ETV Bharat / state

দৰঙৰ পিপৰা দোকানৰ পৰা শাকতোলালৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত যানবাহনৰ চলাচলত নিষেধাজ্ঞা

author img

By

Published : Jun 16, 2022, 10:20 PM IST

দৰঙত বানৰ ফলত পিপৰা দোকানৰ পৰা শাকতোলালৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত যানবাহনৰ চলাচলত প্ৰশাসনে নিষেধাজ্ঞা জাৰী কৰিছে (Close road connecting Pipora dokan to Saktola) ৷ লগতে বানাক্ৰান্ত লোকসকলক খাদ্যবস্তুকে ধৰি পশুখাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰাৰ বাবে নিৰ্দেশ দিছে জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই ।

Darrang District Administration announces to close road connecting Pipora dokan to Saktola
দৰঙৰ পিপৰা দোকানৰ পৰা শাকতোলালৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত যানবাহনৰ চলাচলত নিষেধাজ্ঞা

দৰং, 16 জুন: ৰাজ্যত সম্প্ৰতি বানে ভয়াবহ ৰূপ ধাৰণ কৰিছে (Floods in Assam) ৷ সমান্তৰালভাৱে দৰং জিলাতো বান পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Flood situation remains critical in Darrang ) ৷ জিলাখনৰ দলগাঁও, মঙলদৈ, পাথৰিঘাট আৰু ছিপাঝাৰ ৰাজহ চক্ৰৰ সম্প্ৰতি 152 খন গাঁও বানৰ কৱলত পৰিছে ৷ লগতে বানত জিলাখনৰ ১,০০,২৩৬ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে ৷

Darrang District Administration announces to close road connecting Pipora dokan to Saktola
দৰঙৰ পিপৰা দোকানৰ পৰা শাকতোলালৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত যানবাহনৰ চলাচলত নিষেধাজ্ঞা

এইসমূহ ৰাজহ চক্ৰৰ অন্তৰ্গত ৪১৪৯.৫১ হেক্টৰ কৃষিভূমি বানত প্লাবিত হৈছে । তদুপৰি ৫২,১২১ টা পশুধন বানৰ কৱলত পৰিছে । তাৰোপৰি বানে উটুৱাই লৈ যায় পিপৰা দোকানৰ পৰা শাকতোলালৈ যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো (Flood washes out road in Darrang) ৷ বৰ্তমান ঘাইপথটোৰ ওপৰত একঁকাল পানী হোৱা দেখা গৈছে ।

Darrang District Administration announces to close road connecting Pipora dokan to Saktola
দৰঙৰ পিপৰা দোকানৰ পৰা শাকতোলালৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত যানবাহনৰ চলাচলত নিষেধাজ্ঞা

ফলত জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই (Darrang District Administration) এক নিৰ্দেশযোগে মঙলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত এই পথছোৱাত বৃহস্পতিবাৰৰ পৰা বলবৎ হোৱাকৈ যানবাহনৰ চলাচলত বাধা আৰোপ কৰিছে (Close road connecting Pipora dokan to Saktola) । লগতে জিলা উপায়ুক্তগৰাকীয়ে বানাক্ৰান্ত লোকসকলক খাদ্যবস্তুকে ধৰি পশুখাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰাৰ বাবে নিৰ্দেশ দিছে ।

ইতিমধ্যে পাথৰিঘাট ৰাজহ চক্ৰৰ অধীনত প্ৰশাসনৰ দ্বাৰা স্থাপিত এটা সাহাৰ্য কেন্দ্ৰত বানাক্ৰান্ত লোকক সাহাৰ্য প্ৰদান কৰি থকা হৈছে ।

লগতে পঢ়ক: মহানগৰীত শুকুৰবাৰেও বন্ধ থাকিব শিক্ষানুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.