ETV Bharat / city

নলবাৰীত বানত প্ৰাণ হেৰুৱালে এজনে

author img

By

Published : Jun 17, 2022, 10:47 PM IST

গৰু আনিবলৈ যাওঁতে বানত উটি গ’ল নলবাৰীৰ এজন লোক (One lost his life in flood in Nalbari)৷ কৰুণভাৱে মৃত্যু আকোঁৱালি লোৱা ভৱেশ ডেকা নামৰ লোকজন পেচাত আছিল এগৰাকী ৰিক্সাচালক ৷

One person died in floods in Nalbari
নলবাৰীত বানত প্ৰাণ হেৰুৱালে এজনে

নলবাৰী, 17 জুন: নলবাৰীত বানে প্ৰাণ ল’লে এজনৰ ৷ বানেকুছিৰ বৰগাছা চুবুৰীৰ ভৱেশ ডেকাৰ মৃত্যু ৷ গৰু আনিবলৈ যাওঁতে বানত উটি গৈ মৃত্যুক আঁকোৱালি ল’লে লোকজনে ৷ ৫২ বছৰীয়া ভৱেশ ডেকা পেচাত আছিল এগৰাকী ৰিক্সাচালক ৷ পত্নী আৰু এগৰাকী পুত্ৰৰে সাধাৰণ জীৱন ধাৰণ কৰিছিল লোকজনে ৷ গৰু আনিবলৈ যাওঁতেই হঠাৎ বানত উটি গৈ কৰুণ মৃত্যুক আকোঁৱালি লয় লোকজনে ৷ ভৱেশ ডেকাৰ মৃত্যুত শোকত ভাঙি পৰিছে পৰিয়াল ৷

উল্লেখ্য যে, আন জিলাসমূহৰ লগতে নলবাৰী জিলাতো বান পৰিস্থিতিয়ে বিৰূপ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে (Flood in Nalbari district of Assam)৷ সম্প্ৰতি, বানৰ কৱলত নলবাৰী জিলাৰ ঘগ্ৰাপাৰ অঞ্চল ৷ প্ৰৱল বৃষ্টিপাতৰ ফলত উটি গ'ল ঘগ্ৰাপাৰ কাটকীয়াস্থিত দামোদৰ ধাম পথৰ পৰা ঘগ্ৰাপাৰ চ'কৰ সংযোগী পকী দলঙৰ আগৰ অংশ ৷ বাঢ়নী পানীয়ে দলঙখন ছিঙি নিয়াৰ ফলত যাতায়তৰ ক্ষেত্ৰত যথেষ্ঠ অসুবিধাৰ সন্মূখীন হৈছে অঞ্চলটোৰ স্থানীয় ৰাইজ(Flood damaged Nalbari Bridge) ৷

ভিন্ন প্ৰান্তৰ লগতে পশ্চিম নলবাৰীতো অব্যাহত আছে বানৰ তাণ্ডৱ । অঞ্চলটোৰ কেবাঠাইতো মথাউৰি ছিগি প্লাৱিত হৈছে বিস্তীৰ্ণ অঞ্চল । ওখ ঠাই, বিদ্যালয়গৃহত ৰাইজে লৈছে আশ্ৰয় ।

ইফালে নলবাৰী-হাজো সীমান্তত ছিগিল বৰলীয়া নৈৰ মথাউৰি (Nalbari submerged in Flood)। ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে হাজাৰ হাজাৰ ৰাইজৰ । বৰলীয়া নৈৰ মথাউৰি ছিঙি মূহুৰ্ততে প্লাৱিত কৰিলে নলবাৰী আৰু কমৰচপৰ হাজো সীমান্তৱৰ্তী কেইবাখনো গাঁ‌ও । বানৰ ভয়ংকৰ ৰূপ দেখি ৰাইজে ইতিমধ্য় টালি-টোপোলা লৈ নিৰাপদ স্থানলৈ গমন কৰিছে ।

লগতে পঢ়ক : বানৰ সংহাৰ: লখিমপুৰত বানৰ কৱলত ৬৬ খন গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.