ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Jun 17, 2022, 9:03 AM IST

9 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 9 AM
9 বজাৰ শীৰ্ষ দহটা বাতৰি

কপিলীৰ বুকুত কান্দোনৰ ৰোল: আশ্ৰয় শিৱিৰলৈ অহাৰ সময়তে প্ৰাণ হেৰুৱালে শিশুসহ মহিলাই

কপিলীৰ বুকুত মৰণকাতৰ চিঞৰ (Boat accident in Kapili river) ৷ আশ্ৰয় শিৱিৰলৈ আহি থকা অৱস্থাত প্ৰাণ হেৰুৱালে চাৰিবছৰীয়া শিশুসহ এগৰাকী মহিলা (2 died in Boat accident) ৷

প্ৰতীক হাজেলাৰ বিৰুদ্ধে আকৌ এজাহাৰ: কোন এই প্ৰলয় শীল ? কোন সাংবাদিকে সংগ দিছিল হাজেলাক ?

এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ নামত সংঘটিত হৈছিল এক বৃহৎ বিত্তীয় কেলেংকাৰী । প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে আন কেতবোৰ গুৰুতৰ অভিযোগ তুলি আকৌ এজাহাৰ দাখিল কৰিছে বৰ্তমানৰ প্ৰকল্প সমন্বয়ক হিতেশ দেৱশৰ্মাই ।

চূণশিল আৰু লৌহ আকৰিক ব্লক নিলাম: ৪৬,০০০ কোটি ৰাজহ আহৰণৰ লক্ষ্য

ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আৰু উদ্যোগসমূহৰ প্ৰতিনিধি, আগশাৰীৰ উদ্যোগপতি আৰু বিনিয়োগকাৰী সকলৰ সৈতে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক । ভূতত্ত্ব আৰু খনি সঞ্চালকালয় আৰু এছ বি আই কেপিটেল মাৰ্কেটছ লিমিটেডৰ মাজত এখন বুজাবুজি চুক্তি স্বাক্ষৰ ।

নলবাৰী জিলাত ১৮ জুনলৈকে বন্ধ থাকিব শিক্ষানুষ্ঠান

নলবাৰীত বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুৰ্যোগ প্ৰশমন বিভাগে ১৮ জুনলৈকে সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰে (Nalbari District disaster management announces to close all educational institutes on Saturday) ।

অসম চুক্তি ৰূপায়ণ উপ-সমিতিৰ চতুৰ্থলানি বৈঠক: ৬ নং দফা সন্দৰ্ভত আলোচনা

অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাৰ পৌৰহিত্যত জনতা ভৱনত উপ-সমিতিৰ বৈঠক । অসম চুক্তিৰ আন দফাসমূহৰ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত এক সময় নিৰ্ধাৰিত কৰ্মসূচী প্ৰস্তুত কৰাৰ সন্দৰ্ভত পৰ্যালোচনা । চুক্তিখনৰ দফাসমূহৰ ফলপ্ৰসূ কাৰ্যকৰীকৰণৰ ৰূপৰেখা প্ৰস্তুতৰ বাবে আছুৰ সৈতে শীঘ্ৰে পুনৰ আলোচনাত মিলিত হোৱাৰ সিদ্ধান্ত গ্ৰহণ ।

মহানগৰীত শুকুৰবাৰেও বন্ধ থাকিব শিক্ষানুষ্ঠান

মহানগৰীত পুনৰ শুকুৰবাৰেও বন্ধ থাকিব শিক্ষানুষ্ঠান (Close all educational institutes on Friday) ৷ কৃত্ৰিম বানে ভয়াবহ ৰূপ ধাৰণ কৰাত (Artifical flood in Guwahati) শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখাৰ পৰামৰ্শ দিছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই ৷

দৰঙৰ পিপৰা দোকানৰ পৰা শাকতোলালৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত যানবাহনৰ চলাচলত নিষেধাজ্ঞা

দৰঙত বানৰ ফলত পিপৰা দোকানৰ পৰা শাকতোলালৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত যানবাহনৰ চলাচলত প্ৰশাসনে নিষেধাজ্ঞা জাৰী কৰিছে (Close road connecting Pipora dokan to Saktola) ৷ লগতে বানাক্ৰান্ত লোকসকলক খাদ্যবস্তুকে ধৰি পশুখাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰাৰ বাবে নিৰ্দেশ দিছে জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই ।

Tripura Bye election 2022 : ত্ৰিপুৰাত শাসকীয় বিজেপিৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছৰ অভিযোগনামা প্ৰকাশ

ত্ৰিপুৰা চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল তৃণমূল কংগ্ৰেছ দল । উপ-নিৰ্বাচনৰ পূৰ্বে তৃণমূল কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে প্ৰকাশ কৰিলে অভিযোগনামা (TMC launches chargesheet ahead of Tripura bye election)। অভিযোগনামাত বিজেপিৰ বিফলতাৰ বিভিন্ন দিশ উন্মোচন কৰিলে টিএমচিয়ে ।

Bulldozers reign in BJP ruled state : বুলডোজাৰৰ ৰাজত্ব

সম্প্ৰতি বিভিন্ন বিজেপি শাসিত ৰাজ্যবোৰত বুলডোজাৰ অতি সক্ৰিয় হৈ উঠিছে (Bulldozers reign in BJP ruled state)। প্ৰতিবাদকাৰীয়ে হওঁক বা বিৰোধীয়ে হওঁক, চৰকাৰৰ বিৰুদ্ধে মাত মাতিলেই তেওঁলোকৰ ঘৰত চলে এই বুলডোজাৰ । একাংশ ৰাজ্যৰ চৰকাৰে বুলডোজাৰক আহিলা হিচাপে গ্ৰহণ কৰাও পৰিলক্ষিত হৈছে ।

ধৰ্মীয় সংঘাত আৰু হিংসাৰ ওপৰত মন্তব্য কৰি বিতৰ্কত সোমাল সাই পল্লৱী

কাশ্মীৰী পণ্ডিতসকলৰ প্ৰস্থানৰ বেদনাক আন এটা ঘটনাৰ সৈতে তুলনা কৰি দক্ষিণৰ অভিনেত্ৰী সাই পল্লৱী সোমাই পৰিল বিতৰ্কত (Sai Pallavi statement on Kashmiri Pandits) । এতিয়া সামাজিক মাধ্যমত অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে একাংশ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.