ETV Bharat / state

কপিলীৰ বুকুত কান্দোনৰ ৰোল: আশ্ৰয় শিৱিৰলৈ অহাৰ সময়তে প্ৰাণ হেৰুৱালে শিশুসহ মহিলাই

author img

By

Published : Jun 17, 2022, 7:45 AM IST

Updated : Jun 17, 2022, 1:12 PM IST

কপিলীৰ বুকুত মৰণকাতৰ চিঞৰ (Boat accident in Kapili river) ৷ আশ্ৰয় শিৱিৰলৈ আহি থকা অৱস্থাত প্ৰাণ হেৰুৱালে চাৰিবছৰীয়া শিশুসহ এগৰাকী মহিলা (2 died in Boat accident) ৷

2-dead-in-boat-accident-in-hojai
কপিলীৰ বুকুত কান্দোনৰ ৰোল

হোজাই, 17 জুন : ৰাজ্যত অব্যাহত আছে বানৰ বিধ্বস্ত ৰূপ (Flood in Kapili river) ৷ কপিলীৰ বাঢ়নি পানীত প্ৰাণ হেৰুৱালে চাৰিবছৰীয়া শিশুসহ এগৰাকী মহিলা ৷

হোজাইৰ যোগীজানত ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হয় (Boat accident in Hojai) ৷ জিলাখনৰ যোগীজানৰ ব্ৰজপুৰত বৃহস্পতিবাৰে সন্ধিয়া 16 গৰাকী লোক নাৱেৰে বানপীড়িত অঞ্চলৰ পৰা আশ্ৰয় শিৱিৰলৈ আহি থকাৰ পথত সংঘটিত হয় দুৰ্ঘটনাটো ৷

কপিলীৰ বুকুত কান্দোনৰ ৰোল

লগে লগে স্থানীয়ে লোকে 13 জন লোক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আনহাতে একেটা পৰিয়ালৰে চাৰিবছৰীয়া চেলিমা খাটুনসহ আনোৱাৰ খাতুন নামৰ এগৰাকী মহিলা মৃত্যু মুখত পৰে (2 died in Boat accident) ৷ এই দুৰ্ঘটনাত চিৰাজুল হক নামৰ এজন এতিয়াও সন্ধানহীন হৈ আছে ।

সম্প্ৰতি হোজাই জিলা প্ৰশাসনে দুৰ্ঘটনাত উদ্ধাৰ হোৱা লোকসকলক হোজাই অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ৷ উল্লেখ্য যে হোজাইত জিলাত বছৰটোৰ দ্বিতীয়টো বানে ভয়াবহ ৰূপ ধাৰণ কৰিছে ৷ যোৱা বুধবাৰৰ নিশাৰ পৰা জিলাখনৰ কাষেৰে বৈ যোৱা কপিলী নৈৰ জলপৃষ্ঠ বঢ়াৰ ফলত নৈপৰীয়া বিভিন্ন অঞ্চল জলমগ্ন হয় ৷

লগতে চাওক : লুইতৰ বুকুত কান্দোনৰ ৰোল : ধুমুহাই আগচিলে যাত্ৰীবাহী লঞ্চ

Last Updated :Jun 17, 2022, 1:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.