰ টকা ধাৰ্য কৰা হৈছিল ।

লগতে পঢ়ক: পুনৰ খুলি দিয়া হ’ল কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ চাৰিখন শ্লু’ইজ গেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.