ETV Bharat / city

মহানগৰীত শুকুৰবাৰেও বন্ধ থাকিব শিক্ষানুষ্ঠান

author img

By

Published : Jun 16, 2022, 9:19 PM IST

kamrup-district-administration-announces-to-close-all-educational-institutes-on-friday
মহানগৰীত শুকুৰবাৰেও বন্ধ থাকিব শিক্ষানুষ্ঠান

মহানগৰীত পুনৰ শুকুৰবাৰেও বন্ধ থাকিব শিক্ষানুষ্ঠান (Close all educational institutes on Friday) ৷ কৃত্ৰিম বানে ভয়াবহ ৰূপ ধাৰণ কৰাত (Artifical flood in Guwahati) শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখাৰ পৰামৰ্শ দিছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই ৷

গুৱাহাটী, 16 জুন: প্ৰতিকুল বতৰৰ বাবে বিগত দুদিন ধৰি কামৰূপ মহানগৰ জিলাত শিক্ষানষ্ঠানসমূহ বন্ধ ৰখাৰ পিছত শুকুৰবাৰেও কামৰূপ মহানগৰ জিলাত সকলো বিদ্যালয়/ মহাবিদ্যালয় (চৰকাৰী আৰু ব্যক্তিগত) শুক্ৰবাৰেও বন্ধ ৰখাৰ পৰামৰ্শ দিছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই ।

বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা শুকুৰবাৰে কামৰূপ মহানগৰ জিলাত নেৰানেপেৰা বৰষুণ হ’ব বুলি জনোৱাত উপায়ুক্তগৰাকীয়ে এই নিৰ্দেশনা জাৰী কৰিছে (Kamrup District Administration announces to close all educational institutes on Friday) ৷ অৱশ্যে ইতিমধ্যে নিৰ্ধাৰিত হৈ থকা পৰীক্ষাসমূহ চলি থাকিব পাৰিব বুলি উপায়ুক্তগৰাকীয়ে জনায় । উল্লেখ্য যে, মঙলবাৰৰ পৰা অহা ধাৰাষাৰ বৰষূণৰ ফলত মহানগৰীত সম্প্ৰতি কৃত্ৰিম বানে সংহাৰী ৰূপ ধাৰণ কৰিছে (Guwahati flood updates) ।

মহানগৰৰ স্বাভাবিক জীৱন যাত্ৰা স্তব্ধ হৈ পৰিছে এই বানৰ ফলত । জলবন্দী হৈ পৰিছে মহানগৰবাসী (Artifical flood in Guwahati) ৷ মহানগৰীৰ বিভিন্ন ঠাইত এতিয়াও বহু লোক আশ্ৰয় শিবিৰত আছে । ইতিমধ্যে মহানগৰীৰৰ পশ্চিম বৰাগাঁৱত হোৱা ভয়াৱহ ভূমিস্খলনৰ ফলত ৪ জন লোকে প্ৰাণ হেৰুৱাইছে (Landslide in Guwahati) ।

লগতে পঢ়ক : কংগ্ৰেছে ৰাজ্যপালক দিলে দুখনকৈ স্মাৰক পত্র

সম্প্ৰতি ভূমিস্খলন প্ৰৱণ/ জলমগ্ন এলেকাৰ পৰা নিৰাপদ স্থানত অৱস্থান কৰিবৰ বাবে আহ্বান জনাই জিলা প্ৰশাসনে । লগতে যিকোনো জৰুৰী অৱস্থাৰ বাবে গুৱাহাটী ৰাজহ চক্ৰ বিষয়াক ৯৫০৮২-০৯৬৮৬/ ফিল্ড অফিচাৰ গুৱাহাটী (DDMA) ক ৯৭০৭৭-২৭৪২২ অথবা দিছপুৰ ৰাজহ চক্ৰ বিষয়াক ৮৩৭৬০-২৯৯৮৪/ ফিল্ড অফিচাৰ দিছপুৰ (DDMA) ক ৮৮৭৬০-৮৬৪৮৮ নম্বৰত অথবা প্ৰশাসনৰ ট’ল ফ্ৰী নং ১০৭৭/৯৩৬৫৪-২৯৩১৪ নম্বৰত যোগাযোগ কৰিব পাৰে । প্ৰশাসনে সকলো সময়তে সহায় কৰিবলৈ প্ৰস্তুত বুলি জনাইছে ।

ইপিনে প্ৰতিকুল বতৰৰ পৰিপেক্ষিতত কামৰূপ জিলাৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰধিকাৰীৰ অধ্যক্ষ কৈলাশ কাৰ্তিকে উত্তৰ কামৰূপৰ উত্তৰ গুৱাহাটী, হাজো, কমলপুৰ, ৰঙিয়া আৰু কঞা ৰাজহ চক্ৰ এলেকাৰ অধীনৰ সকলো চৰকাৰী আৰু বেচৰকাৰী শৈক্ষিক প্ৰতিষ্ঠান ১৭ জুন আৰু ১৮ জুনত বন্ধৰ ঘোষণা কৰিছে ।

অৱশ্যে এই দুয়োটা দিনতে পূৰ্ব নিৰ্দ্ধাৰিত সূচীমতে পৰীক্ষা সমূহ চলিব । আনহাতে প্ৰতিকুল বতৰৰ বাবে বৰপেটা জিলাকে ধৰি ৰাজ্যৰ কেবাখনো জিলাত শৈক্ষিক প্ৰতিষ্ঠান ১৭ জুনলৈ বন্ধৰ ঘোষণা কৰিছে ।

লগতে পঢ়ক : বানত বুৰিছে 18 খন জিলা : বিপদসীমাৰ ওপৰেৰে বৈছে মানাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.